ডিব্ৰুগড়ত আটক আলফা(স্বাঃ)ৰ এজন সদস্য : ৯ এম এম পিষ্টলৰ লগতে উদ্ধাৰ ২ জাঁই সক্ৰিয় গুলী

Ulfa (Independent) cadre nabbed

আজি ডিব্ৰুগড় জিলাৰ নাৰকটীয়া অঞ্চলৰ পৰা আটক হয় নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফা(স্বাঃ)ৰ এজন সদস্য।

এই আলফা(স্বাঃ)ৰ সদস্যগৰাকীক নাহৰকটীয়াৰ সমীপৱৰ্তী কলাইপানী গাঁওৰ পৰা ৰাজপুতনা ৰাইফলৰ ৯ নং বেটেলিয়নে বিদ্ৰোহী বিৰোধী অভিযানৰ সময়ত আটক কৰিবলৈ সক্ষম হয়।

অনুপ গগৈ বুলি চিনাক্ত কৰা আটকাধীন আলফা(স্বা)ৰ সদস্যজনৰ পৰা অভিযানকাৰী দলটোৱে এটা ৯ এমএম পিষ্টলৰ লগতে ২ জাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰে।

উল্লেখ্য যে আটক কৰা উগ্ৰপন্থী সদস্যজনক পাছত অভিযানকাৰী বেটেলিয়নৰ দলটোৱে নাহৰকটীয়া আৰক্ষী থানাক গতাই দিয়ে।

ইফালে সদস্যজনৰ ওপৰত ১৯৫৯ অস্ত্ৰ আইনৰ অধীনত ১২১(এ), ১২০(বি), আৰ/ডব্লিউ ধাৰা ২৫(আই) (এ) আৰু ১৯৬৭ আইনৰ আৰ/ডব্লিউ ধাৰা ১০/১৩ ইউএ(পি)ৰ অধীনত গোচৰ ৰুজু কৰা হয়।

শেহতীয়াকৈ আমালৈ অহা খবৰ অনুসৰি আটকাধীন আলফা(স্বাঃ) সদস্য জনক বৰ্তমান জ্যেষ্ঠ সেনা বিষয়া আৰু শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়াৰ জৰিয়তে তদন্ত অব্যাহত ৰাখিছে।