ডিব্ৰুগড়ৰ বাণীপুৰ ৰেইলৱেই ষ্টেইশ্যনত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

Arms-dealer-570x320

আজি ডিব্ৰুগড়ৰ বাণীপুৰ ৰে’লৱে’ ষ্টেইশ্যনত অমৃতসৰ-ডিব্ৰুগড় এক্সপ্ৰেছৰ (15934) পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ–শস্ত্ৰ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোৰ লগতে সমগ্ৰ চহৰখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

আৰক্ষীৰ সূত্ৰই এন ই নাওক জনোৱামতে এই বৃহৎ পৰিমাণৰ অস্ত্ৰ–শস্ত্ৰ অমৃতসৰ এক্সপ্ৰেছৰ এটা দবাত পোৱা গৈছে। বিভিন্ন বিছিন্ন অংশৰ ৰূপত উদ্ধাৰ হোৱা এই অস্ত্ৰ-শস্ত্ৰবোৰৰ ভিতৰত আছে এটা এ কে ফৰ্টি ছেৱেন, এটা এছ এল আৰ, এটা ৯ এম এম পিষ্টল আৰু এ কে ছিৰিজ ৰাইফলৰ কাৰ্টিজকে ধৰি মুঠ ২৬৪জাঁই সক্ৰিয় গুলী।

আৰক্ষীয়ে জনোৱা মতে এইবোৰ বিছিন্ন অংশ হিচাপে অনা হৈছিল।

উল্লেখযোগ্য যে ৰেইলখন আজি সন্ধিয়া ৫ বজাত ষ্টেইশ্যনত সোমাইছিলহি। অন্তিম ষ্টেইশ্যনত ৰৈ থকা ৰেইলখন সন্ধিয়া ৮ বজাত চাফাই কৰ্মীয়ে চাফা কৰি থাকোতে অসংৰক্ষিত দবাৰ এটা ছীটৰ তলত দুটা পৰিত্যক্ত বেগ উদ্ধাৰ কৰে।

এই খবৰ ৰেইল সুৰক্ষা বাহিনী আৰু আৰক্ষীক দিয়া হয় আৰু আৰক্ষীয়ে আহি অস্ত্ৰ-শস্ত্ৰখিনি উদ্ধাৰ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।