জৰ্মানীৰ কনচুল জেনেৰেলৰ সৈতে অসমৰ ৰাজ্যপাল জগদীশ মুখীৰ বৈঠক

Assam-Governor-Jagdish-Mukhi-

ব্যৱসায় বাণিজ্যকে আদি কৰি আন বহু দ্বিপাক্ষিক বিষয়ক লৈ সোমবাৰে জৰ্মানীৰ কনচুল জেনেৰেল মিচেল ফেনিয়াৰৰ সৈতে এক বৈঠকত মিলিত হয়  অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী।

এক্ট ইষ্ট নীতিৰ জৰিয়তে আছিয়ান আৰু বিবিআইএন দেশৰ সৈতে সম্পৰ্ক ৰক্ষা তথা সুদৃঢ় কৰাৰ ক্ষেত্ৰত অসম তথা উত্তৰ-পূবক ভাৰতৰ মুখ্য কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস সন্দৰ্ভতো ৰাজ্যপাল মুখীয়ে জাৰ্মানীৰ কনচুল জেনেৰেলগৰাকীক অৱগত কৰে।

আনহাতে অসমত বিনিয়োগৰ সুবিধাৰ কথা উল্লেখ কৰি ৰাজ্যপালগৰাকীয়ে সদ্যসমাপ্ত ‘এডভাণ্টেজ আছাম’ কাৰ্যসূচীত ১লাখ কৌটি টকাতকৈও অধিক বিনিয়োগ হোৱা দিশটোৰ কথা উল্লেখ কৰে।

তেওঁ লগতে আছিয়ান আৰু বাংলাদেশ,ভূটান,নেপাল আদি দেশৰ সৈতে বিমান, জল, স্থল পৰিবহনেৰে সম্পৰ্ক স্থাপন কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা আঁচনি সন্ধৰ্ভতো বিশদভাৱে বাখ্যা আগবঢ়ায়।

ৰাজ্যপাল মুখীয়ে লগতে সঘন বাণিজ্য আৰু সাস্কৃতিক আদান প্ৰদানৰ কৰ্যসূচীৰ জৰিয়তে দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্ক উন্নত কৰাৰ বাবে জৰ্মানীৰ কনচুল জেনেৰেলগৰাকীক আহ্বান জনায়।

আনহাতে ফেনিয়াৰেও দুয়োখন দেশৰ সম্পৰ্ক উন্নত কৰাৰ বাবে সকলো প্ৰচেষ্টা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে ৰাজ্যপাল মুখীক।

এনেধৰণৰ কাৰ্যসূচীৰ জৰিয়তে দুয়োখন দেশ লাভাৱান্বিত হ’ব বুলি আশা কৰা হৈছে।