তেজপুৰত সমাজ সংস্কাৰক, সাহিত্যিক দণ্ডিনাথ কলিতাৰ ৬৩সংখ্যক মৃত্যু দিৱস উপলক্ষে ১৫ মে’ত তেজপুৰ শাখা সাহিত্য সভাই এটা বিশেষ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠানৰ আয়োজন কৰে।
এই উপলক্ষে সাহিত্যিকগৰাকীৰ আৱক্ষ মূ্ৰ্তিত বন্তি প্ৰজ্বলন কৰে দণ্ডিনাথ কলিতাৰ পুতেক সমাজকৰ্মী, ক্ৰীড়া সংগঠক তথা লেখক ডাঃ বিশ্বৰঞ্জন কলিতাই।
তেজপুৰ শাখা সাহিত্য সভাৰ সভাপতি তথা অধ্যাপক হেমন্ত কুমাৰ বৰুৱাই সাহিত্যিক দণ্ডিনাথ কলিতাক স্মৰণ কৰি ভাষণত কয় যে তেওঁ সমাজৰ সুসংস্কাৰৰ বিহপুলি উঘালিবলৈ চেষ্টা কৰিছিল। দণ্ডিনাথ কলিতাৰ ৰচনাৱলী হ’ল সংস্কাৰৰ জ্বালামুখ। তেওঁ লগতে দণ্ডিনাথ কলিতাই ঔপন্যাসিক, নাট্যকাৰ, কবি, ব্যংগ লেখকৰ ৰূপত মূলতঃ এগৰাকী সমাজ সংস্কাৰকৰ ভূমিকা লৈছিল বুলি কয়। এগৰাকী আদৰ্শ শিক্ষক ৰূপেও খ্যাতি লাভ কৰা দণ্ডিনাথ কলিতাই পদ্মনাথ গোহাঞি বৰুৱাৰ দৰে বৰেণ্য সাধকক শিক্ষাগুৰু হিচাপে পোৱাৰ কথাটোও তেওঁ উল্লেখ কৰে।
উল্লেখ কৰিব পাৰি যে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ দৰে বহু বৰেণ্য ব্যক্তি দণ্ডিনাথ কলিতাৰ ছাত্ৰ আছিল। শিক্ষকতা কৰি থকা সময়ত এইগৰাকী ব্যক্তিয়ে অসমীয়া ভাষাত কিতাপৰ অভাৱ দূৰ কৰিবলৈ ‘সংস্কৃত ব্যাকৰণাদৰ্শ’, ‘প্ৰদীপ’, ‘সাহিত্য মুক্তাৱলী’ৰ দৰে সংস্কৃত আৰু অসমীয়া সাহিত্যৰ গ্ৰন্থ ৰচনা কৰিছিল। আনহাতে, সেই সময়ত অসমৰ সমাজ জীৱনক গ্ৰাস কৰা কানি বৰবিহ ৰোধ কৰিবৰ কাৰণে চৰকাৰৰ অনুৰোধ সাপেক্ষে কলিতাই এদিনতেই ‘মুক্তিৰ অভিযান’ শীৰ্ষক নাটক ৰচনা কৰি উলিয়াইছিল। দণ্ডিনাথ কলিতাই নিজৰ লেখাৰ জৰিয়তে সমাজত থকা দোষ-ত্ৰুটিবোৰ সংস্কাৰৰ চেষ্টা কৰিছিল।
অনুষ্ঠানত উপস্থিত থাকি দৰং মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড০ গহন চন্দ্ৰ মহন্তয়ো সাহিত্যিকগৰাকীৰ স্মৃতিচাৰণ কৰে। অনুষ্ঠানটোৰ আঁত ধৰিছিল তেজপুৰ সাহিত্য সভাৰ সম্পাদক পংকজ বৰুৱাই।