• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিম্নমানৰ সামগ্ৰী দেখি স্তম্ভিত হ’ল মাজুলীৰ অতিৰিক্ত উপায়ুক্ত : ঠিকাদাৰক ৭ দিনৰ সময়সীমাসহ কঠোৰ সকীয়নি

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
May 6, 2018 8:06 pm
Tinpat

মাজুলীত চৰকাৰী আঁচনিৰ অধীনত নিৰ্মাণ কৰা ঘৰত লগোৱা নিম্নমানৰ টিনপাট। ফটো : মিটু খাটনিয়াৰ।

14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভৈয়াম জনজাতি অধ্যুষিত এলেকাত বাস কৰা জনজাতীয় লোকৰ আয় বৃদ্ধিৰ লক্ষ্যৰে চৰকাৰে আগ বঢ়োৱা ‘জনজাতি উপ-পৰিকল্পনালৈ বিশেষ কেন্দ্ৰীয় অনুদান’ (এছ চি এ টু টি এছ পি) শিতানৰ পুঁজিৰে পশুপালন আৰু পশু চিকিৎসা সঞ্চালকালয়ে ঠিকাদাৰৰ জৰিয়তে মাজুলীত ৰূপায়ণ কৰা একাধিক ক্ষুদ্ৰ গাহৰিপাম নিৰ্মাণ আঁচনিৰ নিৰ্মাণকাৰ্যত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে। এই ৰাজহুৱা অভিযোগক গুৰুত্বসহকাৰে লৈ জিলা প্ৰশাসনে ৫ এপ্ৰিলত এক অনুসন্ধানমূলক তদন্ত কৰে জিলাখনৰ অতিৰিক্ত উপায়ুক্ত তথা অতিৰিক্ত জিলা দণ্ডাধীশ চিন্ময় নাথে।

অতিৰিক্ত উপায়ুক্তজনে ৫ এপ্ৰিলত উজনি মাজুলীৰ জেংৰাইমুখ আৰু কাৰ্কিচুকত আঁচনিখনৰ অধীনত নিৰ্মীয়মাণ দুটা আত্মসহায়ক গোটৰ ক্ষুদ্ৰ গাহৰিপাম পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যত ব্যৱহৃত সামগ্ৰীৰ নিজে চৰজমিন তদন্ত কৰে। প্ৰথমে জেংৰাইমুখৰ কেঁচাইখাইতী গাঁৱত নিৰ্মাণ কৰি থকা কেঁচাইখাইতী মহিলা আত্মসহায়ক গোটৰ ক্ষুদ্ৰ গাহৰি পামৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰে। এই পৰিদৰ্শনকালত অতিৰিক্ত উপায়ুক্তগৰাকীয়ে পামটোৰ নিৰ্মাণ কাৰ্যত ঠিকাদাৰে অতি নিম্নমানৰ টিনপাটকে ধৰি অন্যান্য নিৰ্মাণ সামগ্ৰী ব্যৱহাৰ কৰা দেখি হতভম্ব হৈ পৰে।

Apply Now

ক্ষুব্ধ অতিৰিক্ত উপায়ুক্ত শ্ৰীনাথে ঠিকাদাৰৰ হৈ কাম তদাৰক কৰা স্থানীয় তত্ত্বাৱধায়কক এই সন্দৰ্ভত তাৎক্ষণিকভাৱে কৈফিয়ৎ তলব কৰাৰ লগতে নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰা অতি নিম্নমানৰ টিনপাটৰ প্ৰমাণ স্বৰূপে এখন টিনপাট জব্দ কৰে। অতিৰিক্ত উপায়ুক্তগৰাকীয়ে ঠিকাদাৰক আগন্তুক ৭ দিনৰ ভিতৰতে টিনপাটসহ সকলো নিম্নমানৰ সামগ্ৰী আঁতৰাই আঁচনিখনৰ প্ৰাক্কলনত নিৰ্দিষ্ট উন্নত মানৰ সামগ্ৰী ব্যৱহাৰ কৰি এই ক্ষুদ্ৰ গাহৰিপামটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰাৰ সময়সীমা বান্ধি দিয়ে।

অন্যথা এই অনিয়ম আৰু নিম্নমানৰ কামৰ বাবে ঠিকাদাৰৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে এজাহাৰ দাখিল কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ কঠোৰ সতৰ্কবাণী শুনায় অতিৰিক্ত উপায়ুক্তগৰাকীয়ে।

