জহি-খহি যোৱা পুৰণি ভৱনতে চলি আছে হাফলং কেন্দ্ৰীয় বিদ্যালয়ৰ পাঠদান : যিকোনো সময়তে সংঘটিত হ’ব পাৰে দুৰ্ঘটনা

haflong central school

হাফলং চৰকাৰী বাগানত থকা কেন্দ্ৰীয় বিদ্যালয়ৰ পুৰণি ভৱনটোত দীৰ্ঘদিনৰ পৰা পাঠদান কাৰ্য চলাই অহা কাৰ্যত শংকিত হৈছে বিদ্যালয়খনৰ শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱক। কিয়নো জহি-খহি যাবলৈ ধৰা এই পুৰণি ভৱনটো এতিয়া যিকোনো সময়তে দুৰ্ঘটনাত পতিত হোৱাৰ সম্ভাৱনাই গা কৰি উঠিছে।

উল্লেখ্য যে নতুন বিদ্যালয় ভৱনৰ নিৰ্মাণ কাম শেষ হোৱাৰ পাছতো কি কাৰনত সংশ্লিষ্ট কৰ্তৃপক্ষই বিদ্যালয়ৰ শ্ৰেণী কোঠা নতুন ভৱনলৈ লৈ যোৱাৰ ক্ষেত্ৰত ব্যৱস্থা লোৱা নাই তাক লৈ সচেতন মহলে বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে।

১৯৮৯ চনত হাফলং চৰকাৰী বাগানত(বৰ্তমান আচাম ৰাইফেলচ ক্যাম্পাচ) তেতিয়াৰ এছএছবি বাহিনীৰ ভবনত হাফলং কেন্দ্ৰীয় বিদ্যালয়ৰ যাত্ৰা আৰম্ভ হয়। জন্মলগ্নৰ পৰা বিদ্যালয়ৰ পাঠদান চলি আছে সেই পুৰণি ভৱনতেই।

স্মৰ্তব্য যে দীৰ্ঘ দিনৰ মুৰত আজিৰ পৰা তিনি চাৰি বছৰ আগতে কেন্দ্ৰীয় চৰকাৰৰ মানব সম্পদ উন্নয়ন মন্ত্ৰনালয়ৰ আবন্টিত ধনেৰে বিদ্যালয়ৰ নতুন ভবন নিৰ্মাণ কামৰ শুভাৰম্ভ হয় আৰু যোৱা এবছৰ আগতেই ভবন নিৰ্মাণৰ কাম সম্পন্ন হৈ উঠে।

কিন্তু নতুন ভৱনলৈ বিদ্যালয়খনৰ শ্ৰেণীকোঠা স্থানান্তৰ নকৰা কাৰ্যত এতিয়া ক্ষুব্ধ হৈছে সচেতন মহল। আনহাতে বিদ্যালয়খনৰ চেয়াৰমেন তথা জিলা উপায়ুক্ত দেবজ্যোতি হাজৰিকাই চলিত বছৰৰ জানুৱাৰি মাহৰ ভিতৰত ভৱনৰ নিৰ্মাণৰ অবশিষ্ট কাম সম্পন্ন কৰি নতুন শিক্ষা বৰ্ষৰ পৰা নতুন ভৱনত শ্ৰেণীকোঠা নিয়াৰ প্ৰস্তুতি চলোৱা হ’ব বুলিও উল্লেখ কৰিছিল।

কিন্তু এই পৰ্যন্ত খোৱা পানীৰ ব্যৱস্থা তথা অন্যান্য অসুবিধাৰ অজুহাত দেখুৱাই নতুন ভৱন বিদ্যালয় কৰ্তৃপক্ষই চমজি ল’ব পৰা নাই বুলি দায় সৰা মন্তব্য কৰে।

উল্লেখ্য যে যোৱা ৩ এপ্ৰিলৰ পৰা আৰম্ভ হৈছে নতুন শিক্ষা বৰ্ষ । ছাত্ৰ-ছাত্ৰীৰ সংখ্যাও বৃদ্ধি পাইছে। বৰ্তমান প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা পাঁচ শতাধিক হৈছে। কিন্তু ম্যাদ উকলী যোৱা বিদ্যালয় ভৱনক লৈ ছাত্ৰ-ছাত্ৰীসকলৰ অধিকাংশ  অভিভাৱকে এতিয়া গভীৰ চিন্তিত।