• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জটিল ৰোগত আক্ৰান্ত স্বামী-পুত্ৰক বচাবলৈ নিজৰ কন্যাক বিক্ৰীৰ পৰিকল্পনা অসহায় মহিলাৰ

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
June 8, 2018 6:46 pm
TulumoniSaikia

দুই এমা-ডিমা সন্তানৰ সৈতে উজনি মাজুলীৰ চিৰাং ডুবিঘাট গাৱঁৰ তুলুমণি শইকীয়া।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জটিল ৰোগত আক্ৰান্ত স্বামী-পুত্ৰক লৈ চাৰিওফালে আন্ধাৰ দেখা মাজুলীৰ এগৰাকী মহিলাৰ জীয়া কাহিনী এয়া। মহিলাগৰাকীৰ নাম তুলুমনি শইকীয়া । ঘৰ উজনি মাজুলীৰ চিৰাং ডুবিঘাট গাৱঁত। তেওঁ খুজি-মাগি জটিল ৰোগত আক্ৰান্ত হৈ থকা ৪ বছৰীয়া পুত্ৰক চিকিৎসা কৰি আছিল। তেনেতে দিন হাজিৰা কৰি পৰিয়ালটো কোনোমতে পোহপাল দিয়া তথা একমাত্ৰ উপাৰ্জনকাৰী ৪৭ বছৰীয়া গিৰীয়েকো আক্ৰান্ত হয় জটিল ৰোগত। ফলত অসহায় তুলুমণি শইকীয়াই প্ৰায় দিকবিদিক হেৰুৱাই পেলাইছে।

দিশহাৰা তুলুমণিয়ে তিল তিলকৈ ৰোগে গ্ৰাস কৰা পুত্ৰ-স্বামীক সন্মুখত লৈ চকুলোৰে বাট নেদেখা হৈছে। সন্মুখত নাই একো অন্য পথ। বিবেচনা শক্তি হেৰুৱাই নিজৰ সাত বছৰীয়া কন্যাকে বিক্ৰী কৰিবলৈ ওলাইছে তুলুমণিয়ে।

Apply Now

উল্লেখযোগ্য যে নিজা মাটি-বাৰী নথকা পৰিয়ালটো মুৰব্বীজনে আনৰ ঘৰত হাল-কোৰ বাই দুবেলা দুমুঠি গোটাই যেনেতেনে চলাই ৰাখিছিল। কিন্তু ফুলকুমলীয়া বয়সতে তেওঁলোকৰ পুত্ৰ সন্তানটো হৃদৰোগত আক্ৰান্ত হয়। পুত্ৰৰ জীৱন-মৰণৰ যুঁজৰ মাজতে এতিয়া পুনৰ ৰমেশ শইকীয়াৰ শৰীৰত এক দুৰাৰোগ্য ৰোগে দেখা দিয়ে। তেওঁকো দুমাহ মানৰ আগৰে পৰা ডিব্ৰুগড়-যোৰহাটলৈ নি চিকিৎসা কৰি আছে যদিও মগজুৰ এক জটিল অস্ত্ৰোপচাৰৰ বাবে বহুখিনি ধনৰ প্ৰয়োজন হৈছে। পত্নী তুলুমণিয়ে কান্দি কান্দি এই প্ৰতিবেদকৰ আগত কয়, “মোৰ স্বামী আৰু ল’ৰাটোক চিকিৎসা কৰিবলৈ মোৰ সাত বছৰীয়া ছোৱালীজনীকে বিক্ৰী কৰিব বিচাৰো। তাইক বিক্ৰী কৰি হ’লেও দেউতাকক সুস্থ কৰি তুলিব বিচাৰো। মোৰ মানুহজনেই যদি নাথাকে এই সংসাৰত আমি তিনিটা প্ৰাণী জীয়াই থাকি কি কৰিম?”

তেওঁ জনোৱামতে, ঘৰৰ লাম-লাকটু বিক্ৰী কৰি পোৱা টকাকেইটা পুত্ৰৰ লগত কেতিয়াবাই খৰচ হৈ শেষ হয়। এতিয়া দৰৱ কিনিবলৈও হাতত টকা নাই। এনে অৱস্থাত পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জক ৰমেশ শইকীয়াৰ চিকিৎসাৰ খৰচ ক’ত পাব তাকে ভাবি মূৰে-কপালে হাত দিছে মানুহগৰাকীয়ে। পৰিয়ালটোক এই দুৰ্য্যোগৰ পৰা উদ্ধাৰ হোৱাত সামান্য সহায় কৰিবৰ বাবে অসমবাসীৰ ওচৰত কাতৰভাৱে অনুৰোধ কৰিছে।

হৃদয়ৱান কোনো লোকে পৰিয়ালটোক সহায় কৰিব বিচাৰিলে তুলুমণি শইকীয়াৰ নামত থকা অসম গ্ৰামীণ বিকাশ বেংকৰ ৭২০৯০২৬০১৭০৬০ নম্বৰৰ একাউণ্ট বা এছ বি আইৰ একাউণ্ট নম্বৰ ৩৬৫৩৬৫৯৩৪১৫ ত সাহায্য জমা কৰিব পাৰিব। অধিক জানিবৰ বাবে ৯৭০৭২৫৪৫৪৮ আৰু ৭০৮৬৭৪৬৮৪ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি জনাইছে।

আনহাতে স্থানীয় ৰাইজে পৰিয়ালটোক সহায় কৰিবলৈ চৰকাৰক আহ্বান জনাইছে। মুখ্য মন্ত্ৰীৰ নিজা সমষ্টিৰ এই দুৰ্ভগীয়া পৰিয়ালটোৰ প্ৰতি ব্যক্তিগতভাৱেও কৃপাদৃষ্টি দিবলৈ মুখ্য মন্ত্ৰীক অনুৰোধ জনাইছে।

মিটু খাটনিয়াৰ

মিটু খাটনিয়াৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd