• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জনসম্পৰ্ক অভিযান : নগাঁৱৰ তিনিগৰাকী বিশিষ্ট ব্যক্তিক সাক্ষাৎ মুখ্য মন্ত্ৰী সোণোৱালৰ

মিণ্টু দাস by মিণ্টু দাস
June 21, 2018 9:49 pm
CM-Jansampark 3
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সম্প্ৰতি দেশজুৰি বিজেপিৰ ৰাষ্ট্ৰীয় সমিতিয়ে চলোৱা জনসম্পৰ্ক অভিযানৰ অংশ হিচাপে অসমৰ মুখ্য মন্ত্ৰী সোণোৱালে নগাঁও চহৰৰ বিশিষ্ট ব্যক্তি  তিনিগৰাকীক সাক্ষাৎ কৰি অসমৰ জাতীয় স্বাৰ্থ, সমস্যা আদিকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত তেওঁলোকৰ দৃষ্টিভঙ্গী আৰু মতামত জানিব বিচাৰে।

আজি পুৱা ১১-৩০ বজাত নগাঁও চহৰৰ ৰত্নপুৰৰ বাসিন্দা বিশিষ্ট সাহিত্যিক উপেন্দ্ৰ বৰকটকীৰ বাসগৃহত উপস্থিত হৈ মুখ্য মন্ত্ৰীগৰাকীয়ে বৰ্ষীয়ান সাহিত্যিকগৰাকীৰ লগত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে।

Apply Now

মুখ্য মন্ত্ৰী সোণোৱালৰ লগতে কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁই, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাস আদিয়ে বৰ্ষীয়ান সাহিত্যিক উপেন্দ্ৰ বৰকটকীৰ লগত ৰাজ্যখনৰ ভাষা, সংস্কৃতিকে ধৰি বিভিন্ন বিষয়াৰ ওপৰত আলোচনা কৰে।

মুখ্য মন্ত্ৰী সোণোৱালে চৰকাৰে ৰূপায়ণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনিৰ উপৰি জাতীয় কেতবোৰ বিষয়ৰ ওপৰত সাহিত্যক বৰকটকীৰ লগত আলোচনা কৰাৰ লগতে সাহিত্যিকগৰাকীৰ মতামত আৰু পৰামৰ্শ জানিব বিচাৰে।

আনহাতে সাহিত্যিক উপেন্দ্ৰ বৰকটকীয়ে জনসম্পৰ্ক ৰক্ষা কৰাৰ বাবে মুখ্য মন্ত্ৰীক ধন্যবাদ জনোৱাৰ লগতে বিভিন্ন ব্যক্তিয়ে আগবঢ়োৱা যোগাত্মক পৰামৰ্শসমূহ কাৰ্যকৰী কৰিলে বিশেষ ফলপ্ৰসু হ’ব বুলি মুখ্য মন্ত্ৰীক জানিবলৈ দিয়ে।

আনহাতে সাম্প্ৰতিক সময়ত নিজৰ ভাষা, সংস্কৃতিক লৈ অসমীয়া মানুহ উদ্বিগ্ন আৰু চিন্তিত হৈ থকাৰ সময়তে সাহিত্যিক বৰকটকীয়ে নিজৰ অভিমত দাঙি ধৰি কয় যে ভাষাক লৈ আমাৰ অসমীয়া জাতীয়তাবাদ গঢ় লৈ উঠিছে। সংযোগী ভাষা হিচাপে এসময়ত অসমীয়া ভাষাই বহু কাম কৰিছিল। আনকি বিধায়ক হৈ থাকোতে গোবিন্দ পৈৰাই নগালেণ্ডৰ বিধান সভাত অসমীয়া ভাষাত বক্তৃতা দিছিল।

প্ৰসংগক্ৰমে সাহিত্যিক বৰকটকীয়ে সম্প্ৰতি চৰ অঞ্চলত অসমীয়া ভাষাৰ চৰ্চা অধিক বুলি উল্লেখ কৰি অসমীয়া মাধ্যমৰ বিদ্যালয় চৰ অঞ্চলতহে বৰ্তি থকা বুলিও মুখ্য মন্ত্ৰীৰ আগত মত প্ৰকাশ কৰে।

ইয়াৰ পাছতে নগাঁৱৰ বিশিষ্ট শিক্ষাবিদ তথা সাহিত্যিক, সমালোচক জ্যোৰ্তিময় জানাৰ মিলনপুৰস্থ বাসভৱনলৈ গৈ মুখ্যমন্ত্ৰীগৰাকীয়ে জানাক সাক্ষাৎ কৰি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ উন্নয়নৰ বিষয়ে অৱগত কৰি মত বিনিময় কৰে।

