NORTHEAST NOW (Assamese)

জীয়া গাভৰুত বনৰীয়া হাতীয়ে প্ৰাণ ল’লে এজনৰ : হাতী খেদা শিবিৰ স্থাপনৰ দাবী গাওঁবাসীৰ

May 6, 2018 7:59 pm · প্ৰনৱ কুমাৰ দাস
Updated: May 6, 2018 8:00 pm
প্ৰতিনিধিত্বমূলক ছবি

শোণিতপুৰ জিলাৰ জীয়া গাভৰুত আজি পুৱা বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু হয়। নিহত লোকজনক সেই অঞ্চলৰে হেমন্ত শইকীয়া (৫৫) বুলি চিনাক্ত কৰা হৈছে।

তেজপুৰ বন বিভাগৰ বিষয়াই জনোৱা মতে ধেন্দাই চাহ বাগিচাত বিচৰণ কৰি থকা বনৰীয়া হাতীৰ এটা জাকে আজি পুৱা প্ৰায় ৪ বজাত খাদ্যৰ সন্ধানত নিহত হেমন্ত শইকীয়াৰ বাৰীত সোমাই বাৰীখন তহিলং কৰিবলৈ ধৰে। ফলত শইকীয়াই হাতীৰ জাকটোক খেদাৰ চেষ্টা চলাওঁতে ইয়াৰে এটা হাতীয়ে তেওঁক আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰিছিল।

লোকজনক তৎক্ষনাত তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

উল্লেখযোগ্য যে জীয়া গাভৰু অঞ্চলৰ গাওঁবাসীক বনৰীয়া হাতীৰ আক্ৰমণৰ পৰা বচাই ৰখাৰ উদ্দেশ্যে অঞ্চলটোত এক হাতী খেদা শিবিৰ স্থাপন কৰি তাৰ পৰা বনৰীয়া হাতীক খেদি পঠিওৱা হৈছিল।

কিন্তু পিছত বন বিভাগে অঞ্চলটোৰ পৰা উক্ত শিবিৰটো উঠোৱাই লৈ যোৱাত গাওঁবাসীসকল পুনৰ হাতীৰ আক্ৰমণৰ সন্মুখীন হ’বলগীয়া হৈছে। আজিৰ এই ঘটণাটোত ক্ষুব্ধ হৈ উঠা গাওঁবাসীয়ে উক্ত শিবিৰটো পুনৰ স্থাপন কৰিবলৈ বন বিভাগক দাবী জনায়।

বিত অ’ফিচাৰ গোপাল ডেকাৰ সৈতে যোৱা বন বিভাগৰ দলে ঘটণাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।

Related News