• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শাসন পাই অগপই পাহৰিলে প্ৰতিষ্ঠাপক নেতাক; ৮০ বছৰ বয়সত আজিও আঞ্চলিকতাবাদকে ধিয়াই থানেশ্বৰ বড়োৱে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 14, 2018 11:45 pm
thaneswar boro

গাঁৱৰ ঘৰত থানেশ্বৰ বড়ো

13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অগপ দলৰ প্ৰতিষ্ঠাপক নেতা, দুয়োখন অগপ চৰকাৰৰ একালৰ কেন্দ্ৰীয় মন্ত্ৰী, বৰ্তমান ৮০ বছৰ অতিক্ৰম কৰা থানেশ্বৰ বড়োক পাহৰিলে নেকি অগপৰ নেতৃত্বই?

যোৱা ২০১৬ চনৰ বিধান সভা নিৰ্বাচনত টিকেট নোপোৱা বাবে নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰাৰ পিছত বড়োক দলৰ পৰা বহিষ্কাৰ কৰিছিল অগপই।

Apply Now

অগপই বহিষ্কাৰ কৰিলেও আঞ্চলিকতাবাদত গভীৰ আস্থা বৰ্ষীয়ান নেতাজনৰ। নৰ্থ ইষ্ট নাও-ৰ সৈতে কথা পাতোতেও তেওঁৰ কথা লিখিবলৈ গৈ দলৰ কথা বেয়াকে নিলিখিবলৈ বড়োৱে অনুৰোধ কৰে।

‘মই ঘোৰ আঞ্চলিকতাবাদী। অসমত অগপৰ সৈতে মিত্ৰজোঁট কৰিব পৰাকৈ এটা আঞ্চলিকতাবাদী দলৰ প্ৰয়োজন। দুই-তিনিটা আঞ্চলিকতাবাদী দল যদি একত্ৰিত হয়, তেতিয়া ৰাষ্ট্ৰীয়তাবাদী দল কংগ্ৰেছ আৰু বিজেপিয়ে কোনোধৰণৰ পাত্তা নাপায়,’ ক’লে থানেশ্বৰ বড়োৱে।

‘মই দলটোক বেয়া নাপাওঁ, অগপৰ প্ৰতি মোৰ অশ্ৰদ্ধ শ্ৰদ্ধা’ বুলি উল্লেখ কৰি বড়োৱে কয় যে তেওঁ কেতিয়াও দলটোৰ পৰা পদত্যাগ কৰা নাই।

অগপত কিছুমান বিশেষ সম্প্ৰদায়ক অৱহেলা কৰাৰ লেখীয়া মানসিকতা গঢ় লৈ উঠা বুলিও বড়োৱে অভিযোগ কৰে।

অগপ নেতৃত্বই তেওঁক ‘এৰি চলাৰ এটা কৌশল’ লৈছিল বুলি দাবী কৰি কয় ‘দুৰ্গা দাস বড়োকো জেকাই-জেকাই এনেকুৱা পৰিস্থিতি আনিলে যে তেওঁ দলৰ পৰাই পদত্যাগ কৰিবলগীয়া হ’ল।‘

২০১৬ চনৰ নিৰ্বাচনৰ পূৰ্বে দলৰ জ্যেষ্ঠ হিচাপে একো কথাই তেওঁ ‘গম পোৱা নাছিল’ বুলি উল্লেখ কৰি থানেশ্বৰ বড়োৱে কয় ‘মই দলৰ ভিতৰত যদি কাৰোবাৰ মাজত কাজিয়া লাগে সেইবোৰ মীমাংসা কৰি দিছিলো। কাৰ্য্যকৰী সভাপতিৰ পদটো দলৰ মজিয়াত মই সৃষ্টি কৰি আহিছো।’

১৯৮৫ৰ পৰা ১৯৯০ চনলৈকে তেওঁ অগপ চৰকাৰৰ পৰিকল্পনা আৰু ৰাজহ মন্ত্ৰী আৰু ১৯৯১ৰ পৰা ১৯৯৬ চনলৈকে বিধায়ক আৰু ১৯৯৬ ৰ পৰা ২০০১ লৈকে শিক্ষা মন্ত্ৰীৰ দায়িত্বত আছিল।

১৯৬৫ চনত বি বৰুৱা মহাবিদ্যালয়ত শিক্ষা বিভাগৰ প্ৰবক্তা হিচাপে যোগদান কৰা থানেশ্বৰ বড়োৱে প্ৰায় ২০ বছৰ কাল মহাবিদ্যালয়খনত শিক্ষকতা কৰিছিল।

