NORTHEAST NOW (Assamese)

ডকমকা কাণ্ডৰ প্ৰতিবাদ আৰু অভিজিৎ-নীলোৎপলৰ আত্মাৰ শান্তিৰ বাবে টংলাত মৌন সমদল

June 14, 2018 11:44 pm · ছাজিদ খান

কাৰ্বি আংলঙৰ ডকমকাত সংঘটিত নৃশংস হত্যাকাণ্ডৰ বলি অভিজিৎ নাথ আৰু নীলোৎপল দাসৰ মৃত্যুত সমগ্ৰ ৰাজ্যৰ লগতে ম্ৰিয়মান হৈ পৰা ওদালগুৰি বাসীয়ে আজি আৱেলি টংলা নগৰত বন্তি প্ৰজ্জ্বলনৰে এক মৌন সমদল বাহিৰ কৰে।

টংলাৰ স্থানীয় স্বেচ্ছাসেৱী সংগঠন আগনৰ উদ্যোগত অনুষ্ঠিত উক্ত মৌন সমদলত অঞ্চলটোৰ জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো লোকেই অংশ গ্ৰহণ কৰে।

মৌন সমদলটোক অভিনেতা পবিত্ৰ ৰাভা আৰু তেওঁৰ থিয়েটাৰ গোষ্ঠি দাপোনৰ সদ্যসকলে নেতৃত্ব দিয়ে। মৌন সমদলটোত গোট খোৱা লোকসকলক সম্বোধন কৰি ৰাভাই কয়, ‘আমি এজনে আনজনৰ কথা শুনা উচিত, এখন সুস্থ সমাজৰ উদ্দেশ্যে আনৰ দুখ-বেদনা বুজা উচিত।‘

তেওঁ আৰু কয় যে ৰাজ্যখনে যাতে আকৌ কোনোদিনে দিনে এনে ঘটনাৰ সাক্ষী হ’বলগীয়া নহয়। দোষীক উচিত শাস্তি দিয়াৰ দাবী জনাই তেওঁ মিলা-প্ৰীতিৰে বসবাস কৰি যাতে এখন সুস্থিৰ সমাজ গঢ়াৰ সংকল্প ল’বলৈ আহ্বান জনায়।

উক্ত অনুষ্ঠানতে সমবেত লোকসকলে কোনোধৰণৰ উৰাবাতৰিক যাতে ৰাইজে প্ৰশ্ৰয় নিদিয়ে সেই সন্দৰ্ভতো সকলো সজাগ হোৱাৰ ওপৰত গুৰুত্ব দিয়ে।

Related News