ডঃ ভবেন্দ্ৰ নাথ শইকীয়াৰ জন্ম দিৱস উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ‘আৰোহন’ৰ স্মৃতিচাৰণ সভা

ডঃ ভবেন্দ্ৰ নাথ শইকীয়া স্মৃতিচাৰণ সভা

অসমৰ প্ৰখ্যাত সাহিত্যিক, চিনে’মা নিৰ্মাতা, নাট্যকাৰ, পৰিচালক, অধ্যাপক  ড০ ভবেন্দ্ৰ নাথ শইকীয়াৰ ৮৭ সংখ্যক জন্ম দিৱস উপলক্ষে মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ‘আৰোহন (ডঃ ভবেন্দ্ৰ নাথ শইকীয়া শিশু ন্যাস)’ৰ উদ্যোগত এক স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়।

স্মৃতিচাৰণ অনুষ্ঠানটোত ‘আৰোহন’ৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলে সংগীত, নৃত্য, বাদ্য বাদন পৰিৱেশন কৰে।

জীয়াই থকা অৱস্থাতে ভবেন্দ্ৰ নাথ শইকীয়াই তেওঁৰ ব্যক্তিগত উদ্যোগত সাঁচতীয়া ধন খৰচ কৰি শিশুসকলৰ বিশেষকৈ দুখীয়া কণমানিহঁতক সহায় আগবঢ়াবলৈ গুৱাহাটীৰ দিচপুৰৰ ওচৰৰ হাওজিঙত ‘আৰোহন’ নামৰ এক অনুষ্ঠান আৰম্ভ কৰিছিল।

স্মৃতিচাৰণ সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভবেন্দ্ৰ নাথ শইকীয়া শিশু ন্যাসৰ মুখ্য উপদেষ্টা ড০ কুলেন্দু পাঠকে কয় : শইকীয়া ছাৰক লগ পোৱাৰ ভিতৰত ময়েই আটাইতকৈ প্ৰাচীন। তেওঁৰ সহধৰ্মিনী প্ৰীতি শইকীয়া বাইদেউতকৈ আগতে মই ছাৰক লগ পাইছিলো। মই ছাৰৰ এজন প্ৰিয় ছাত্ৰ আছিলো।

তদুপৰি তেওঁ সভাত উপস্থিত থকা কণ কণ শিশু সকলক ভবেন্দ্ৰ নাথ শইকীয়াতকৈ ভাগ্যবান বুলি সদৰী কৰি কয় : “তেওঁ যেনেকুৱা এটা অৱস্থাৰ পৰা আহিছে সেয়া হয়তো সভাত উপস্থিত থকা কোনেও কল্পনা কৰিব নোৱাৰিব। তেওঁ বহু বেয়াকৈ আৰ্থিক সংকটত ভূগিও তেখেতৰ সৃষ্টিৰাজি অবিৰামভাবে চলাই নিছিল। লগতে তেওঁ নিজে প্ৰতিষ্ঠিত ব্যক্তি হৈয়ো আনক প্ৰতিষ্ঠিত কৰাত সহায় কৰিছিল।”

লক্ষণীয় যে পাঠকে দুখ প্ৰকাশ কৰি কয় “ছাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক আছিল। তেওঁ পদাৰ্থ বিজ্ঞানৰ অধ্যাপক নোহোৱা হ’লে অসমীয়া চলচ্চিত্ৰ তথা নাট্যজগতৰ আৰু অধিক মনোনিবেশ কৰিব পাৰিলেহেতেন। তেওঁৰ লিখনিবোৰৰ পৰা এই কথা গম পোৱা যায়।”

সভাখনত উপস্থিত থকা বিশিষ্ট অভিনেতা ড০ হেমেন বৰ্মনে অভিনয় ক্ষেত্ৰৰ সৈতে জড়িত কিছু ৰসাল মুহূৰ্তৰ কথা সুঁৱৰে। তদুপৰি তেওঁ শইকীয়াক সময়ৰ প্ৰতি সদায় সজাগ থকা ব্যক্তি আছিল বুলি সদৰী কৰে।

সেই সভাতে “আৰোহণ” ৰ উদ্যোগত আয়োজিত চিত্ৰাংকন প্ৰতিযোগিতাত বিজয়ী সকলক বটা বিতৰণ কৰা হয়।

সেই স্মৃতিচাৰণ সভাত শইকীয়া দেৱৰ সহধৰ্মিনী প্ৰীতি শইকীয়া আৰু বিশিষ্টা অভিনেত্ৰী তথা ন্যাসৰ সম্পাদক মলয়া গোস্বামী, ন্যাসক আৰ্থিক দিশত সহায়-সহযোগিতা আগবঢ়োৱা নুৰুদ্দিন আহমেদ উপস্থিত থাকে।

সভাৰ শেষত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মলয়া গোস্বামীয়ে কয় “এই শিশু ন্যাসত দীৰ্ঘদিন ধৰি নৃত্য, সংগীত, অভিনয়, চিত্ৰাংকন ইত্যাদি বিষয়ত প্ৰশিক্ষণ দি থকা হৈছে। ইয়াৰোপৰি আৰোহনৰ জৰিয়তে শিশু সকলৰ বৌদ্ধিক তথা শাৰিৰীক বিকাশৰ ক্ষেত্ৰত যি পৰ্যায়লৈকে পাৰি চেষ্টা কৰি যাম।”

তদুপৰি মুখ্য ন্যাসৰক্ষী প্ৰীতি শইকায়াই কয় “মোৰ স্বামীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে ২০০৫ চনৰ পৰাই আৰোহনৰ উদ্যোগত স্মৃতিচাৰণ সভাৰ লগতে সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰি আহিছো।

তদুপৰি প্ৰীতি শইকীয়াই  ২০১৯ চনৰ পৰা বিশিষ্ট সাহিত্যিক, নাট্যকাৰ ড০ ভবেন্দ্ৰ নাথ শইকীয়াৰ নামত নৱপ্ৰজন্মৰ আগৰণুৱা শিল্পীসকলক এটি বঁটা প্ৰদান কৰা হ’ব বুলি সদৰী কৰে।