অসমৰ জাতীয় সংগীতৰ ৰচক লক্ষ্মীনাথ বেজবৰুৱাই ‘বীণ ব’ৰাগী’ নামৰ কবিতাটোত মৰাণসকলৰ বিৰুদ্ধে কৰি যোৱা গোষ্ঠীবিদ্বেষী মন্তব্যৰ প্ৰতিবাদত মৰাণ জনগোষ্ঠীৰ লোকসকলে নিজৰ ৰাজহুৱা অনুষ্ঠানত আজিও নাগায় ‘অ’ মোৰ আপোনাৰ দেশ’।
‘লক্ষ্মীনাথ বেজবৰুৱাক আমি সন্মান কৰো। কিন্তু কবিতাটোৰ পৰা ‘কেনেকৈ মৰাণে অসম ধ্বংস কৰিলে’ শাৰীটো গুচাবলৈ আমি চৰকাৰ আৰু অসম সাহিত্য সভাক দাবী জনাইছো,’ ক’লে সংগঠনটোৰ সভাপতি অৰুণজ্যোতি মৰাণে।
লক্ষ্মীনাথ বেজবৰুৱাৰ মন্তব্যৰ লগতে অসমৰ বিভিন্ন বুৰঞ্জী, সাহিত্য আনকি অভিধানটো থকা মৰাণবিদ্বেষী বক্তব্যসমূহ পৰিহাৰ কৰাৰ বাবে অসম সাহিত্য সভা, অসম প্ৰকাশন পৰিষদ আৰু অসম চৰকাৰক দাবী জনাই পুনৰ স্মাৰক পত্ৰ দিয়াৰ বাবেও আজি ২৮ জুনত গুৱাহাটীত অনুষ্ঠিত কাৰ্য্যনিৰ্বাহক বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰে সদৌ মৰাণ ছাত্ৰ সন্থাই।
হেমচন্দ্ৰ বৰুৱাৰ হেমকোষ, সত্যেন্দ্ৰ নাথ শৰ্মাৰ অসমীয়া সাহিত্যৰ ইতিবৃত্ত, নগেন শইকীয়াই সম্পাদনা কৰা লক্ষ্মীনাথ বেজবৰুৱাৰ নিৰ্বাচিত ৰচনা সংকলন, তচদুক আমানুল হুছেইনৰ অসম বুৰঞ্জী আৰু নাওবৈচা ফুকনৰ অসম বুৰঞ্জীত থকা মৰাণবিদ্বেষী মন্তব্যৰ উদাহৰণো সংগঠনটোৱে সংবাদমেলত দাঙি ধৰে।
অসমৰ সমাজ ইতিহাসৰ বৰ্ণবিদ্বেষী উদাহৰণ দাঙি ধৰি ‘মৰাণসকলো অসমৰ জাতীয় সংগীতটো গাবৰ বাবে ব্যাকুল’ বুলি উল্লেখ কৰি অৰুণজ্যোতি মৰাণে কয় ‘মৰাণসকল প্ৰথমে মৰাণ হৈয়ো অসমীয়া।’
বৰডুমচাত অনুষ্ঠিত অসম সাহিত্য সভাৰ ৭৪ সংখ্যক অধিৱেশনত সাহিত্য সভাক এই সন্দৰ্ভত স্মাৰক পত্ৰ দিয়াৰ পিছতো সাহিত্য সভাই একো পদক্ষেপ নল’লে বুলিও মৰাণ সংগঠনটোৱে ক্ষোভ প্ৰকাশ কৰে।
অসমৰ একাংশ বুদ্ধিজীৱীৰ লগতে চৰকাৰ, সাহিত্য সভা আৰু প্ৰকাশন পৰিষদে মৰাণসকলক তুচ্ছ-তাচ্ছিল্য কৰা লেখাসমূহক সাৰ-পানী যোগাই আহিছে বুলিও সংগঠনটোৱে দাবী কৰে।
আনহাতে মৰাণসকলৰ জনজাতিকৰণ, স্বায়ত্ত শাসন, সুকীয়া সঞ্চালকালয় আৰু অসমত উচ্চ সদন স্থাপনৰ দাবীত অহা ২৯ জুলাইত নতুন দিল্লীত প্ৰতিবাদী কাৰ্য্যসূচী লোৱাৰ বাবেও আজিৰ কাৰ্য্যনিৰ্বাহকে সিদ্ধান্ত গ্ৰহণ কৰে।