তেওঁৰ ৰাজনৈতিক জীৱন আৰম্ভ হৈছিল ১৯৭৯ চনত অৰ্থাৎ অসম আন্দোলনৰ আৰম্ভ হোৱাৰ সময়ৰ পৰা। তেওঁ সেইসময়ত আঞ্চলিক গণ সংগ্ৰাম পৰিষদৰ শ্ৰীমন্তপুৰ আঞ্চলিকৰ সভাপতি আছিল। তাৰ পিছত নিবাৰণ বৰাৰ নেতৃত্বত পূৰ্বাঞ্চলীয় লোক পৰিষদত যোগদান কৰিছিল আৰু পিছলৈ তেওঁ দলৰ সভাপতি পদ অলংকৃত কৰিছিল। পিছত তেওঁ সদৌ অসম গণ সংগ্ৰাম পৰিষদৰ কাৰ্য্যবাহী সদস্য হিচাপে নিযুক্ত হয়।

অগপ দল গঠন হোৱাৰ সময়ত তেওঁ পুৰ্বাঞ্চলীয় লোক পৰিষদৰ তৰফৰ পৰা প্ৰতিষ্ঠাপক সভাপতি আছিল আৰু প্ৰফুল্ল কুমাৰ মহন্ত আছিল সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা সভাপতি। মূল দায়িত্বত সেই সময়ত প্ৰফুল্ল কুমাৰ মহন্ত আছিল যদিও ৬ জনীয়া সভাপতিৰে সমান দায়িত্ব আছিল বুলি জানিব পৰা গৈছে। প্ৰফুল্ল কুমাৰ মহন্তৰ অনুপস্থিতিত বাকীকেইগৰাকী সভাপতিয়ে কাৰ্য্যভাৰ চলাই নিছিল।

তেওঁ ৰাজহ মন্ত্ৰী হিচাপে থাঁকোতে কৰা কামৰ কিছু আৰ্হিৰ ভিতৰত গুৱাহাটীত খিলঞ্জীয়া লোকসকলক, যিসকলে ১৫ বছৰ ধৰি চৰকাৰী মাটি দখল কৰি আছিল সেইসকলক সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিছিল আৰু তেওঁৰ কাৰ্য্যকালত ৪-৫ বছৰ ধৰি তেওঁ কোনো লোককে উচ্ছেদ কৰা নাছিল। লগতে দিচপুৰৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়, উত্তৰ গুৱাহাটীৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়কে ধৰি প্ৰায় ২০ টা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয় থানেশ্বৰ বড়োৰ দিনতে স্থাপিত হৈছিল বুলি জানিব পৰা গৈছে।

শিক্ষা বিভাগৰ দায়িত্বত থাকোতেও তেওঁ কাছাৰৰ আঞ্চলিক অভিযান্ত্ৰিক মহাবিদ্যালয়খন ৰাষ্ট্ৰীয় প্ৰযুক্তিগত প্ৰতিষ্ঠানলৈ উন্নীতকৰণ কৰাৰ লগতে কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ কেম্পাচ নিৰ্মাণ কৰিছিল। তাৎপৰ্য্যপূৰ্ণ কথা যে ১৯৯৯ চনত ছেবাত পূৰ্বতে সৰ্বমুঠ ৯০০ নম্বৰৰ পৰীক্ষা অনুষ্ঠিত হৈছিল যদিও তেওঁ এই পৰিমাণ ৬০০ লৈ হ্ৰাস কৰিছিল।

তেওঁ লগতে কোকোৰাঝাৰ বিশ্ববিদ্যালয়ত স্নাতক পৰ্য্যায়ত বড়ো ভাষাৰ অন্তৰ্ভূক্ত কৰিছিল আৰু গুৱাহাটী বিশ্ববিদ্যালয়তো স্নাতকোত্তৰ পৰ্য্যায়ত বড়ো ভাষা অধ্যয়নৰ কাৰণে ছাত্ৰ-ছাত্ৰীসকলে সুবিধা লাভ কৰিছিল।

প্ৰাক্তন কেবিনেট মন্ত্ৰী হিচাপে নিজৰ কাৰ্য্যভাৰ সুচাৰুপে পৰিচালনা কৰা তথা অগপৰ প্ৰতিষ্ঠাপক সভাপতি হৈয়ো তেওঁক দলৰ পৰা বহিস্কাৰ কৰা কথাটোৱে এগৰাকী বৰ্ষীয়ান নেতাৰ প্ৰতি চৰম অপমানৰ কথাটোৱেই সূচাইছে।

