জোনাইত তিনিটাকৈ মিচিং জাতীয় সংগঠনৰ ‘দাবী দিৱস’ উপলক্ষে গণ সমাৱেশ

প্ৰতিনিধিত্বমূলক চিত্ৰ

জোনাইৰ ৰাজহুৱা প্ৰেক্ষাগৃহত আজি মিচিং জাতীয় সংগঠন টি এম পি কে, এম এম কে আৰু টি এম এম কেৰ ‘দাবী দিৱস’ উপলক্ষে বিশাল গণ সমাবেশত ৰাজহুৱা সভা অনুষ্ঠিত হয়।

ইয়াৰ পিছতে ৰাজহুৱা পেক্ষাগৃহৰ পৰা মহকুমাধিপতি কাৰ্য্যালয়লৈ বিশাল সমদল উলিয়াই মিচিং স্বায়ত্ব শাসিত পৰিষদক ষষ্ঠ অনুসূচীত অতি শীঘ্ৰে অন্তৰ্ভুক্ত কৰক, আমচাং আৰু লাইকা, প্ৰস্তাৱিত কবু চাপৰি সংৰক্ষিত বনাঞ্চলক সংযোজন কৰি পবা বৰ্ষাৰণ্যক ৰাষ্ট্ৰীয় অভৰাণ্য হিচাপে ঘোষণা কৰক, জোনাই মহকুমাত এখনি নাৰ্চিং মহাবিদ্যালয় স্থাপন কৰক, ৩০ খন বিছনাযুক্ত চিকিৎসালয়খনক ১০০ খন বিছনাযুক্ত চিকিৎসালয়লৈ উন্নতি কৰি পৰ্য্যাপ্ত চিকিৎসক নিযুক্তি কৰক আদিকে ধৰি মুঠ ৪৫ টা দাবীৰে জোনাইৰ আকাশ বতাহ বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে কঁপাই তোলে আজি মিচিং জাতীয় সংগঠনটোৰ সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে।

মিচিং জাতিৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত জোনাই মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত এই কাৰ্যসূচী ৰূপায়ণৰ পাছতে জোনাই মহকুধিপতিৰ জৰিয়তে মুখ্য মন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে মিচিং জাতীয় সংগঠনটোৱে।