জে কে এম ট্ৰফি ক্ৰিকেট : ডিব্ৰুগড় ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰ আৰু ফয়েনিক্স ক্ৰিকেট ক্লাবৰ জয়

Cricket

ডিব্রুগড় ক্রিকেট ক্লাবৰ উদ্যোগত ভাৰতৰ ভিত্তিত আয়োজিত জে কে এম উৎকৰ্ষ ট্ৰফী (JKM trophy of excellence) তৃতীয় সংস্কৰণৰ উদ্বোধনী ক্ৰিকেট খেলখনত দেওবাৰে ডিব্ৰুগড় ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰ আৰু ফয়েনিক্স ক্ৰিকেট ক্লাব ভিন্ন দুখন খেলত জয়ী হয়। খেলখন ডিব্ৰুগড়ৰ ডি ডি এছ এ ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল।

প্ৰথম খন খেলত ডিব্ৰুগড় ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰই ৪৬ ৰানত দুলীয়াজান ক্ৰিকেট একাডেমিক পৰাস্ত কৰে।

এই খেলখনত ডিব্ৰুগড় ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰৰ দলটোৱে প্ৰথমে বেট ধৰি ১৫ অভাৰত ১১২ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। দলটোৰ হৈ দীপু ছেত্ৰীয়ে ৩৪ আৰু অৰিন্দম বৰুৱাই ৩৪ ৰাণ কৰিবলৈ সক্ষম হয়। দুলীয়াজান ক্ৰিকেট একাডেমিৰ জাভেদ খান আৰু অজয় গোহাঁয়ে ২ টা উইকেট দখল কৰে।

ইয়াৰ প্ৰত্যুত্তৰত দুলীয়াজানৰ দলটোৱে ৮ টা উইকেট হেৰুৱাই মাত্ৰ ৬৬ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ মানৱজ্যোতি বৰ্মনে ১৭ ৰান কৰে। আনহাতে ডিব্ৰুগড় ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰ দলটোৰ দ্বীপেন গগৈ আৰু মৌচুফ শ্বাহে দুটাকৈ উইকেট দখল কৰে।প্ৰথম খেলখনত মৌচুফ শ্বাহে মেন অব দা মেচ্ছৰ সন্মান লাভ কৰে।

দ্বিতীয় খেলখনত ফয়েনিক্স ক্ৰিকেট ক্লাবে জালুকপাৰা বয়জ ক্লাবক ৭ ৰানত পৰাস্ত কৰে। ফয়েনিক্স ক্ৰিকেট ক্লাবে প্ৰথমে বেট ধৰি ১৬ অভাৰত ৭ টা উইকেট হেৰুৱাই ১১২ ৰানৰ লক্ষ্য বান্ধি দিয়ে। দলৰ হৈ য়াছিৰ আলীয়ে ৪১ ৰান সংগ্ৰহ কৰে।

জালুকপাৰা বয়জ ক্লাবৰ নানক সিঙে ফয়েনিক্স ক্লাবৰ ৪ টা উইকেট দখল কৰে।

আনহাতে জালুকপাৰা বয়জ ক্লাবে প্ৰত্যুত্তৰত ১৬ অভাৰত ৯ টা উইকেট হেৰুৱাই ১০৫ ৰান সংগ্ৰহ কৰে। বয়জ ক্লাব দলৰ হৈ হেম বাহাদুৰে ৪২ ৰান সংগ্ৰহ কৰে।

ফয়েনিক্স দলৰ ৰজিন্দেৰ লালে ৪টা উইকেট দখল কৰি মেন অব দা মেটছ দখল কৰিবলৈ সক্ষম হয়।

শৃংখলাটোৰ উদ্বোধনী অনুষ্ঠানত অসম ক্ৰিকেট এছ’চিয়েশ্যনৰ যুটীয়া সম্পাদক মুক্তাবুল হুছেইন মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে বিশিষ্ট অতিথি হিচাপে ডিব্ৰুগড় জিলাৰ অতিৰিক্ত আৰক্ষী অধিক্ষক সুৰজিৎ সিং পানেশ্বৰ আৰু উত্তৰ সীমান্ত ৰেইলৱেৰ মুখ্য কৰ্মশালা পৰিচালক সুধাংশু গুপ্তা উপস্থিত থাকে।