ডিমৌ আঞ্চলিক তাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত অসম দিৱস

কালি বৰ অসমৰ পিতৃপুৰুষ চাওলুং চ্যু-কা-ফাৰ সোঁৱৰণত সমগ্ৰ অসমৰে বিভিন্ন ঠাইত চ্যু-কা-ফা দিৱস বা অসম দিৱস উদযাপন কৰা হয়। এই উপলক্ষে ডিমৌ আঞ্চলিক তাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত ডিমৌতো এক অনুষ্টুপীয়া অনুষ্ঠানৰ আয়োজন কৰা হয়। গুৰুত্বপূৰ্ণ দিৱসটোৰ লগত সংগতি ৰাখি ডিমৌ ৰাজহুৱা খেলপথাৰত বন্তি প্ৰজ্বলন কাৰ্যসূচী গ্ৰহণ কৰা হয়। ডিমৌৰ বিশিষ্ট নাগৰিক ভূপেন বৰগোহাঁই, অনিল দে আৰু অজয় কুমাৰ গগৈয়ে শুভাৰম্ভ কৰে এই বন্তি প্ৰজ্বলন কাৰ্যসূচী। ইয়াৰ পাছতে তাই আহোমৰ পৰম্পৰাগত “আই চিং লাও “পৰিৱেশন কৰে বিশিষ্ট তাই পণ্ডিত বিজয় গগৈ আৰু দিলীপ মহন বৰুৱাই। ইয়াৰ পিছতেই অনুষ্ঠানত উপস্থিত থকা প্ৰাক্তন আটাছু নেতা মনোৰঞ্জন কোঁৱৰ, চক্ৰধৰ গগৈ, মুন গগৈ, বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ শিৱসাগৰ জিলা সমিতিৰ সচিব প্ৰধান যাদৱ গগৈ প্ৰমুখ্য বিভিন্নজনে সমূহীয়া বন্তি প্ৰজ্বলন কাৰ্যসূচীত অংশগ্ৰহণ কৰে।ইয়াৰ পিছতেই কণ্ঠ শিল্পী বিজয় বিশালৰ কল্পনা ২০১৮ৰ গীতৰ এলবামটিৰ উন্মোচন কৰাৰ লগতে দুটিকৈ গীত পৰিৱেশন কৰা হয়। অনুষ্ঠানটোত ডিমৌৰ আশে-পাশে থকা প্ৰায়কেইটা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধিৰ লগতে স্থানীয় বহু লোক উপস্থিত থাকে। আজিৰ এই অনুষ্ঠানত তাই আহোম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলাৰ সহঃ সম্পাদক নিপন বৰুৱা, মহকুমা সম্পাদক সন্দীপ গগৈ উপস্থিত থাকে। ইয়াৰ উপৰি ডিমৌৰ চাৰিআলিত তাই আহোম যুৱ পৰিষদৰ উদ্যোগতো স্বৰ্গদেউ চাওলুং চ্যু-কা-ফাৰ স্মৃতিত বন্তি প্ৰজ্বলন কাৰ্যসূচী গ্ৰহণ কৰা হয়।