অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল বি ডি মিশ্ৰই টাৱাঙস্থিত মঞ্জুৰী বিদ্যাপীঠ ভ্ৰমণ কৰা দেখা যায় সহধৰ্মিণী নীলম মিশ্ৰাৰ সৈতে। বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক তথা পদ্মশ্ৰী বঁটা প্ৰাপ্ত লামা থুপটেন ফাণ্টছকৰ সৈতে হোৱা কথা-বতৰাত ৰাজ্যপালগৰাকী অভিভূত হোৱা দেখা যায়।
ছাত্ৰ-ছাত্ৰীসকলৰ লগত হোৱা মত বিনিময় অনুষ্ঠানৰ সময়ত ৰাজ্যপালে শিক্ষাৰ্থীসকলক দেশৰ উন্নয়নত প্ৰতিদান আগবঢ়াবলৈ উন্নত মানৰ শিক্ষা গ্ৰহণ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে।
ইয়াৰ উপৰি শিক্ষাৰ্থীসকলে সৈনিক বিদ্যালয়ত নাম ভৰ্তি কৰি দেশৰ সুৰক্ষা ক্ষেত্ৰতো দৃঢ়তাৰে সেৱা আগবঢ়াবলৈ পৰামৰ্শ দিয়ে ৰাজ্যপাল মিশ্ৰাই।
আনহাতে ৰাজ্যপালে লামা ফাণ্টছকৰ বিদ্যালয়খনৰ প্ৰতি অবদান তথা শিক্ষা প্ৰদানৰ দৰে মহান কামত ব্ৰতী হৈ থকা বিধ্যালয়খনৰ সকলো কৰ্ম-কৰ্তাকে ধন্যবাদ জনায়। তদুপৰি বিদ্যালয়খনৰ উন্নয়নৰ বাবে ৰাজ্যপাল মিশ্ৰই এক লাখ টকাৰ আৰ্থিক সহায়ো আগবঢ়োৱা পৰিলক্ষিত হয়।
বিদ্যালয়খনত উপস্থিত হোৱাৰ পূৰ্বে ৰাজ্যপাল মিশ্ৰই সহধৰ্মিণীৰ সৈতে খিনমেই বৌদ্ধ মঠ আৰু প্ৰয়াত দৰ্জী খাণ্ডু স্মাৰক সংগ্ৰাহালয় পৰিভ্ৰমণ কৰে।
ইয়াৰ উপৰি ৰাজ্যপাল আৰু পত্নীয়ে টেক্সটাইল, বস্ত্ৰ আৰু হস্তশিল্প এম্পোৰিয়াম পৰিদৰ্শন কৰাৰ লগতে বিভিন্ন প্ৰদৰ্শনীতো অংশ লোৱা পৰিলক্ষিত হয়। ৰাজ্যপাল মিশ্ৰই স্থানীয় যুৱক-যুৱতীসকলৰ মাজত জনপ্ৰিয়তা বঢ়োৱাৰ বাবে স্থানীয় বস্ত্ৰ আৰু হস্তশিল্পৰ প্ৰতি অধিক গুৰুত্ব প্ৰদান কৰাৰ আহ্বান জনায়।
উল্লেখ্য যে ৰাজ্যপালে জিলা উপায়ুক্ত, জিলাৰ আৰক্ষী অধীক্ষক আৰু বিভিন্ন শীৰ্ষ পৰ্যায়ৰ বিষয়াসকলৰ লগতো ৰাজ্যখনৰ উন্নয়ন সম্পৰ্কে এক পৰ্যালোচনা মূলক সভাত অংশ লয়। এই আলোচনাত ৰাজ্যৰ সকলো স্তৰৰ জনসাধাৰণৰ উন্নয়নৰ বাবে কেনেদৰে এশ শতাংশ উন্নয়নমূলক আঁচনিৰ সফলতা লাভ কৰিব পাৰি সেই বিষয়ে ৰাজ্যপালে বহুটো পৰামৰ্শ আগবঢ়ায়।