• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্য চৰকাৰক বাহিৰা শক্তিয়ে অস্থিৰ কৰিব বিচাৰি আছে : মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
June 14, 2018 10:15 pm
Chandra-Mohan-Patowary-adressing-media-persons-at-Dispur-on-Thursday.-UB-3-570x320

মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী : ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰক এক বাহিৰা শক্তিয়ে অস্থিৰ কৰি তোলাৰ বাবে ষড়যন্ত্ৰত নামি পৰিছে।এইক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছে কংগ্ৰেছ দলে। আজি বৰপেটাত ঔদ্যোগীক আৰু পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এই অভিযোগ উত্থাপন কৰে।

অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অংশ হিচাপে নলবাৰীৰ ধৰ্মপুৰ সমষ্টিত অনুষ্ঠিত হ’বলগা মহিলা সমাৰোহৰ এক প্ৰস্তুতি সভাত অংশ গ্ৰহণ কৰিবলৈ আহি মন্ত্ৰী গৰাকীয়ে বৰপেটাত কয় যে, সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে প্ৰথমৰ পৰাই দুৰ্নীতিৰ বিৰুদ্ধে এক শক্তিশালী স্থিতি গ্ৰহণ কৰিছে।

Apply Now

চৰকাৰখনে ৰাজ্যখনক উন্নয়নৰ পথত আগুৱাই নিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে, অসমক দেশৰ ভিতৰতে ৫খন উন্নয়নশীল ৰাজ্যৰ ভিতৰত অন্যতম ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰখনে অহোপুৰুষাৰ্থ কৰিছে।

কৃষকসকলৰ উন্নয়ন, শিক্ষিত নিবনুৱাসকলৰ সংস্থাপন আদিকে ধৰি বিভিন্ন আঁচনি ৰাজ্য চৰকাৰখনে গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, পূৰ্বৰ চৰকাৰৰ তুলনাত বৰ্তমান বহু পৰিমাণে দুৰ্নীতি হ্ৰাস পাইছে।

চৰকাৰখনৰ জনপ্ৰিয়তাক বাধাগ্ৰস্ত কৰাৰ লগতে নিজৰ ন্যস্ত স্বাৰ্থ জড়িত ৰাজনৈতিক আশা-আকাংক্ষা পূৰণ কৰাৰ বাবে এক বাহিৰা শক্তিয়ে চৰকাৰখনক অস্থিৰ কৰি তোলাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বুলিও মন্ত্ৰী গৰাকীয়ে অভিযোগ কৰে। এইক্ষেত্ৰত কংগ্ৰেছ দলে চৰকাৰখনক অস্থিৰ কৰি ৰাজনৈতিক মুনাফা আদায়ৰ বাবে অহৰহ চেষ্টা চলাই আহিছে বুলি মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে।

তেওঁ কয় যে, ৰাজ্যখনৰ অন্য ৰাজনৈতিক দলসমূহৰ বিৰোধী আসনত বহাৰ মানসিকতা আছে যদিও একমাত্ৰ কংগ্ৰেছ দলৰ এই মানসিকতা নাই। ক্ষমতাত অধিষ্ঠিত হ’বলৈ নাপালে কংগ্ৰেছ দল অস্থিৰ হৈ পৰে বুলি উল্লেখ কৰি তেওঁ কয় যে, ক্ষমতা লাভ নকৰাৰ অস্থিৰতাৰ বাবেই চৰকাৰক বিভিন্ন প্ৰকাৰে অস্থিৰ কৰিব বিচাৰে কংগ্ৰেছ দলে।

আনহাতে, কাৰ্বি আংলং জিলাৰ ডকমকাত সংঘটিত নীলোৎপল-অভিজিতৰ হত্যাকাণ্ডৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এই ঘটনাক তীব্ৰ নিন্দা কৰে। এই ঘটনা সন্দৰ্ভত চৰকাৰে দৃঢ় পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, এই ঘটনাৰ লগত জড়িত ভালেসংখ্যক অভিযুক্তক আটক কৰাৰ লগতে মূল অভিযুক্তকো আটক কৰা হৈছে।

আনহাতে, চ’ছিয়েল মিডিয়াৰ জৰিয়তে উৰাবাতৰি বিয়পোৱা সকলৰ ওপৰতো প্ৰশাসনে চকু ৰাখিছে আৰু এইক্ষেত্ৰত ভালেকেইজনক আটক কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে কয়। নীলোৎপল-অভিজিতৰ হত্যাকাণ্ডৰ লগত জড়িত কোনো দোষীয়ে হাত সাৰি যাব নোৱাৰে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি দোষীক দৃষ্টামূলক শাস্তি দিয়া হ’ব বুলিও কয়।

উল্লেখযোগ্য যে, ১৯ জুনত নলবাৰীৰ ধৰ্মপুৰ সমষ্টিত অনুষ্ঠিত হ’বলগা মহিলা সমাৰোহৰ প্ৰস্তুতি হিচাপে আজি বৰপেটাৰ বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত এই  সভাত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে অংশ গ্ৰহণ কৰাৰ লগতে অসম ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক দিলীপ শইকীয়া, অসম ৰাজ্যিক বিজেপিৰ সম্পাদিকা জানকী গোস্বামী, বৰপেটা জিলা বিজেপিৰ সভাপতি শংকৰ চন্দ্ৰ দাস, অসম বিত্তীয় নিগমৰ উপাধ্যক্ষ অনিল দাস, জিলাৰ সাধাৰণ সম্পাদক নৱ কুমাৰ দাসৰ লগতে অন্যান্য নেতৃবৃন্দ আৰু মহিলা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত আছিল।

পুলেন্দ্ৰ দাস

পুলেন্দ্ৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

June 8, 2026 8:42 am
ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকৰ পূৰ্বে মমতা-কেজৰিৱালৰ গোপন বৈঠকক লৈ বৃদ্ধি পাইছে জল্পনা-কল্পনা

ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকৰ পূৰ্বে মমতা-কেজৰিৱালৰ গোপন বৈঠকক লৈ বৃদ্ধি পাইছে জল্পনা-কল্পনা

June 8, 2026 8:11 am
‘আপুনি হয় মূৰ্খ নহয় অসৎ’, সাক্ষাৎকাৰৰ মাজতে মাইক্ৰ’ফোন দলিয়াই উঠি গ’ল ড’নাল্ড ট্ৰাম্প

‘আপুনি হয় মূৰ্খ নহয় অসৎ’, সাক্ষাৎকাৰৰ মাজতে মাইক্ৰ’ফোন দলিয়াই উঠি গ’ল ড’নাল্ড ট্ৰাম্প

June 8, 2026 7:42 am
হাতত ধৰি শিকাব নালাগে; মাকক দেখিয়েই এই ৬টা শিক্ষা লাভ কৰে শিশুৱে

হাতত ধৰি শিকাব নালাগে; মাকক দেখিয়েই এই ৬টা শিক্ষা লাভ কৰে শিশুৱে

June 8, 2026 7:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

June 8, 2026 8:42 am
ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকৰ পূৰ্বে মমতা-কেজৰিৱালৰ গোপন বৈঠকক লৈ বৃদ্ধি পাইছে জল্পনা-কল্পনা

ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকৰ পূৰ্বে মমতা-কেজৰিৱালৰ গোপন বৈঠকক লৈ বৃদ্ধি পাইছে জল্পনা-কল্পনা

June 8, 2026 8:11 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd