‘বৰ্তমান চৰকাৰে যুদ্ধকালীন ক্ষিপ্ৰতাৰে যি ধৰণে ডি-ভোটাৰ কৰাৰ চেষ্টা লৈছে ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে তেওঁলোকে এটা আগতীয়া ধাৰণা লৈছে যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পৰা ইমানখিনি মানুহৰ নাম কৰ্তন কৰিম।‘
আজি মানবেন্দ্ৰ শৰ্মা চৌহদত অনুষ্ঠিত ব্লক সভাপতিৰ এদিনীয়া প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰাৰ অন্তত সংবাদ মাধ্যমৰ সন্মুখত এই মন্তৱ্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।
উল্লেখ্য যে চৰকাৰ তথা সদৌ অসম ছাত্ৰ সন্থাৰ নেৰানেপেৰা প্ৰচেষ্টা তথা উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত সুন্দৰভাৱে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ এই মন্তৱ্যই বিশেষ তাৎপৰ্য্য বহন কৰিছে।
তেওঁ লগতে বিজেপি চৰকাৰে ডি-ভোটাৰ প্ৰক্ৰিয়াটো ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰিব বুলিও সন্দেহ প্ৰকাশ কৰে।
অৱশ্যে নিৰ্দিষ্ট কিছুমান প্ৰক্ৰিয়াৰ মাজেৰে ডি-ভোটাৰ কৰিলে তেওঁৰ কোনো আপত্তি নথকা বুলিও সংবাদ মাধ্যমৰ আগত সদৰী কৰে।
চৰকাৰৰ ডি-ভোটাৰ সজোৱাটো উদ্দেশ্য প্ৰণোদিত বুলি সন্দেহ কৰি তেওঁ উদাহৰণ দাঙি ধৰি কয়, ‘মোৰ নিজৰ গাওঁ বৰিগাঁৱত ক্ষীতিশ দাস নামৰ চুবুৰীয়া খিলঞ্জীয়া মানুহজনক দাস উপাধি হোৱা বাবে বেংগলী সম্প্ৰদায়ৰ মানুহ বুলি ভাবি গোটেই পৰিয়ালকে ডি-ভোটাৰ কৰিছে।‘
তেওঁ লগতে কয়, ‘চৰকাৰে উপাধি চাই ডি-ভোটাৰ সজাইছে। নেপালী, হিন্দু-বঙালী, মুছলমান উপাধিৰ লোকসকলকে ডি-ভোটাৰ সজাইছে। সকলো মুছলমান, নেপালী, বঙালী বিদেশী।‘
আনহাতে, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশলৈ মাজত মাথোঁ ৯ দিন বাকী থকাৰ সময়ত এনেভাৱে দ্ৰুতগতিত ডি-ভোটাৰ সজোৱাটো দুৰ্ভাগ্যজনক বুলিও তেওঁ ব্যক্ত কৰে।
এই ক্ষেত্ৰত তেওঁ সংশ্লিষ্ট কৰ্তৃপক্ষলৈ প্ৰশ্ন তুলি কয়, ‘এন আৰ চি প্ৰক্ৰিয়াৰ ইমান দিন পাৰ হৈ গ’ল, তেন্তে তেওঁলোক ডি-ভোটাৰৰ কাৰণে কিয় ৰৈ থাকিব লগা আছিল?’
আনহাতে, সংবাদ মাধ্যমৰ সন্মুখতে ৰিপুন বৰাই মোদীয়ে অসমলৈ আহোঁতে ছমাহৰ ভিতৰত ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰি দিয়া হ’ব বুলি কোৱাৰ পাছত ৪ বছৰ পাৰ হৈ যোৱাৰ পাছতো কোনো পদক্ষেপ গ্ৰহণ কৰাটো দুৰ্ভাগ্যজনক আখ্যা দিছে।
তেওঁ লগতে কয়, ‘জনগোষ্ঠীৰ জনজাতিকৰণৰ ওপৰত কোনো এটা স্পষ্ট নীতি-নিৰ্দেশনা, সিদ্ধান্ত লোৱা নাই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে।‘