সদৌ অসম কৰ্মচাৰী পৰিষদৰ কৰ্ণধাৰ সমিতিৰ সভাই বৰ্তমান ৰাজ্যিক কৰ্মচাৰীসকলৰ সমস্যা সমূহ যদিহে অহা ৩০ মে’ৰ ভিতৰত ৰাজ্য চৰকাৰে সমাধান কৰাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ’লে আগন্তুক দিনত সমগ্ৰ ৰাজ্যতে বৃহত্তৰ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰে।
আজি শিলচৰৰ জিলা পুঁথিভৰাল সভাকক্ষত পৰিষদৰ গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হোৱাৰ পাছত এখন সংবাদ মেল সম্বোধন কৰি এই কাৰ্যসূচীৰ কথা ঘোষণা কৰে কৰ্মচাৰী পৰিষদৰ সভাপতি বাসব চন্দ্ৰ কলিতাই।
তেওঁ কয় যে আজিৰ সভাত ৰাজ্যিক কৰ্মচাৰীৰ সমস্যা সমূহ শীঘ্ৰে মীমাংসাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হয়। দৰমহা আসোঁৱাহ সমিতিয়ে দাখিল কৰা প্ৰতিবেদন ৰাজহুৱা কৰা, বিনামূলীয়া চিকিৎসা সেৱা আঁচনি কাৰ্যকৰী কৰা, ২১ মাহৰ পাবলগীয়া বকেয়া প্ৰদান, শিক্ষকৰ দৰমহাৰ খেলিমেলি তাৎক্ষণিকভাৱে মীমাংসা কৰাৰ লগতে বিভিন্ন সমস্যা সমূহ সমাধান কৰাৰ বাবে দাবী জনায়।
ইয়াৰ উপৰি পৰিয়াল পেঞ্চন আঁচনিৰ জৰিয়তে দৰমহা আদায়ৰ ক্ষেত্ৰত স্পষ্ট নিৰ্দেশনা প্ৰদান কৰা, ঠিকা ভিত্তিক কৰ্মচাৰীৰ চাকৰি নিৰাপত্তা সুনিশ্চিত প্ৰদান কৰাৰ ক্ষেত্ৰতো বিহিত ব্যৱস্থা ল’বলৈ দাবী উত্থাপন কৰে।
ইফালে কাজিৰঙাৰ লগতে অসমৰ কীৰ্তিচিহ্ন সমূহ ব্যক্তিগত খণ্ডক অৰ্পণ কৰা কাৰ্যৰো ঘোৰ বিৰোধিতা কৰা দেখা যায় পৰিষদৰ সভাপতি বাসব চন্দ্ৰ কলিতাক। লগতে চহিদ আৰক্ষী বিষয়া ভাস্কৰ কলিতাই উগ্ৰপন্থীৰ সৈতে হোৱা সংঘৰ্ষৰ সময়ত পিন্ধা বুলেটপ্ৰুফ জেকেট অতি নিম্নমানৰ বুলি অভিযোগ উত্থাপন হোৱাৰ সময়ত কলিতাই উদ্বেগ প্ৰকাশ কৰি বিষয়টো সন্দৰ্ভত ৰাজ্য চৰকাৰক তদন্ত কৰাৰ বাবে দাবী জনায়।
পৰিষদৰ কাৰ্যনিৰ্বাহক বৈঠকৰ অন্তত অনুষ্ঠিত হোৱা সংবাদ মেলত অসম কৰ্মচাৰী পৰিষদৰ প্ৰধান সম্পাদক ফকৰ উদ্দিন আহমেদ, নগেন চন্দ্ৰ দাস, শিলচৰ কৰ্মচাৰী পৰিষদৰ পান্না পাল, কেন্দ্ৰীয় সমিতিৰ বিষয়া সুদীপ ভট্টাচাৰ্যৰ লগতে বহুতো লোক উপস্থিত থাকে।