ঢকুৱাখনাত ব্ৰহ্মপুত্ৰ বচোৱাৰ দাবীত শতাধিক কৰ্মীৰ প্ৰতিবাদ

ব্ৰহ্মপুত্ৰ পানী ঘোলা আৰু বিষাক্ত হৈ পৰাৰ বাতৰিয়ে চিন্তাত পেলাইছে অসম তথা সমগ্ৰ উত্তৰ-পূব বাসীকে। সমগ্র ৰাজ্যজুৰি ব্ৰহ্মপুত্ৰৰ পানী বিষাক্ত হৈ পৰাক লৈ প্ৰতিক্ৰিয়া চলি থকাৰ সময়তে আজি ঢকুৱাখনা জিলা কমিটিৰ লগতে মিচিং জনগোষ্ঠীৰ ৪ টা সংগঠনে টেকেলিফুটা ঘাটৰ বিভিন্ন স্থানত ব্ৰহ্মপুত্ৰ বচোৱাৰ দাবীত শতাধিক কৰ্মীৰ উপস্থিতিত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।

প্ৰতিবাদৰ  জৰিয়তে অসম তথা ভাৰত চৰকাৰক অনতি পলমে উচিত তদন্ত কৰি কাৰ্য্যব্যৱস্থা হাতত ল’বলৈ দাবী জনায় সংগঠনটোৱে । ব্ৰহ্মপুত্ৰৰ পানী ঘোলা আৰু বিষাক্ত হোৱাৰ ক্ষেত্রত যদি চৰকাৰে কোনোধৰণৰ ব্যৱস্থা হাতত নলয় তেতিয়া জীৱ-জন্তুৰ লগতে মাছমৰীয়াৰ জীৱন-জীবিকাৰ প্ৰতি ভাবুকি আহিব বুলি প্ৰকাশ কৰে। ইয়াৰ উপৰি মিচিং জনগোষ্ঠীৰ সংগঠন কেইটাই অনতিপলমে চৰকাৰক বিশেষ ব্যৱস্থা ল’বলৈ আৰু ব্ৰহ্মপুত্ৰ নদীৰ স্বচ্ছতা পুনৰ ঘূৰাই অনাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় । প্ৰতিবাদী কাৰ্যসূচীত টিএমপিকে ৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পদ্মলোচন দলে, উপদেষ্টা ইন্দ্ৰকুমাৰ চুংক্ৰাং আদিৰ লগতে শ শ প্ৰতিবাদী জনতাই অংশগ্ৰহণ কৰে ।