আগন্তুক ৰঙালী বিহুৰ বতৰাই এতিয়া অসমত উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি কৰিছে। অসমৰ গাঁৱে-ভূঁঞে এতিয়া কেৱল ৰঙালীক আদৰৰ ব্যস্ততা। চেনেহৰ ৰঙালী বিহুৰ পৰম্পৰাক আগত ৰাখিয়েই ডিমৌত ১ এপ্ৰিলৰ পৰা আৰম্ভ কৰা হৈছে ‘বিহু নাচ আৰু ঢোল বাদন’ৰ কৰ্মশালা।
১ এপ্ৰিলৰ পৰা ১০ এপ্ৰিল লৈকে ডিমৌ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত অনুষ্ঠিত হবলগীয়া কৰ্মশালাখনত বৰ্তমানলৈকে ৬০ জনতকৈ অধিক কন কন নাচনী আৰু ঢুলীয়াই যোগদান কৰিছেহি।
মুঠতে এতিয়া ডিমৌত ১০ এপ্ৰিললৈকে আবেলি আবেলি ঢোলৰ গুমগুমণি আৰু নাচনীৰ ককাল ভঙা নাচে বিহুৰ পৰিৱেশ দুগুনে আনন্দময় কৰি তুলিছে।
উল্লেখযোগ্য যে ডিমৌ একটিং একাডেমী আৰু ডিমৌ লোকবাদ্য বিদ্যালয়ৰ সৌজন্যত অনুষ্ঠিত এই বিহু নাচ আৰু ঢোলবাদন কৰ্মশালাই এইবাৰ ১৩ বছৰত ভৰি দিছেহি।
এইবাৰ বিহুনাচৰ প্ৰশিক্ষীকা হিচাপে আছে শিৱসাগৰ ছোৱালী হুঁচৰি দলৰ নাচনী তথা বিহুৱতী সংঘমিত্ৰা সন্দিকৈ আৰু ঢোল বাদনৰ প্ৰশিক্ষক হিচাপে আছে ডিমৌৰ বিখ্যাত ঢোল বাদক তথা ওজা নিত্যা বৰুৱা আৰু তেখেতৰ পুত্ৰ অংশুমান বৰুৱা।
প্ৰত্যেক বছৰে কৰ্মশালাৰ শেষৰদিনা এক বিশেষ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰাৰ দৰে এইবাৰো অহা ১১ এপ্ৰিলত আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠানেৰে কৰ্মশালাখনৰ সামৰণি পৰিব বুলি জানিবলৈ দিয়ে ডিমৌ একটিং একাডেমীৰ সঞ্চালক প্ৰশান্তজিৎ চেতিয়া আৰু ডিমৌ লোকবাদ্য বিদ্যালয়ৰ সঞ্চালক নিত্যা বৰুৱাই।