গোৱালপাৰা-কামৰূপ এৰবিক মহাবিদ্যালয় নিয়মীয়া শিক্ষক নিযুক্তিৰ দাবী অধ্যক্ষৰ

OLYMPUS DIGITAL CAMERA

গুণোৎসৱ অনুষ্ঠিত কৰি ৰাজ্যখনত শিক্ষাৰ আমুল পৰিৱৰ্তনৰ শ্লোগান এতিয়া ধোৱা চাঙত উঠিছে বঙাইগাঁও জিলাৰ কোকিলাৰ নিকটৱৰ্তী বৰপেটা জিলাৰ গোৱালপাৰা-কামৰূপ এৰবিক মহাবিদ্যালয়ত।

মহাবিদ্যালয়খনৰ অধ্যক্ষ জাকিৰ হুছেইনে সাংবাদিকক জানিব দিয়া মতে জি কে এৰাবিক মহাবিদ্যালয়ত ২৩ গৰাকীকৈ অধ্যাপক থকা শিক্ষকৰ ভিতৰত মাত্ৰ তিনিজনহে নিয়মীয়া শিক্ষক আছে। ইয়াৰ মাজতে বৰপেটা জিলাৰ স্কুলসমূহৰ পৰিদৰ্শকে একমাত্ৰ বিজ্ঞান শিক্ষক হাশেম আলী আহমেদক পালহাজী উচ্চতৰ মাধ্যমিক বিদ্যালয় লৈ বদলি কৰণ কৰাত পাঠদানত যথেষ্ট অসুবিধা হৈছে।

শণিবাৰে জি কে এৰবিক কলেজত এক সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ অধ্যক্ষ জাকিৰ হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত সভাত বি এড প্ৰশিক্ষণৰ সাতজনকৈ ছাত্ৰ তথা অতিথি শিক্ষক কেইজনক বিদায় সম্বৰ্ধনা জনায়।

জ্যেষ্ঠ শিক্ষক আতোৱাৰ ৰহমানে উদ্দেশ্য ব্যাখ্যা কৰা সভাত উপস্থিত থাকে গুনিয়ালগুৰী এম ই মাদ্ৰাছাৰ প্ৰধান শিক্ষক আব্দুল গফুৰ, ৰূপসী ব্লকৰ এম আই এছ আলম খান।

সভাত ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই বিদায় দিয়ে বি এড প্ৰশিক্ষণৰ সাতজনকৈ অতিথি শিক্ষক ক্ৰমে জে ইছলাম, সুৰুজ আলী, নাৰগিছ পাৰবিন, আফলুজা খাতুনে, শ্বমছুন নহাৰ, আনিছা খাতুন, আৰু শাহিনুৰ খাতুনক।

উল্লেখ্য যে এখন মহাবিদ্যালয়ত মাত্ৰ তিনিজনকৈ নিয়মীয়া শিক্ষকে কি দৰে গুণগত শিক্ষা প্ৰদান কৰি আহিছে সেয়া সহজে অনুমান কৰিব পাৰি। মহাবিদ্যালয়খনত অতি শীঘ্ৰে নিয়মীয়া শিক্ষক নিয়োগ কৰিবলৈ শিক্ষা বিভাগ তথা নতুন শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক আহ্বান জনাইছে।