জিতেন দত্ত আৰু মৃণাল হাজৰিকাক গ্ৰেপ্তাৰ কৰি পক্ষপাতিত্বমূলক ভূমিকা লৈছে ৰাজ্য চৰকাৰে : ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য

Samujjal

সমুজ্জ্বল ভট্টাচাৰ্য্য আজিৰ প্ৰতিবাদস্থলীত।

“আলোচনাপন্থী আলফা নেতা জিতেন দত্ত আৰু মৃণাল হাজৰিকাক গ্ৰেপ্তাৰ কৰি পক্ষপাতিত্বমূলক ভূমিকা লৈছে ৰাজ্য চৰকাৰে।” শুকুৰবাৰে সদৌ অসম জাতীয় চহিদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ উদ্যোগত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সাব্যস্ত কৰা প্ৰতিবাদত অংশগ্ৰহণ কৰি এনেদৰে কয় আছুৰ উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই।

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি শাসকীয় দলৰ বিধায়ক শিলাদিত্যকে ধৰি চৰকাৰৰ পক্ষত থকা অন্য কিছু সংখ্যক কৰা বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে পুনৰ সৰব হৈ পৰে আছুৰ নেতাজন।

তেওঁ কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিবলৈ কুচকাৱাজ চলাই থকাৰ মাজতে শাসকীয় দলৰ বিধায়কে খিলঞ্জীয়া মানুহক উপলুঙা কৰি কেতবোৰ উচটনিমূলক বক্তব্য দিবলৈ আৰম্ভ কৰিছে। লগতে শাসকীয় দলৰ বিধায়কে প্ৰথম দিচপুৰৰ পৰা উচটনিমূলক মন্তব্য দিছিল তাৰ পাছতেই বিৰোধী দলৰ জনপ্ৰতিনিধিয়ে দিবলৈ আৰম্ভ কৰিলে বুলিও তেওঁ সংবাদমাধ্যমৰ আগত কয়।

ইয়াৰোপৰি তেওঁ আলোচনাপন্থী আলফা নেতা জিতেন দত্ত আৰু মৃণাল হাজৰিকাক গ্ৰেপ্তাৰ কৰি পক্ষপাতিত্বমূলক স্থিতি গ্ৰহণ কৰা বুলিও সন্দেহ প্ৰকাশ কৰে। তেওঁ কয়, “যিসকলে এনেধৰণৰ উচটনিমূলক বক্তব্য দি আছিল, তেওঁলোকৰ বিৰুদ্ধে আগতেই চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, কিন্তু চৰকাৰে বিষয়টো এৰাই চলিলে।”

তেওঁ লগতে কয়, “যিহেতু আইন সকলোৰে ক্ষেত্ৰত সমান গতিকে আলোচনা পন্থী নেতা জিতেন দত্ত আৰু মৃণাল হাজৰিকাৰ সমান্তৰালকৈ শাসকীয় দলৰ বিধায়ককো গ্ৰেপ্তাৰ কৰিব লাগিছিল। ইয়াৰোপৰি, এই ক্ষেত্ৰত চৰকাৰৰ দ্বি-মত কিয়? বুলিও প্ৰশ্ন কৰে।”

আনহাতে, কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰচনা কৰা কৌশলক সমালোচনা কৰি কয় যে ৰাজ্য চৰকাৰে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ কৰাৰ পাছত নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত স্থিতি স্পষ্ট কৰিম বুলি কৈছিল। কিন্তু এতিয়া অন্য কৌশল অৱলম্বন কৰিছে বুলিও তেওঁ উল্লেখ কৰে।

আনহাতে, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে এই নাগৰিকত্ব সংশোধনী বিলৰ জৰিয়তে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াত বাধা দিব খুজিছে বুলিও তেওঁ সংবাদ মাধ্যমৰ আগত দাবী কৰে।

“কেন্দ্ৰীয় চৰকাৰৰ মতে অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী হ’ব নালাগে” ভট্টাচাৰ্য্যই কয়।

“সেয়েহে তেওঁলোকে জাতিধ্বংসী বিধেয়কখন অসমবাসীৰ ওপৰত জাপি দিব খুজিছে। কাৰণ উচ্চতম ন্যায়ালয়ৰ নিৰৱচ্ছিন্ন তদাৰকত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়া চলি আছে অসম চুক্তিৰ আধাৰত। তাৰ বিপৰীতে নাগৰিকত্ব সংশোধনী বিধেয়কত ২০১৪ চনলৈকে অসমলৈ অহা বিদেশীক ভাৰতত সংস্থাপিত কৰা হ’ব বুলি উল্লেখ আছে।”

কোনো কাৰণতে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক অসমৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব নোৱাৰিব তথা এইক্ষেত্ৰত ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি তেওঁ সংবাদমাধ্যমত দাবী কৰে।