ঘিলামৰাৰ নৰ্থ বেংক কলেজৰ ছাত্ৰ নিবাসৰ গৃহ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ মন্ত্ৰী নৱ দলেৰ

NabaDoley

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলে। ফাইল ফটো।

ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী তথা ঢকুৱাখানা সমষ্টিৰ স্থানীয় বিধায়ক নৱ কুমাৰ দলেই আজি ঢকুৱাখনা সমষ্টিৰ ঘিলামৰাৰ নৰ্থ বেংক কলেজৰ ছাত্ৰ নিবাসৰ এটা গৃহ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে।

উক্ত ছাত্ৰ নিবাসৰ গৃহটো ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ উন্নয়ন বিভাগৰ পুঁজিৰে অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদৰ তত্বাৱধানত প্ৰায় ৫০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মান কৰা হ’ব বুলি জানিব পৰা গৈছে।

ইফালে গৃহ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভনী অনুষ্ঠানত ঢকুৱাখনাৰ মহকুমাধিপতি অৰিন্দম বৰুৱা,ঘিলামৰা খণ্ড উন্নয়ন বিষয়া ডেভিড বৰা, নৰ্থ বেংক মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ যুগল শইকীয়াকে ধৰি মহাবিদ্যালয়খনৰ শিক্ষক, কৰ্মচাৰীৰ লগতে ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।

আনহাতে মন্ত্ৰী তথা ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেয়ে গৃহ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰাৰ পাছত নিজৰ গৃহ সমষ্টিৰে অন্তৰ্গত ঘিলামৰাত নিৰ্মান কৰিবলগীয়া চৰকাৰী বি .এড কলেজৰ বাবে ভূমি নিৰীক্ষণ কৰা পৰিলক্ষিত হয়।