জাতিংগাত চিমেণ্ট ভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত

জাতিংগা-হাৰাংগাজাও ৰাষ্ট্ৰীয় ঘাইপথত মেৰামতি কৰি থকা কালভাৰ্ট ভাঙি দুৰ্ঘটনাত পতিত হৈছে এখন চিমেন্ট কঢ়িয়াই নিয়া ট্ৰাক। আজি ৰাতিপুৱা সাত মান বজাত ঘটনাটো সংঘটিত হয়। অবশ্যে উক্ত দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই।

দুৰ্ঘটনাটোৰ পিছত ঘাইপথটোৰ দুই পাৰে প্ৰায় শতাধিক যানবাহনৰ লানি লাগে। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষই অলপতে শিলচৰৰ লক্ষ্মী ম’টৰ্চ নামৰ ঠিকাদাৰি সংস্থাক ঘাইপথটোৰ  মেৰামতিৰ দায়িত্ব দিয়া হৈছিল যদিও কাম আগবঢ়াই নিবলৈ এক প্ৰকাৰ ব্যৰ্থ হোৱাত এনে সমস্যাৰ সৃষ্টি হৈছে। অভিযোগমতে কালভাৰ্ট মেৰামতি নকৰাৰ বাবেই ট্ৰাকখন দুৰ্ঘটনাত পতিত হয়।

আচলতে হাফলং-শিলচৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণক লৈ ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষৰ দায়বদ্ধতাৰ অভাৱ পৰিলক্ষিত হৈছে। যোৱা দুই বছৰ ধৰি কোনো ধৰণৰ মেৰামতি নেহোৱাৰ কাৰণে পথটোৰ দলং, কালভাৰ্ট বিলাকৰ অৱস্থা  শোচনীয় হৈ পৰিছে। বিভিন্ন দল সংগঠনে সময়ে সময়ে ধৰ্ণা, আন্দোলন কৰি আহিলেও ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষৰ হাফলং প্ৰজেক্ট ইমপ্লিমেন্ট ইউনিট চমুকৈ পিইইউৰ বিষয়া কৰ্মী সকলে কোনো গুৰুত্ব দিয়া নাই। যাৰ কাৰণে বিশেষকৈ জাতিংগা-হাৰাংগাজাও ঘাইপথটো অভিভাৱকহীন হৈ পৰিছে।

ৰাইজৰ অভিযোগ মতে আজিৰ পৰা প্ৰায় পোন্ধৰ দিন আগতে শিলচৰৰ লক্ষ্মী ম’টৰ্চ নামৰ ঠিকাদাৰী সংস্থাক জাতিংগা-হাৰাংগাজাও ঘাইপথটোৰ মেৰামতিৰ দায়িত্ব অৰ্পণ কৰা হৈছিল যদিও কাম আগবঢ়া নাই।

উল্লেখ্য যে ইয়াৰ আগতে উপৰোক্ত পথ নিৰ্মাণৰ দায়িত্ব তুলি দিয়া হৈছিল জেকেএম নামৰ ৰাজ্যৰ বাহিৰৰ এক ঠিকাদাৰী সংস্থাক। জেকেএম নামৰ সংস্থাটোৱে ২০১১ ৰ পৰা  ২০১৫ চন লৈকে কাম আগবঢ়াই নিয়াত ব্যৰ্থ হোৱাত ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষই জেকেএমৰ  ঠিকা বাতিল কৰে। কিন্তু ইয়াৰ পাছৰ পৰা ঘাইপথ চোৱাচিতাৰ কাৰণে কোনো নাছিল।

চলিত বছৰৰ এপ্ৰিল মাহত ঘাইপথৰ জৰাজীৰ্ণ অবস্থাৰ কাৰণে সুব্ৰত পাল নামৰ এগৰাকী শিক্ষকৰ মৃত্যু হৈছিল। কিন্তু তথাপি গা লৰা নাই ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষৰ। অলপতে ঘাইপথ কৰ্তৃপক্ষৰ মুখ্য মহা প্ৰৱন্ধক ৰাজ চক্ৰৱৰ্তীয়ে জাতিংগা-হাৰাংগাজাও ঘাইপথ পৰিদৰ্শন কৰিলেও মেৰামতিৰ কামত কিন্তু কোনো গতি পৰিলক্ষিত হোৱা নাই।