Tinpat_2

ইয়াৰ পাছতে অতিৰিক্ত উপায়ুক্তগৰাকীয়ে ফুলনিৰ কাৰ্কিচুক গাঁৱতো এছ চি এ টু টি এছ পি শিতানৰ পুঁজিৰে নিৰ্মাণ কৰি থকা লেঃবাং আত্মসহায়ক গোটৰ ক্ষুদ্ৰ গাহৰি পামৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি আত্মসহায়ক গোটৰ সদস্য আৰু স্থানীয় লোকৰ পৰা নিৰ্মাণৰ মান সন্দৰ্ভত মতামত গ্ৰহণ কৰে।

অতিৰিক্ত উপায়ুক্তজনে একেদিনাই গড়মূৰ (চিতাদাৰচুক)-জেংৰাইমুখ সংযোগী গড়কাপ্তানী পথটোত চলি থকা পুনৰ মেৰামতি কাৰ্যৰো আকস্মিক পৰিদৰ্শন কৰে। জেংৰাইমুখ-ফুলনি অংশত নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি অতিৰিক্ত উপায়ুক্তগৰাকীয়ে বিভাগীয় ঠিকাদাৰক কামৰ লেহেমীয়া গতি আৰু নিম্ন মানক লৈ সকিয়নী দিয়ে। উল্লেখযোগ্য যে এই পথটো যাতায়ত উপয়োগী কৰি তুলিবলৈ প্ৰায় ৪.৬২ কোটি টকা ব্যয়সাপেক্ষে গড়কাপ্তানী (গ্ৰাম্য পথ) বিভাগৰ অধীনত শিল-বালিৰে খলা-বমা গাঁত পুতি ‘কাৰ্পেটিং পিট্‌চ’সহ পুনৰ মেৰামতিৰ ব্যৱস্থা কৰা হৈছে।

কিন্ত ২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটোৰ এই পুনৰ মেৰামতি কাৰ্যত মাথো ১০-১২ জনমানহে শ্ৰমিক নিয়োজিত কৰাৰ বাবেই কাম অতি লেহেমীয়া গতিত আগ বাঢ়িছে। এনে অৱস্থাত অতিৰিক্ত উপায়ুক্ত নাথে এসপ্তাহৰ ভিতৰতে কমেও ৪০জন শ্ৰমিকক দৈনিক নিয়োজিত কৰি নিৰ্মাণ কাৰ্য ক্ষিপ্ৰ কৰি তুলিবলৈ ঠিকাদাৰক নিৰ্দেশ দিয়ে।

মিটু খাটনিয়াৰ

মিটু খাটনিয়াৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বগুৰু: নেহৰু নে মোডী

বিশ্বগুৰু: নেহৰু নে মোডী

August 18, 2026 7:33 pm
বিৰল ব্যক্তিসত্তাৰ অধিকাৰী, বিশিষ্ট নগা শান্তি কৰ্মী নিকেতু ইৰালু আৰু নাই

বিৰল ব্যক্তিসত্তাৰ অধিকাৰী, বিশিষ্ট নগা শান্তি কৰ্মী নিকেতু ইৰালু আৰু নাই

August 18, 2026 5:36 pm
বানপীড়িতক সহায়ৰ নামত প্ৰৱঞ্চনা: কুংকি চৌধুৰীৰ নামত ভুৱা ইনষ্টাগ্ৰাম একাউণ্ট খুলি ধন সংগ্ৰহ দুষ্ট চক্ৰৰ

বানপীড়িতক সহায়ৰ নামত প্ৰৱঞ্চনা: কুংকি চৌধুৰীৰ নামত ভুৱা ইনষ্টাগ্ৰাম একাউণ্ট খুলি ধন সংগ্ৰহ দুষ্ট চক্ৰৰ

August 18, 2026 4:40 pm
ফাঁচীৰ সলনি বিষাক্ত বেজীৰে মৃত্যু দণ্ড কিয় নিদিয়ে ভাৰতত? আবেদন খাৰিজ কৰি কি ক’লে উচ্চতম ন্যায়ালয়ে?

ফাঁচীৰ সলনি বিষাক্ত বেজীৰে মৃত্যু দণ্ড কিয় নিদিয়ে ভাৰতত? আবেদন খাৰিজ কৰি কি ক’লে উচ্চতম ন্যায়ালয়ে?

August 18, 2026 3:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বগুৰু: নেহৰু নে মোডী

বিশ্বগুৰু: নেহৰু নে মোডী

August 18, 2026 7:33 pm
বিৰল ব্যক্তিসত্তাৰ অধিকাৰী, বিশিষ্ট নগা শান্তি কৰ্মী নিকেতু ইৰালু আৰু নাই

বিৰল ব্যক্তিসত্তাৰ অধিকাৰী, বিশিষ্ট নগা শান্তি কৰ্মী নিকেতু ইৰালু আৰু নাই

August 18, 2026 5:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd