‘জাতীয় অস্তিত্বৰ বাবে বৰবিহ’ নাগৰিকত্ব বিধেয়ক, জিলাই জিলাই উৰিব ক’লা পতাকা : কৃষক মুক্তি

Akhil_Gogoi

ব’হাগ বিহুৰ মাজতে দিল্লীত নাগৰিকত্ব আইন সংশোধন বিধেয়ক ( The Citizenship Act Amendment Bill )ৰ শুনানি অনুষ্ঠিত কৰাৰ তীব্ৰ বিৰোধিতা কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। এই শুনানি বাতিল কৰি দিল্লীৰ পৰিৱৰ্তে অসমত শুনানি অনুষ্ঠিত কৰিবলৈও সংগঠনটোৱে দাবী জনাইছে।

‘অসমীয়া জাতীয় অস্তিত্বৰ বাবে নাগৰিকত্ব সংশোধনী বিধেয়ক এটা বৰবিহ’ বুলি অভিহিত কৰি আজি ১৩ এপ্ৰিলত গুৱাহাটীত এক সংবাদমেলত সংগঠনটোৰ নেতা অখিল গগৈয়ে কয় যে সেই বৰবিহক গৃহীত কৰা বাবেই বিহুৰ সময়তে দিল্লীত অনুষ্ঠিত কৰা হৈছে শুনানি

আনহাতে দিল্লীত শুনানি হ’ব লগা অহা ১৭ এপ্ৰিলৰ দিনটোতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজ্যৰ প্ৰত্যেক জিলা সদৰতে ক’লা পতাকা উৰুৱাব বুলিও কৃষক নেতাগৰাকীয়ে উক্ত সংবাদমেলযোগে জানিবলৈ দিয়ে। ইয়াৰোপৰি ২৫ এপ্ৰিলত প্ৰত্যেক জিলাসদৰত ১০০ জনীয়া কৃষকৰ দলে অনশন কৰাৰ লগতে ২৮ এপ্ৰিলত গুৱাহাটীত নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত অখিল গগৈয়ে বক্তৃতা প্ৰদান কৰিব বুলিও সংগঠনটোৱে জনায়।

চাওক অখিল গগৈৰ সংবাদমেলৰ লাইভ ভিডিঅ’

গগৈয়ে লগতে কয় যে ১ মে’ৰ পৰা ৰাজ্যৰ চহৰে-নগৰে, গাঁৱে-ভূঞে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰচাৰ-পত্ৰিকা বিতৰণ কৰিব কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

‘বাংলাদেশৰ পৰা যদি অসমলৈ হিন্দু বাংলাদেশীসকল আহে, তেন্তে তাৰ পৰিমাণ হ’ব প্ৰায় ১ কোটি ৭০ লাখ। তাৰোপৰি পূৰ্বৰ পৰা ২০ লাখ হিন্দু বাংলাদেশী শৰণাৰ্থী হিচাপে অসমত আছে। ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা প্ৰায় ৩ কোটি ১১ লাখ। এই জনসংখ্যাৰ ওপৰত যদি নতুনকৈ ১ কোটি ৯০ লাখ (পূৰ্বৰ পৰা থকা ২০ লাখক ধৰি) হিন্দু বাংলাদেশীৰ বোজা জাপি দিয়া হয়, তেন্তে অসমত অসমৰ খিলঞ্জীয়াসকলৰ অস্তিত্ব কিবা থাকিবনে?’ বুলি গগৈয়ে প্ৰশ্ন কৰে।

তেওঁ লগতে কয় যে ‘পশ্চিমবংগৰ মমতা বেনাৰ্জীয়ে হিন্দু বাংলাদেশীৰ বোজা নলয়। তাৰোপৰি মাণিক চৰকাৰেও এই বোজা নলও বুলি কৈছিল। ত্ৰিপুৰাৰ বৰ্তমানৰ মুখ্য মন্ত্ৰী বিপ্লব দেববৰ্মন নিজেই এজন হিন্দু বাংলাদেশী হৈ এইসকলৰ বোজা গ্ৰহণ কৰে নে নাই নাজানো। যদি সেইটোৱেই হয় তেন্তে ১ কোটি ৭০ লাখ বাংলাদেশী কেৱল অসমলৈ আহিব।’

বাংলাদেশৰ হিন্দু নাগৰিকসকল অসমলৈ অহা প্ৰস্তাৱত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আদৰণি জনোৱা বুলি অখিল গগৈয়ে মন্তব্য কৰে।

মিত্ৰজোঁটৰ মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্তক ‘লুভীয়া মানুহ, এই দুজনে চৰকাৰ এৰি আহিব নোৱাৰে’ বুলি কটাক্ষ কৰি কয় ‘বিধেয়কখনৰ ক্ষেত্ৰত আটাইতকৈ ৰহস্যজনক ভূমিকা গ্ৰহণ কৰিছে অসম গণ পৰিষদ দলটোৰ নেতৃত্বই।’