ডুবাইত উপলব্ধ হোৱাৰ পথত দেশৰ ভিতৰতে সুমিষ্ট ত্ৰিপুৰাৰ আনাৰস

tripura pineapple

দেশৰ ভিতৰতে সুমিষ্ট আনাৰস হিচাপে খ্যাতি লাভ কৰা ত্ৰিপুৰাৰ আনাৰস সুদূৰ ডুবাইৰ বজাৰত উপলব্ধ হ’ব বুলি ত্ৰিপুৰাৰ কৃষি, পৰিবহণ আৰু পৰ্যটন মন্ত্ৰী প্ৰাণজিত সিনহা ৰয়ে সদৰি কৰিছে।

তেওঁ আৰু কৈছে যে মধ্যপ্ৰাচ্যৰ এগৰাকী ব্যক্তিগত আমদানি কৰোঁতাই ত্ৰিপুৰাৰ আনাৰসৰ বাগিচাসমূহ ভ্ৰমণ কৰিছে আৰু দুটা চালান ইতিমধ্যে বুক কৰিছে।

মন্ত্ৰীগৰাকীয়ে আশ্বাস দিছে যে অদূৰ ভৱিষ্যতে দিল্লী, মুম্বাই আৰু অন্যন্য ৰাজ্যত ত্ৰিপুৰাৰ আনাৰসৰ চাহিদা আৰু বৃদ্ধি পাব।

তেওঁ জনাইছে যে আনাৰসৰ এখন নিশ্চিত বজাৰ লাভ কৰাৰ পাছত কৃষকসকলে আনাৰসৰ উপৰিও কমলা আৰু কঠাল আদি উদ্যানশস্যৰ প্ৰতি আগ্ৰহ দেখুৱাইছে।

মন্ত্ৰীগৰাকীৰ মতে ৰাজ্যখনৰ নতুন চৰকাৰে কৃষক শ্ৰেণীটোৰ বিকাশৰ বাবে যথেষ্ট প্ৰচেষ্টা হাতত লৈছে আৰু ৰাজ্যখনৰ ঠায়ে ঠায়ে কৃষক বন্ধু কেন্দ্ৰ স্থাপন কৰিব।

এই কেন্দ্ৰসমূহত কৃষি বিষয়াসকলে কৃষকসকলৰ বিভিন্ন সমস্যাৰ বিষয়ে অৱগত হ’ব আৰু সমাধান কৰিব।

তেওঁ আৰু কয় যে কৃষকসকলৰ উন্নতি অবিহনে ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশ সম্ভৱ নহয়।

কৃষি মন্ত্ৰীগৰাকীয়ে আশ্বাস প্ৰদান কৰিছে যে এতিয়াৰ পৰা কৃষকসকলে চৰকাৰৰ সা-সুবিধাৰ বিষয়ে অৱগত হোৱাৰ বাবে কৃষি বিষয়াৰ কাৰ্যালয়লৈ তাঁত-বাতি কৰিবলগীয়া নহয়, কৃষি বিষয়াসকলে এতিয়াৰে পৰা কৃষকসকলৰ ওচৰলৈ গৈ উচ্চ গুণ বিশিষ্ট বীজ, সাৰ, কীটনাশক আৰু প্ৰয়োজনীয় জ্ঞান প্ৰদান কৰিব।

বৃহস্পতিবাৰে কেবিনেট বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত ৱল্ত্ৰীগৰাকীয়ে কয় যে ত্ৰিপুৰাৰ কৃষকসকলৰ হিতৰ ওপৰত চকু ৰখাটো কৃষি বিষয়াসকলৰ দায়িত্ব।

মন্ত্ৰীগৰাকীয়ে ইতিমধ্যে আনাৰস খণ্ডটোৰ সাম্প্ৰতিক স্থানভিত্তিক জ্ঞান লাভ কৰাৰ বাবে অলপতে কমলপুৰৰ কৃষকসকলক সাক্ষাৎ কৰিছে।

পূৰ্বৰ চৰকাৰৰ অবহেলাৰ বাবে আনাৰসৰ লগতে ৰবৰ কৃষিও ৰাজ্যখনত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে।