ডিমাপুৰ, ডিমা হাচাওকে ধৰি দক্ষিণ অসমৰ কেইবাটাও অংশক সামৰি পৃথক হিৰম্বাপুৰ স্বায়ত্তশাসিত ৰাজ্য গঠনৰ দাবী তুলিলে ডিমাচা নেশ্যনেল কাউন্সিলে (ডি এন চি) নামৰ এটা অখ্যাত সংগঠনে। কেৱল সেয়ে নহয়, এই সংগঠনটোৱে ১৬ জুলাইত নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰি পৃথক হিৰম্বাপুৰ স্বায়ত্তশাসিত ৰাজ্য গঠনৰ দাবী সম্বলিত স্মাৰকপত্ৰ দিয়ে।
স্মাৰকপত্ৰত সংগঠনটোৱে লগতে এইটোও উল্লেখ কৰে যে অসমৰ ভূমি অন্তৰ্ভুক্তিৰে প্ৰস্তাৱিত নাগালিম গঠনৰ তেওঁলোকে বিৰোধিতা কৰে। লগতে তেওঁ উল্লেখ কৰে যে ডিমাপুৰ ডিমাচা ৰজাৰহে ৰাজধানী আছিল।
ইফালে পূৰ্বে নাম নুশুনা এটা সংগঠন (ডিমাচা নেশ্যনেল কাউন্সিল)-এ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এনেকুৱা এটা দাবীৰে হঠাৎ চৰ্চালৈ আহিব খোজা বুলি সন্দেহ প্ৰকাশ কৰিছে বৰাক উপত্যকাৰ একাংশ সচেতন লোকে।
হাফলঙৰ প্ৰাক্তন বিধায়ক তথা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন চি ই এম সমৰজিত্ হাফলংবাৰে কয় যে পৃথক স্বায়ত্তশাসিত ৰাজ্য গঠনৰ বিষয়টো ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ বিষয়। এইক্ষেত্ৰত চৰকাৰে ব্যৱস্থা ল’ব লাগে। উভয় চৰকাৰৰ সিদ্ধান্ত অবিহনে একো সম্ভব নহ’ব।
মনোজ হোজাই নামৰ মাইবাঙৰ এজন শিক্ষিত যুবকে কয়, “তথ্য অনুসৰি ডিমাপুৰ অসমৰ আছিল, লীজতহে নাগাল্যাণ্ডক দিয়া হৈছিল। এনে ক্ষেত্ৰত ডিমাপুৰ অসমক ওভতাই দিব লাগে। অৱশ্যে নতুন হিৰম্বাপুৰ স্বায়ত্তশাসিত ৰাজ্য গঠন প্ৰক্ৰিয়াক কেন্দ্ৰ কৰি যাতে ডিমাচা আৰু নাগা জনগোষ্ঠীৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি নহয় তাৰ কাৰণে সজাগ থাকিব লাগিবি। মনোজে কয় যে ডিমাপুৰ ওভোতাই অনাৰ ক্ষেত্ৰত বৃহত্তৰ অসমীয়া সমাজে আইনগতভাৱে দাবী উত্থাপন কৰিব লাগে।
আডছুৰ ডিমা হাচাও জিলাৰ সভাপতি উত্তম লাংথাচাই কয় পৃথক ৰাজ্য বা পৰিষদ গঠনটো পাছৰ কথা। কিন্তু প্ৰথম প্ৰশ্নটো হ’ল ডিমাচা নেশ্যনেল কাউন্সিল বা ডি এন চি কেতিয়া গঠন হৈছে আৰু কোনে এই সংগঠনৰ নেতৃত্ব দি আছে? কাৰণ আমি এই বিষয়ে একো নাজানো। আনহাতে হঠাৎকৈ লোকসভা নিৰ্বাচন আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ কেইবা মাহ বাকী থকা সময়ত এনে পৃথক স্বায়ত্তশাসিত ৰাজ্য গঠনৰ প্ৰস্তাৱ তাৎপৰ্য্যপূৰ্ণ। নিশ্চয় এয়া কোনো ৰাজনৈতিক অভিসন্ধি হ’ব পাৰে বুলি মন্তব্য কৰে ছাত্ৰ নেতাগৰাকীয়ে।
আন কেইবাজনো ৰাজনৈতিক দলৰ নেতাৰ লগত যোগাযোগ কৰাত তেওঁলোকে এই ইছ্যু লৈ কোনও ধৰণৰ মন্তব্য দিবলৈ মান্তি নহ’ল।