এই সম্পৰ্কত জানাই জানিবলৈ দিয়ে যে, মুখ্য মন্ত্ৰীৰ দৃষ্টিভংগীৰ লগত মোৰ দৃষ্টিভংগীৰ অমিল আছে।  তেওঁ ব্যক্তিগত খণ্ডক শক্তিশালী কৰিব বিচৰা কাৰ্যক মই বিৰোধিতা কৰিছোঁ।

ইফালে দুৰ্নীতিৰ প্ৰসংগত মুখ্য মন্ত্ৰীয়ে দুৰ্নীতি কমিছে বুলি কৈছে কিন্তু জানাই মুখ্য মন্ত্ৰীক নিম্ন পৰ্যায়ত দুৰ্নীতি কমা নাই বুলি স্পষ্ট ৰূপত অৱগত কৰে। তাৰোপৰি তেওঁ মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে মুখ্য মন্ত্ৰীক পৰামৰ্শ দিয়ে।য

CM-Jansampark 2

আনহাতে জানাই নাগৰিকত্ব সংশোধনী সন্দৰ্ভত মুখ্য মন্ত্ৰীৰ স্থিতি জানিব বিচৰাত মুখ্য মন্ত্ৰীয়ে ৰাইজৰ সহমতৰ ভিত্তিত কাম কৰিব বুলি আশ্বাস প্ৰদান কৰে।

ইয়াৰ পুৰ্বে মুখ্য মন্ত্ৰীগৰাকীয়ে চহৰখনৰ বি বি ৰোডত থকা বিশিষ্ট শিক্ষাবিদ তথা প্ৰবীণ সাংবাদিক ড° আবু হানিফাৰ বাসভৱনত উপস্থিত হৈ চৰাকৰৰ কাম কাজ সন্দৰ্ভত মত বিনিময় কৰি তেওঁৰ পৰা পৰামৰ্শ গ্ৰহণ কৰে।

এই সন্দৰ্ভত ড০ হানিফাই সাংবাদিকক জানিবলৈ দি কয় যে মুখ্য মন্ত্ৰীয়ে সংখ্যালঘু এলেকাত ১৫ খন কলেজ  স্থাপনৰ কথা অৱগত কৰাত শিক্ষাবিদগৰাকীয়ে এয়া শিক্ষা প্ৰসাৰৰ বাবে ভাল পদক্ষেপ বুলি মন্তব্য কৰে।

তেওঁ লগতে কয় যে বৰ্তমান ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ আন্তঃগাঁ‌থনি আজিও উন্নত নহয়। বৰ্তমান ৰাজ্যখনত আঠশ কলেজ শিক্ষকৰ পদ খালি হৈ আছে।কলেজ শিক্ষকৰ পদ পূৰণৰ প্ৰক্ৰিয়া পূৰ্বতকৈ জটিল অৱস্থাত আছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে নজৰ দিয়া উচিত।

CM-Jansampark 1

অকল মেডিকেল কলেজ পাতিলে নহ’ব, ইয়াৰ আন্তঃগাঁ‌থনিৰ লগতে প্ৰয়োজনীয় চিকিৎসক আদিৰ ব্যৱস্থা কৰিব লাগিব। নগাঁও চহৰৰ বাট পথ, নলা-নৰ্দমাৰ দূৰৱস্থাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীক তেওঁ কয় যে চহৰখনৰ উন্নয়নৰ বাবে অকল ধন দিলেই নহ’ব, ইয়াৰ বাবে লাগিব মাষ্টাৰ প্লেন।

ইফালে আৰ এছ এছৰ প্ৰসংগত শিক্ষাবিদগৰাকীয়ে সোণোৱালক কয় যে আৰ এছ এছ আৰু দলৰ মাজৰ সম্পৰ্কত আমাৰ কোনো আপত্তি নাই। কিন্তু চৰকাৰে আৰ এছ এছৰ কাৰ্যালয়ত গৈ চৰকাৰৰ উন্নয়নৰ ক্ষতিয়ান দিয়াটো উচিত নহয়। অৱশ্যে মুখ্য মন্ত্ৰীৰ ওচৰলৈ তেওঁলোক আহিব পাৰে। চৰকাৰখন আমাৰ, চৰকাৰে এনে কৰিলে, আমাৰ স্বাভিমানত আঘাত লাগে।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd