NORTHEAST NOW (Assamese)

ঢেকীয়াজুলিত ভুৱা নথি আৰু আনৰ লিগেচিৰে এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ চেষ্টা কৰা তিনিজনক আটক

May 16, 2018 1:05 pm · এন ই নাও নিউজ

এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ বাবে ভুৱা নথি দিয়াৰ লগতে আনৰ লিগেচি তথ্য নিজৰ নামত ব্যৱহাৰ কৰাৰ অভিযোগত ১৫ মে’ত দৰং জিলাৰ ঢেকীয়াজুলিত তিনিজন লোকক আৰক্ষীয়ে আটক কৰে।

জানিব পৰা মতে, ঢেকীয়াজুলিৰ চিৰাজুলি নিৱাসী প্ৰয়াত মৰজত আলী, মাতৃ আমিনা খাতুনৰ লিগেচি নম্বৰ ৩২০৪০৩৩৫৯১৮ ব্যৱহাৰ কৰিছিল দৰং জিলাৰ খাৰুপেটীয়াৰ গণশিমলুৰ মহম্মদ আলী (৫০), ফজল আলী (৫২) আৰু জামাল উদ্দিন নামৰ এই তিনিজন ভাই-ককায়ে।

তিনিওজনে নিজকে লিগেচিৰ গৰাকীৰ পুত্ৰ সজাবলৈ বহু চেষ্টা কৰাৰ লগতে কেতবোৰ ভুৱা নথি-পত্ৰও দাখিল কৰিছিল বুলি এন আৰ চি কৰ্তৃপক্ষৰ পৰা জানিব পৰা গৈছে। কিন্তু বংশবৃক্ষ পৰীক্ষণৰ বাবে তিনিওজনকে ১৫ মে’ত ঢেকীয়াজুলি ডাক বঙলাৰ এন আৰ চি সেৱাকেন্দ্ৰত প্ৰয়োজনীয় নথি-পত্ৰ লৈ হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল এন আৰ চি কৰ্তৃপক্ষই। সেইমৰ্মে মঙলবাৰে পুৱাই তিনিওজনেই হাজিৰ হৈ এন আৰ চিৰ জিলা তদন্তকাৰী দণ্ডাধীশ পংকজ ভৰালী, ঢেকীয়াজুলিৰ ৰাজহ চক্ৰ বিষয়া সাব্যসাচী কাশ্যপৰ উপস্থিতিত শুনানি দিয়াৰ সময়ত তিনিওজনে নিজকে লিগেচিৰ গৰাকীৰ পুত্ৰ বুলি দেখুৱাবৰ চেষ্টা কৰে। কিন্তু জেৰাৰ সময়ত প্ৰকৃত তথ্য ওলাই পৰে।

তিনিওজনে শেষত জালিয়াতিৰে আনৰ লিগেচি ব্যৱহাৰ কৰা বুলি দণ্ডাধীশৰ সন্মুখত স্বীকাৰ কৰে। লগতে জানিবলৈ দিয়ে যে খাৰুপেটীয়া এজন পঞ্চায়ত সভাপতিয়ে ধন লৈ এই কাৰ্যত তেওঁলোকক সহায় কৰিছিল। পিছত এন আৰ চি কৰ্তৃপক্ষৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে তিনিওজনকে আটক কৰে। ঘটনা সন্দৰ্ভত এন আৰ চিৰ বিষয়াই এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে।

Related News