টিহুত আজিৰ পৰা পাঁচ দিনীয়া ‘প্ৰাক বহাগী বস্ত্ৰ মেলা’ আৰম্ভ

prak bahagi bastra mela

প্ৰাক বহাগী বস্ত্ৰ মেলাৰ উদ্বোধনী অনুষ্ঠানত সমৱেত জনসমুদ্ৰৰ একাংশ

সোমবাৰে  টিহু উন্নয়ন খণ্ডৰ উদ্যোগত আৰু টিহু উন্নয়ন খণ্ডৰ অন্তৰ্গত মহিলা আত্মসহায়ক গোট সমূহৰ সহযোগত টিহুত পাঁচ দিনীয়া কাৰ্য্যসূচীৰে ‘প্ৰাক বহাগী বস্ত্ৰ মেলা’ নামেৰে থলুৱা গামোছা, মেখেলা চাদৰ আদিৰ প্ৰদৰ্শন আৰু বিক্ৰিৰ উদ্দেশ্য আগত ৰাখি মেলা এখনৰ উদ্বোধন কৰা হয় ।

মেলাখনৰ উদ্বোধনী অনুষ্ঠানত নলবাৰী জিলাৰ উপায়ুক্ত, পাটাছাৰকুছি সমষ্টিৰ বিধায়ক, টিহুৰ ভাৰপ্ৰাপ্ত মহকুমা বিষয়া , টিহুৰ খণ্ড উন্নয়ন বিষয়া  আদি বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।

‘প্ৰাক বহাগী বস্ত্ৰ মেলা’খন  উদ্বোধন কৰে অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে । প্ৰস্তুতি পৰাশৰে নিজৰ ভাষণত ভূপেন হাজৰিকাৰ গীতৰ কলি আৰু মহাত্মা গান্ধীৰ অসমীয়া শিপিনীক কৰা প্ৰশংসাৰ উদ্ধৃতি দি ‘নাৰী ভগৱানৰ শ্ৰেষ্ঠ সৃষ্টি’ বুলি অভিহিত কৰে ।  তেওঁ বহিঃৰাজ্যৰ বস্ত্ৰৰ লগত ফেৰ মাৰিব পৰাকৈ অসমৰ শিপিনীসকলক সক্ষম কৰি তুলিবলৈ চৰকাৰক উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে অনুৰোধ জনায়।

ইয়াৰ পিছত স্থানীয় বিধায়কজনেও নাৰী সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি নিজৰ ব্যক্তব্য দাঙি ধৰে ।

প্ৰাক বহাগী মেলাত মুঠ ৬খন বিপণিত প্ৰায় ৬০ হাজাৰৰো অধিক গামোচা, মেখেলা চাদৰ, দখনা চেলেং আদি বিক্ৰী আৰু প্ৰদৰ্শনৰ বাবে ৰখা হৈছে বুলি জীৱিকা সখী আৰতি ৰাজবংশী আৰু ৰীতা ৰাজবংশীয়ে জানিবলৈ দিছে ।