জটিল ৰোগত আক্ৰান্ত স্বামী-পুত্ৰক লৈ চাৰিওফালে আন্ধাৰ দেখা মাজুলীৰ এগৰাকী মহিলাৰ জীয়া কাহিনী এয়া। মহিলাগৰাকীৰ নাম তুলুমনি শইকীয়া । ঘৰ উজনি মাজুলীৰ চিৰাং ডুবিঘাট গাৱঁত। তেওঁ খুজি-মাগি জটিল ৰোগত আক্ৰান্ত হৈ থকা ৪ বছৰীয়া পুত্ৰক চিকিৎসা কৰি আছিল। তেনেতে দিন হাজিৰা কৰি পৰিয়ালটো কোনোমতে পোহপাল দিয়া তথা একমাত্ৰ উপাৰ্জনকাৰী ৪৭ বছৰীয়া গিৰীয়েকো আক্ৰান্ত হয় জটিল ৰোগত। ফলত অসহায় তুলুমণি শইকীয়াই প্ৰায় দিকবিদিক হেৰুৱাই পেলাইছে।
দিশহাৰা তুলুমণিয়ে তিল তিলকৈ ৰোগে গ্ৰাস কৰা পুত্ৰ-স্বামীক সন্মুখত লৈ চকুলোৰে বাট নেদেখা হৈছে। সন্মুখত নাই একো অন্য পথ। বিবেচনা শক্তি হেৰুৱাই নিজৰ সাত বছৰীয়া কন্যাকে বিক্ৰী কৰিবলৈ ওলাইছে তুলুমণিয়ে।
উল্লেখযোগ্য যে নিজা মাটি-বাৰী নথকা পৰিয়ালটো মুৰব্বীজনে আনৰ ঘৰত হাল-কোৰ বাই দুবেলা দুমুঠি গোটাই যেনেতেনে চলাই ৰাখিছিল। কিন্তু ফুলকুমলীয়া বয়সতে তেওঁলোকৰ পুত্ৰ সন্তানটো হৃদৰোগত আক্ৰান্ত হয়। পুত্ৰৰ জীৱন-মৰণৰ যুঁজৰ মাজতে এতিয়া পুনৰ ৰমেশ শইকীয়াৰ শৰীৰত এক দুৰাৰোগ্য ৰোগে দেখা দিয়ে। তেওঁকো দুমাহ মানৰ আগৰে পৰা ডিব্ৰুগড়-যোৰহাটলৈ নি চিকিৎসা কৰি আছে যদিও মগজুৰ এক জটিল অস্ত্ৰোপচাৰৰ বাবে বহুখিনি ধনৰ প্ৰয়োজন হৈছে। পত্নী তুলুমণিয়ে কান্দি কান্দি এই প্ৰতিবেদকৰ আগত কয়, “মোৰ স্বামী আৰু ল’ৰাটোক চিকিৎসা কৰিবলৈ মোৰ সাত বছৰীয়া ছোৱালীজনীকে বিক্ৰী কৰিব বিচাৰো। তাইক বিক্ৰী কৰি হ’লেও দেউতাকক সুস্থ কৰি তুলিব বিচাৰো। মোৰ মানুহজনেই যদি নাথাকে এই সংসাৰত আমি তিনিটা প্ৰাণী জীয়াই থাকি কি কৰিম?”
তেওঁ জনোৱামতে, ঘৰৰ লাম-লাকটু বিক্ৰী কৰি পোৱা টকাকেইটা পুত্ৰৰ লগত কেতিয়াবাই খৰচ হৈ শেষ হয়। এতিয়া দৰৱ কিনিবলৈও হাতত টকা নাই। এনে অৱস্থাত পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জক ৰমেশ শইকীয়াৰ চিকিৎসাৰ খৰচ ক’ত পাব তাকে ভাবি মূৰে-কপালে হাত দিছে মানুহগৰাকীয়ে। পৰিয়ালটোক এই দুৰ্য্যোগৰ পৰা উদ্ধাৰ হোৱাত সামান্য সহায় কৰিবৰ বাবে অসমবাসীৰ ওচৰত কাতৰভাৱে অনুৰোধ কৰিছে।
হৃদয়ৱান কোনো লোকে পৰিয়ালটোক সহায় কৰিব বিচাৰিলে তুলুমণি শইকীয়াৰ নামত থকা অসম গ্ৰামীণ বিকাশ বেংকৰ ৭২০৯০২৬০১৭০৬০ নম্বৰৰ একাউণ্ট বা এছ বি আইৰ একাউণ্ট নম্বৰ ৩৬৫৩৬৫৯৩৪১৫ ত সাহায্য জমা কৰিব পাৰিব। অধিক জানিবৰ বাবে ৯৭০৭২৫৪৫৪৮ আৰু ৭০৮৬৭৪৬৮৪ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি জনাইছে।
আনহাতে স্থানীয় ৰাইজে পৰিয়ালটোক সহায় কৰিবলৈ চৰকাৰক আহ্বান জনাইছে। মুখ্য মন্ত্ৰীৰ নিজা সমষ্টিৰ এই দুৰ্ভগীয়া পৰিয়ালটোৰ প্ৰতি ব্যক্তিগতভাৱেও কৃপাদৃষ্টি দিবলৈ মুখ্য মন্ত্ৰীক অনুৰোধ জনাইছে।