‘জ্যোতি-বিষ্ণু-ভূপেন-হেমাংগ’ৰ দৰে শিল্পীৰ আদৰ্শৰে অনুপ্ৰাণিত হোৱাৰ আহ্বান মুখ্যমন্ত্ৰীৰ, জ্যোতি চিত্ৰবনত চৰকাৰৰ শিল্পী দিৱস

অসম চৰকাৰৰ শিল্পী দিৱসত মুখ্যমন্ত্ৰী

অসম চৰকাৰৰ শিল্পী দিৱসত মুখ্যমন্ত্ৰী

‘জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ভূপেন হাজৰিকা, হেমাংগ বিশ্বাসৰ দৰে শিল্পীসকলে প্ৰদান কৰা আদৰ্শৰে সমৃদ্ধ আমাৰ ৰাজ্যখন কোনো কালেই পিছ পৰা ৰাজ্য নাছিল আৰু কোনো দিনে পিছ পৰি নাথাকে।’ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় আৰু জ্যোতি চিত্ৰবন চছাইটিৰ যৌথ উদ্যোগত কেন্দ্ৰীয়ভাৱে আয়োজিত শিল্পী দিৱসৰ অনুষ্ঠানত প্ৰদান কৰা ভাষণত নৱ প্ৰজন্মক অসমৰ মহান শিল্পীসকলৰ মানৱতাবাদ, সহনশীলতা আৰু সমন্বয়ৰ আদৰ্শৰে অনুপ্ৰাণিত হোৱাৰ আহ্বান জনাই আজি এইদৰে কয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

আজিৰ অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে যে জ্যোতি চিত্ৰবনৰ সোণালী জয়ন্তীৰ এই শুভক্ষণত ৰাজ্য চৰকাৰে ৰাজ্যখনৰ চলচ্চিত্ৰ উদ্যোগৰ উত্থানৰ বাবে চলচ্চিত্ৰ নীতি গ্ৰহণৰ দৰে ইতিবাচক পদক্ষেপ গ্ৰহণৰ দিশত অগ্ৰসৰ হৈছে।

চৰকাৰী শিল্পী দিৱসৰ অনুষ্ঠানতে বিশিষ্ট সংগীত শিল্পী অনিমা বৰঠাকুৰ আৰু কুল বৰুৱাক ২০১৮ বৰ্ষৰ শিল্পী বঁটাৰে সন্মানিত কৰে সৰ্বানন্দ সোণোৱালে।

বঁটাটোত আছে এখন প্ৰশস্তি পত্ৰ, এখন শৰাই, এখন অংগ বস্ত্ৰ আৰু এক লাখ টকাৰ চেক।

আনহাতে অনুষ্ঠানটোত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জ্যোতিপ্ৰসাদ আগৰৱালাৰ দুগৰাকী দুহিতা ক্ৰমে জ্ঞানশ্ৰী পাঠক আৰু সত্যশ্ৰী দাসক সম্বৰ্ধনা জনোৱাৰ লগতে জ্যোতি চিত্ৰবনৰ প্ৰথম অৱস্থাৰ এগৰাকী অগ্ৰণী কৰ্মচাৰী নাৰায়ণ দাস আৰু বৰাক উপত্যকাৰ এগৰাকী শিল্পীকো সম্বৰ্ধনা জনায়।

অনুষ্ঠানটোত মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, আইন উপদেষ্টা শান্তনু ভৰালী, সাংস্কৃতিক মন্ত্ৰী নৱ কুমাৰ দলে, বিধায়ক অশোক শৰ্মা, জয়ৰাম ইংলেং, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব ভি বি প্যাৰেলাল, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়া, জ্যোতি চিত্ৰবনৰ উপাধ্যক্ষ অশোক কুমাৰ ভাৰ্গৱ, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক দেৱ প্ৰসাদ মিশ্ৰ, জ্যোতি চিত্ৰবনৰ সচিব মনিতা  বৰগোহাঁইকৰ উপৰি বহুসংখ্যক শিল্পী আৰু গণ্য-মান্য ব্যক্তি উপস্থিত আছিল।