তেওঁ বৰ্তমান আজৰি সময়খিনি গাঁৱৰে লোকসকলক টাইপ ৰাইটাৰত দৰ্খাস্ত লিখা কামত ব্যস্ত থকাৰ উপৰিও বিষয়া-কৰ্মচাৰী তথা শিক্ষকসকলৰ যিকোনো অসুবিধাৰ সন্মুখীন হ’লে ৰাজ্যখনৰ মুখ্য মন্ত্ৰীলৈ চিঠি লিখি দিয়াত সহায় কৰা বুলিও জানিব পৰা গৈছে।

উল্লেখ্য যে তেওঁ নিজকে অতি সুখেৰে জীৱন অতিবাহিত কৰা বুলি আমাৰ সাংবাদিকক কোৱাৰ বিপৰীতে ছ’চিয়েল মেডিয়াত কিছুসংখ্যকে টাইপ ৰাইটাৰ কৰি জীৱন নিৰ্বাহ কৰা বুলি পোষ্ট শ্বেয়াৰ কৰা পৰিলক্ষিত হৈছে। লগতে তেওঁলোকে দুবাৰকৈ কেবিনেট মন্ত্ৰী হিচাপে তথা ৰঙিয়া সমষ্টিৰ পৰা তিনিবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছতো তেওঁ টাইপ ৰাইটাৰ হিচাপে জীৱিকা নিৰ্বাহ কৰা বাবে তেওঁক এবাৰ সাক্ষাৎ কৰি যাবৰ বাবেও কিছুসংখ্যকে ছ’চিয়েল মেডিয়াত পোষ্ট কৰা দেখিবলৈ পোৱা গৈছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নেপালৰ বিধ্বংসী বানত কেনেকৈ এখন বিদ্যালয়ৰ অধ্যক্ষই ৰক্ষা কৰিলে ১৬৪৩ গৰাকী শিক্ষাৰ্থীৰ জীৱন?

নেপালৰ বিধ্বংসী বানত কেনেকৈ এখন বিদ্যালয়ৰ অধ্যক্ষই ৰক্ষা কৰিলে ১৬৪৩ গৰাকী শিক্ষাৰ্থীৰ জীৱন?

August 30, 2026 1:34 pm
‘প্ৰথমে পদত্যাগ কৰক’, এজন মন্ত্ৰীয়ে ক’লে আনজনক! সংৰক্ষণ বিষয়ত মোডী মন্ত্ৰীসভাত তীব্ৰ সংঘাত!

‘প্ৰথমে পদত্যাগ কৰক’, এজন মন্ত্ৰীয়ে ক’লে আনজনক! সংৰক্ষণ বিষয়ত মোডী মন্ত্ৰীসভাত তীব্ৰ সংঘাত!

August 30, 2026 12:04 pm
অবিশ্বাস্য! ধ্বংসস্তুপৰ তলত চেপা খাই পৰি আছিল ৩ দিন; নেপালত প্ৰাণ ৰক্ষা পৰিল ৬ বছৰীয়া শিশুৰ

অবিশ্বাস্য! ধ্বংসস্তুপৰ তলত চেপা খাই পৰি আছিল ৩ দিন; নেপালত প্ৰাণ ৰক্ষা পৰিল ৬ বছৰীয়া শিশুৰ

August 30, 2026 10:38 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 30, 2026 9:23 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেপালৰ বিধ্বংসী বানত কেনেকৈ এখন বিদ্যালয়ৰ অধ্যক্ষই ৰক্ষা কৰিলে ১৬৪৩ গৰাকী শিক্ষাৰ্থীৰ জীৱন?

নেপালৰ বিধ্বংসী বানত কেনেকৈ এখন বিদ্যালয়ৰ অধ্যক্ষই ৰক্ষা কৰিলে ১৬৪৩ গৰাকী শিক্ষাৰ্থীৰ জীৱন?

August 30, 2026 1:34 pm
‘প্ৰথমে পদত্যাগ কৰক’, এজন মন্ত্ৰীয়ে ক’লে আনজনক! সংৰক্ষণ বিষয়ত মোডী মন্ত্ৰীসভাত তীব্ৰ সংঘাত!

‘প্ৰথমে পদত্যাগ কৰক’, এজন মন্ত্ৰীয়ে ক’লে আনজনক! সংৰক্ষণ বিষয়ত মোডী মন্ত্ৰীসভাত তীব্ৰ সংঘাত!

August 30, 2026 12:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd