NORTHEAST NOW (Assamese)

ঝাৰখণ্ডত নক্সালবাদীৰে সংঘৰ্ষত চহিদ হ’ল চি আৰ পি এফ জোৱান উৎপল ৰাভা

June 8, 2018 10:37 am · এন ই নাও নিউজ
Updated: June 8, 2018 1:12 pm
চহিদ উৎপল ৰাভা। ফটো উৎস- ফেচবুক

বৃহস্পতিবাৰে ঝাৰখণ্ডত সংঘটিত হোৱা নক্সালবাদী আৰু চি আৰ পি এফ বাহিনীৰ মাজৰ তুমুল সংঘৰ্ষত চহিদ উত্তৰ-পূবৰ চিৰ আৰ পি এফ জোৱান উৎপল ৰাভা (২৭) চহিদ হয়।

জানিব পৰা মতে কালি পুৱা ৬.৩০ মান বজাত ঝাৰখণ্ডৰ দলভাঙা অঞ্চলত চি আৰ পি এফ বাহিনীৰ ২০৯ নম্বৰ বেটেলিয়ন আৰু ঝাৰখণ্ড আৰক্ষী বাহিনীয়ে যৌথভাৱে নক্সালপন্থীৰ বিৰুদ্ধে অভিযান চলাই থকা সময়তে উভয় পক্ষৰ মাজত সংঘৰ্ষ লাগে আৰু এই সংঘৰ্ষতে চি আৰ পি এফ জোৱান উৎপল ৰাভা চহিদ হোৱাৰ লগতে আহত হয় আন এজন জোৱান।

এই খবৰ বিয়পি পৰাৰ লগে লগে উৎপল ৰাভাৰ বাসগৃহ মেঘালয়ৰ উত্তৰ গাৰোপাহাৰ জিলাৰ বাজেংডোবা থানাৰ অন্তৰ্গত থৰিকা গাঁৱত শোকাকুল পৰিৱেশৰ সৃষ্টি হয়।

বীৰ চহিদ উৎপলৰ মৃতদেহ এবাৰ চোৱাৰ বাবে তেওঁৰ ঘৰত ভিৰ কৰেহি অসংখ্য লোকে। ইফালে চহিদ উৎপলৰ মৃতদেহ আজি ঘৰ আহি পাব বুলি জানিব পৰা গৈছে।

Related News