শুভাকাংক্ষী, বুদ্ধিজীৱী, তথা জনগোষ্ঠীটোৰ ৰাইজৰ বহু চেষ্টাৰ অন্তত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ দুই বিভাজিত গোটৰ একত্ৰীকৰণ অলপতে সম্ভৱ হৈছিল যদিও, সংগঠনটো পুনৰ বিভাজনৰ দিশলৈ গতি কৰাৰ উপক্ৰম ঘটিছে।
জানিব পৰামতে, ছাত্ৰ সংগঠনটোত মতানৈক্যৰ চৰম অৱস্থা পোৱাৰ ফলত আক্ৰাছুৰ বঙাইগাঁও জিলা তথা আঞ্চলিক সমিতিৰ পৰা বৃহৎসংখ্যক নেতাই সমূহীয়াভাৱে পদত্যাগ কৰে।
পদত্যাগী নেতাসকলে অভিযোগ কৰা অনুসৰি সংগঠনটোৰ ভিতৰচ’ৰাত একাংশ অবাঞ্ছিত তথা বিতৰ্কিত লোকৰ উপস্থিতি ঘটিছে। যাৰ বাবে সংগঠনটোৰ নিষ্ঠাৱান কৰ্মীসকলৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে।
এই পৰিস্থিতি সহজভাৱে গ্ৰহণ কৰিব নোৱাৰিয়ে নেতাকেইজনে পদত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে। পদত্যাগ কৰা সকল ক্ৰমে- সংগঠনটোৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি নাৰায়ণ মেধি, কাৰ্যকৰী সদস্য অক্ষয় কুমাৰ ৰায়, সৃজনগ্ৰাম আঞ্চলিক সমিতিৰ উপ-সভাপতি ধনঞ্জয় ৰায়, সহকাৰী সম্পাদক ক্ৰমে অঞ্জন ৰায়, প্ৰণৱ ৰায়, সাংগঠনিক সম্পাদক অৰবিন্দ ৰায়, অৰুণ ৰায়, কাৰ্যকৰী সদস্য চন্দন ৰায়, হিমান ৰায়, ভাস্কৰ ৰায়।
এওঁলোকৰ উপৰি পঞ্চপুৰ আঞ্চলিক সমিতিৰ সহকাৰী সম্পাদক উত্তম সৰকাৰ, সাংগঠনিক সম্পাদক পৰমেশ্বৰ বৰ্মন। পদ্মপুখুৰী আঞ্চলিক সমিতিৰ সভাপতি বিক্ৰম ৰায়, সম্পাদক গুণেশ্বৰ ৰায়, বঙাইগাঁও জিলা সাংগঠনিক সম্পাদক পবিন বৰ্মন, ঘিলাগুৰি আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক শচীন বৰ্মন, সৃজনগ্ৰাম আঞ্চলিক সমিতিৰ সম্পাদক নিৰ্মূল কুমাৰ ৰায়ো পদত্যাগ কৰা বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে সংগঠনটোৰ বিভাজিত গোট দুটাৰ কেন্দ্ৰীয় পৰ্য্যায়ত একত্ৰীকৰণ হৈছিল যদিও জিলা আৰু আঞ্চলিক পৰ্যায়ত একত্ৰীকৰণ এই পৰ্য্যন্ত সম্পূৰ্ণ হোৱা নাই। আনহাতে জিলা আৰু আঞ্চলিক পৰ্য্যায়ৰ নেতাৰ এই সমূহীয়া পদত্যাগ সন্দৰ্ভত কেন্দ্ৰীয় নেতৃত্বৰ পৰা কোনো মন্তব্য সংবাদ মাধ্যমলৈ অহা নাই।