NORTHEAST NOW (Assamese)

ডিব্ৰুগড়ৰ লাহোৱালত মাৰণাস্ত্ৰসহ আলফা (স্বা)ৰ কেডাৰ আটক

June 26, 2018 5:59 pm · অভিক চক্ৰবৰ্তী

ডিব্ৰুগড় জিলাৰ লাহোৱালত ৯ নং ৰাজপুটানা ৰাইফলছে আজি এক অভিযান চলাই আলফা (স্বা)ৰ কেডাৰ আটক কৰিবলৈ সক্ষম হয়।

আটকাধীন কেডাৰজনক মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত ঘছপুৰা গাঁৱৰ বাসিন্দা প্ৰদীপ কোঁৱৰ বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে ধৃত প্ৰদীপ কোঁৱৰৰ পৰা এটা ৩.২ এম এম পিষ্টল, এটা মেগাজিন আৰু ৩ জাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰা হয়।

সেনা বাহিনীৰ পৰা প্ৰকাশিত এক প্ৰেছ বিজ্ঞপ্তিত কোৱা মতে, ‘জেৰাৰ সময়ত তেওঁ বিদ্ৰোহী সংগঠনটোৰ হৈ কাম কৰাৰ কথা স্বীকাৰ কৰিছে, সংগঠনটোৰ হৈ তেওঁ ধন দাবী আৰু ৰচদ-পাতি যোগানৰ কাম কৰিছিল।‘

তদুপৰি তেওঁক ইতিপুৰ্বে বিভিন্ন অপৰাধৰ বাবে ৪ বাৰকৈ কাৰাবাস দিয়া হৈছিল বুলিও বিজ্ঞপ্তিটোত কোৱা হয়।

প্ৰাৰ্থমিক অনুসন্ধান আৰু স্বাস্থ্য পৰীক্ষাৰ পিছত ধৃত কোঁৱৰক এক গোচৰ ৰুজু কৰি লাহোৱাল আৰক্ষী থানাত গতাই দিয়া হয়।

Related News