• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জীৱ-জন্তুৱে প্ৰতিবাদ কৰিব নোৱৰা বাবেই চিৰিয়াখানাৰ জীব-জন্তুৰ অৱস্থা বেয়া : বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 6, 2018 5:10 pm
StateZoo
12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘চিৰিয়াখানাৰ জীৱ-জন্তুসমূহে প্ৰতিবাদ কৰিব নোৱাৰে, তাৰ সুযোগ লৈয়ে জীৱ-জন্তুৰ প্ৰতি অন্যায় কৰিম নেকি? আজি চিৰিয়াখানাৰ যি অৱস্থাত জীৱ-জন্তু, পশু-পক্ষী আছে, সেয়া স্বাস্থ্যসন্মত নহয়। একেবাৰে অস্বাস্থ্যকৰ পৰিৱেশত এই জীৱ-জন্তুবিলাক থাকিব লগীয়া হৈছে। এয়া আমি নিজেই দেখিছো। সু-চিকিৎসাৰ অভাৱত বহুতো জীৱ-জন্তুৱে মৃত্যুক সাৱটি লৈছে।‘

আজি চিৰিয়াখানা সুৰক্ষা মঞ্চই আয়োজন কৰা নাগৰিক সভাত ভাষণ প্ৰদান কৰি এই গুৰুত্বপূৰ্ণ তথা তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰিছে পশ্চিম গুৱাহাটী সমষ্টিৰ অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই।

Apply Now

উল্লেখযোগ্য যে চিৰিয়াখানা সুৰক্ষা মঞ্চই অনা অভিযোগৰ ভিত্তিতেই এই বিষয়ে বিধায়কগৰাকীয়ে বিধানসভাৰ শূন্যকালীন ঘণ্টাত প্ৰশ্ন উত্থাপন কৰিছিল। এই সম্পৰ্কে বিধায়ক কলিতাই কয়, “এই বিষয়ত বিস্তৃত আলোচনা চলাৰ পিছত এক উচ্চস্তৰীয় তদন্ত কৰাৰ কথা ঘোষণা কৰিছিল। গতিকে পৰৱৰ্তী পৰ্য্যায়ত কেনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে এই সম্পৰ্কে ৰাইজৰ প্ৰতিনিধি হিচাপে লক্ষ্য ৰাখিম।”

আনহাতে, চৰকাৰে চিৰিয়াখানাৰ জীব-জন্তুবিলাকৰ খাদ্য যোগানৰ বাবে অথবা অন্য কাৰণত বৃহৎ পৰিমাণৰ পুঁজি আবণ্টন কৰা বুলি সদৰী কৰি তেওঁ কয় যে ইয়াৰ পিছতো যিধৰণে চিৰিয়াখানা কৰ্তৃপক্ষই জীৱ-জন্তুৰ যত্ন ল’ব লাগিছিল সেইধৰণে নোলোৱাৰ ফলতেই বহুতো জীৱ-জন্তুৱে মৃত্যুক সাৱটি লৈছে।

মন কৰিব লগীয়া কথা যে জ্যেষ্ঠ সাংবাদিক অদীপ ফুকনে সঞ্চালনা কৰা এই সভাতে বিধায়কগৰাকীয়ে নতুনকৈ নিৰ্বাচিত বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যক সাক্ষাৎ কৰি চিৰিয়াখানাৰ অনিয়ম সম্পৰ্কে আলোচনা কৰিবৰ বাবে চিৰিয়াখানা সুৰক্ষা মঞ্চক আহ্বান জনায়। লগতে মঞ্চক মহানগৰৰ জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ বাবে জনমত গঠন কৰিবলৈ কোৱাৰ লগতে যুৱকসকলক লৈ এক সজাগতামূলক বাইক ৰেলি উলিয়াবলৈও পৰামৰ্শ আগ বঢ়ায়।

লক্ষণীয় যে বিধায়কগৰাকীয়ে তেওঁৰ দল ৰাজ্য চৰকাৰৰ সৈতে মিত্ৰজোঁটত থাকিলেও কেন্দ্ৰীয় চৰকাৰে অসমৰ ঐতিহ্যক ব্যক্তিগতকৰণ কৰাৰ পৰিকল্পনা কেতিয়াও সফল হ’বলৈ দিয়া নহ’ব বুলি মন্তব্য কৰে।

আনহাতে সেই সভাতে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থকা আলোচনাপন্থী আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাই চৰকাৰক অসমৰ ঐতিহ্যক ব্যক্তিগতখণ্ডক চোৱাচিতাৰ দায়িত্ব নিদিবৰ বাবে আহ্বান জনায়।

লগতে ৰাজখোৱাই চৰকাৰ যদি এই সম্পদসমূহ ৰক্ষণাবেক্ষণ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে তেন্তে এই সম্পদসমূহ ৰক্ষণাবেক্ষণ কৰিবৰ বাবে ৰাজহুৱা খণ্ডৰ সংগঠনসমূহক প্ৰদান কৰাৰ বাবে দাবী জনায়।

তদুপৰি ৰাজখোৱাই চিৰিয়াখানাৰ সৈতে অতীত স্মৃতি সুৱঁৰি কয়, “চিৰিয়াখানাৰ সৈতে কিছুমান পুৰণি অভিজ্ঞতা আছে। আলফাত সক্ৰিয় হৈ থাকোঁতে নিশা নিশা পলাই আহি চিৰিয়াখানাত আশ্ৰয় লৈ আছিলো। আমাৰ হাতত বন্দুক আছিল যদিও আমি এটাও জীৱ-জন্তু নিধন কৰা নাছিলো। যিহেতু চিৰিয়াখানাখন আমাৰ জাতীয় সম্পদ গতিকে আমাৰ হাতত মাৰণাস্ত্ৰ থকাৰ পিছতো আমি সাপ এডালো নিধন কৰা নাছিলো।”

সভাৰ অন্তত অদীপ ফুকন, অৰবিন্দ ৰাজখোৱাকে ধৰি ৬-৭ জনীয়া লোকৰ এটা দলে অহা ৮ মে’ তাৰিখে চিৰিয়াখানা পৰিদৰ্শন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

সভাখনত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, অদীপ ফুকন, অৰবিন্দ ৰাজখোৱাৰ লগতে আমন্ত্ৰিত অতিথি হিচাপে আছিল জ্যেষ্ঠ অধিবক্তা সত্যেন প্ৰসাদ ডেকা, আহোম ৰয়েল ছ’চাইটিৰ কমলা ৰাজকোঁৱৰ, চিৰিয়াখানা সুৰক্ষা মঞ্চৰ সমূহ বিষয়ববীয়া আৰু আন বহুতো বিশিষ্ট ব্যক্তি।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd