নগাঁও জিলাৰ ৰহাৰ বামুণীজানৰ এটা কোচ-ৰাজবংশী পৰিয়ালৰ এগৰাকী সদস্য ‘ডি’ ভোটাৰ হোৱাকলৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ২০১১ চনত ‘ডি’ ভোটাৰ হোৱা লোকজনৰ নাম নীলকান্ত সিংহ।ৰহা থানাৰ অন্তৰ্গত বামুনীজান গাঁৱৰ নীলকান্ত সিংহৰ পিতৃৰ নাম ফুকন সিংহ আৰু মাতৃ স্বৰ্ণ সিংহ।
এন আৰ চি লিগেচী ডাটাত ৰহা বিধানসভা সমষ্টিৰ চহৰী মৌজাৰ বামুণী এম ভি স্কুলত ৪২৫ নং ভোটাৰ তালিকাত নাম থকা ফুকন সিংহৰ লিগেচী নম্বৰ ২৮০-২০০০-২০৬৭। নগাঁৱৰ জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰপৰা ২০১৪ৰ ২৮ জুলাইত লোৱা প্ৰত্যায়িত প্ৰতিলিপিত ৰহা বিধানসভা সমষ্টিৰ খণ্ড নং ৫৬ৰ চহৰী মৌজা, বামুণীজান গাঁৱৰ ৬৬/২ নং ঘৰৰ ৪২৫ নং ফুকন সিংহ পিতা-ইচান, আৰু ৪২৬ নংত স্বৰ্ণসিংহ, স্বামী ফুকন সিংহ বুলি স্পষ্টভাৱে লিখা আছে।
উক্ত ফুকন সিংহৰে এজন পুত্ৰ নীলকান্ত সিংহ। ১৯৮৮ চনত মেট্ৰিক পাছ কৰাৰ পিছত ১৯৯০ চনত অ’ বি চি প্ৰমাণ-পত্ৰ লাভ কৰা নীলকান্ত সিংহই গাঁৱৰে সুৰভি সিংহক বিয়া কৰাইছিল।
১৯৯১ চনত ভোটাধিকাৰ লাভ কৰা, নীলকান্ত সিংহই পিতৃ-মাতৃ, ভাই-ককাইসকলৰ সৈতে প্ৰতিবাৰেই ভোটাধিকাৰ সাব্যস্ত কৰাৰ পিছত ২০১১ চনত হঠাতে ভোটাৰ তালিকাত ‘ডি’ ভোটাৰৰ কালিমা লাগিল।পৰৱৰ্তী সময়ত পৰিয়ালটোৱে আদালতত নিজাববীয়াকৈ গোচৰ তৰে। কিন্তু দৰ্ভাগ্যজনকভাৱে কিছুদিনৰ পিছত ৰহা থানাত থকা বিভাগীয় বিষয়ালৈ তথ্য বিচাৰি অহা নথি-পত্ৰ নগাঁৱৰ আদালতলৈ ঘূৰি নগ’ল।
এতিয়া নীলকান্ত সিংহ ‘ডি’ ভোটাৰ হোৱাৰ বাবে পুত্ৰৰ স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ, পুত্ৰৰ আয়ৰ প্ৰমাণ পত্ৰ, অন্যান্য পাছপৰা শ্ৰেণীৰ প্ৰমাণ পত্ৰ আৰু এন চি এল প্ৰমাণ পত্ৰৰ বাবে আবেদন কৰিও উলিয়াব পৰা নাই।
আনহাতে, নীলকান্ত সিংহৰ পত্নীয়ে আদালতত নীল সিংহৰ পিতৃ-মাতৃৰ লিগেচী, নীল সিংহৰ পূৰ্বৰ ভোটাৰ তালিকা, ভাই-ককাইৰ ভোটাৰ তালিকাৰ নথি জমা দিছিল যদিও আজিও বিদেশী ন্যায়াধিকৰণে গোচৰটোৰ ৰায় দিব নোৱাৰিলে। আদালত আৰু সীমান্ত শাখা আৰক্ষীৰ অৱহেলাৰ বাবেই আদালতৰ ফাইলৰ মাজত বন্দী হৈ ৰৈছে নীলকান্ত সিংহৰ আবেদন।
দিন হাজিৰা কৰা নীলকান্ত আৰু পত্নী সুৰভিৰ পুত্ৰ কৈলাস সিংহই আৰ্থিক দুৰৱস্থাৰ পিছতো বামুণীজান হাইস্কুলৰপৰা ২০১৬ চনত মেট্ৰিকত আটাইকেইটা বিষয়তে লেটাৰসহ উত্তীৰ্ণ হৈছিল। ৰহাত নতুনকৈ প্ৰতিষ্ঠা হোৱা ‘ৰিজ’নেন্স জুনিয়ৰ কলেজ’ত বিনামূলীয়াকৈ নামভৰ্তি কৰাৰ পিছত কলেজখনৰ অধ্যক্ষ যতীন্দ্ৰ কুমাৰ পাৰৈয়ে নিজা খৰচত পঢ়ুওৱা কৈলাসে ২০১৮ চনত বিজ্ঞান শাখাত ইংৰাজী, অসমীয়া, ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান বিষয়ত লেটাৰসহ ৮৪.৫৪ শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে।
মেধাৱী ছাত্ৰ কৈলাসে জে ই ই আৰু চি ই ইৰ বাছনি পৰীক্ষাতো উত্তীৰ্ণ হৈছে। কিন্তু পিতৃ এজন ‘ডি’ ভোটাৰ হোৱাৰ বাবে নামভৰ্তিৰ বাবে ছাত্ৰজনে পি আৰ চিৰ বাবে আবেদন কৰাৰ পিছত ভেৰিফিকেশ্যনৰ বাবে ৰহা ৰাজহ চক্ৰ আৰু ৰহা থানালৈ অহা আবেদনৰ প্ৰত্যুত্তৰত বিভাগীয় প্ৰতিবেদন দিয়া হোৱা নাই।
আনহাতে, এন চি এলৰ বাবে অ’ বি চিৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজন আৰু এই প্ৰমাণ পত্ৰৰ বাবে যাৱতীয় নথি-পত্ৰৰ লগত জমা দিয়া ভোটাৰ তালিকাত ‘ডি’ ভোটাৰ শব্দটো থকাৰ বাবেই ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ে প্ৰতিবেদন নিদিলে। সেয়ে কৈলাস নামভৰ্তিৰপৰা বঞ্চিত হ’বলগীয়া হ’ল।
অসমৰ আদি বাসিন্দা কোচ ৰাজবংশী সম্প্ৰদায়ৰ লোকজনৰ আক্ষেপ যে পিতৃ-মাতৃৰ লিগেচী থকাৰ লগতে পৰিয়ালৰ বাকী সদস্যসকলৰ ভোটাৰ তালিকাত নাম থকাৰ পিছত এজনক ‘ডি’ ভোটাৰ কিয় সজোৱা হ’ল।
এতিয়া নীলকান্ত আৰু সুৰভিয়ে তেওঁলোকৰ পুত্ৰৰ ভৱিষ্যতকলৈ শংকিত হৈ পৰিছে।