NORTHEAST NOW (Assamese)

ডকমকা কাণ্ডৰ সৈতে জড়িত পুনৰ ৫ জন অভিযুক্তক গ্ৰেপ্তাৰ : গ্ৰেপ্তাৰৰ সংখ্যা ৩৬ জনলৈ বৃদ্ধি

June 18, 2018 6:08 pm · এন ই নাও নিউজ
ফটো নিউজ ১৮ৰ ফেচবুক পেজৰ পৰা সংগ্ৰহ।

কাৰ্বি আংলঙৰ ডকমকাত সংঘটিত সমগ্ৰ ৰাজ্য কঁপাই যোৱা নাৰকীয় কাণ্ডৰ সৈতে জড়িত আৰু পাঁচজন অভিযুক্তক আৰক্ষীয়ে আজি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ধৃত অভিযুক্ত কেইজনক ক্ৰমে ৰাইকম টিমুং, বিক্ৰম হানছে, ৰবেন মেচ, মেনছিং ক্ৰ’ আৰু প্ৰতাপ ক্ৰ’ বুলি আৰক্ষীয়ে চিনাক্তকৰণ কৰিছে।

উল্লেখযোগ্য দেওবাৰে অকণ দৈমাৰী নামৰ এজন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে আজি পুনৰ পাঁচজন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাত মুঠ গ্ৰেপ্তাৰ কৰাৰ অভিযুক্তৰ সংখ্যা ৩৬ জনলৈ বৃদ্ধি পালে।

এই ৩৬ জন অভিযুক্তই ৮ জুনত কাৰ্বি আংলঙৰ ডকমকাত নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা কৰা অভিজিত নাথ আৰু নীলোৎপল দাসৰ হত্যাকাণ্ডৰ সৈতে জড়িত।

 

Related News