NORTHEAST NOW (Assamese)

ডকমকাৰ ঘটনা : বিশ্বনাথত বন্তি প্ৰজ্জ্বলন, মৌন প্ৰাৰ্থনাৰে মৃতকলৈ শ্ৰদ্ধাঞ্জলি দুৰ্নীতিবিৰোধী যুৱ শক্তিৰ

June 14, 2018 8:45 pm · কাজী জেইদুল ইছলাম

কাৰ্বি আংলঙৰ ডকমকাত হত্যাৰ বলি হোৱা নীলোৎপল দাস আৰু অভিজিত নাথৰ প্ৰতি দুৰ্নীতিবিৰোধী যুৱ শক্তি, অসমৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত আৰু বিশ্বনাথ ঘাটবাসী ৰাইজৰ সহযোগত আজি ১৪ জুনত বিশ্বনাথত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়।

বিশ্বনাথ ঘাট ডাকঘৰৰ সমীপত বন্তি প্ৰজ্বলন আৰু মৌন প্ৰাৰ্থনাৰে মৃত যুৱক দুজনৰ প্ৰতি শ্ৰদ্ধা জনোৱা হয়।

অনুষ্ঠানটোত বিশ্বনাথ ঘাটৰ কেইবাখনো গাঁৱৰ লোকৰ লগতে সংগঠনটোৰ বহু কেইজন বিষয় ববীয়াই অংশগ্ৰহণ কৰে।

অনুষ্ঠানটোত কেন্দ্ৰীয় মুখ্য সাংগঠনিক সম্পাদক গৌৰৱ জ্যোতি ভৰালী, বিশ্বনাথ জিলা সমিতিৰ সভাপতি সুসান্ত শইকীয়া, সম্পাদক দিপাংকৰ শইকীয়াৰ লগতে বহুকেইজন বিষয়ববীয়া উপস্থিত থাকে।

Related News