• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তপোধীৰ ভট্টাচাৰ্য্যক কটাক্ষ ধীৰেন্দ্ৰনাথ চক্ৰবৰ্তীৰ : অসমীয়াৰ টকাৰে চলি অসমীয়াৰে কুৎসা ৰটনা কৰিছে

by
July 9, 2018 9:10 pm
DhirenChakrabarti_Tapodhir
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য তথা অসমৰ বিশিষ্ট বাঙালী বুদ্ধিজীৱী তপোধীৰ ভট্টাচাৰ্যই কলকাতাৰ পৰা প্ৰকাশিক বাংলা বাতৰি কাকত ‘আজকাল’ত লিখা ‘অসমে বাঙালির শরশয্যা’ শীৰ্ষক লেখাত অসম, অসমৰ সমাজ তথা অসমৰ দল-সংগঠনৰ নেতা, বুদ্ধিজীৱীৰ বিষয়ে কুৎসা ৰটনা কৰাৰ প্ৰসংগত আজি সংবাদমেল যোগে সৰৱ হৈ পৰিছে জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰবৰ্তী। তেওঁ তপোধীৰ ভট্টাচাৰ্য্যৰ এই কাৰ্য্যক গৰিহণা দিয়াৰ লগতে খাই পাতফলা স্বভাৱ বুলি কয়।

৯ জুলাইত গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল দি বিশিষ্ট সাংবাদিক চক্ৰবৰ্তীয়ে তপোধীৰ ভট্টাচাৰ্যৰ লগতে অসমীয়া বিৰোধী মন্তব্য কৰা প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদ আৰু ৰচুল হক বাহাদুৰ নামৰ এজন নেতাক উদ্দেশ্যি তীব্ৰ বাক্যবাণ নিক্ষেপ কৰে।

Apply Now

“তপোধীৰ ভট্টাচাৰ্য নামৰ এজন প্ৰাক্তন উপাচাৰ্যই অসমৰ মাটিতেই তিনি বছৰ ধৰি উপাচাৰ্যৰ পদ দখল কৰি অসমীয়া মানুহৰ পইচাৰে জীৱিকা অৰ্জন কৰি অসমীয়া মানুহৰ বিৰুদ্ধেই কলিকতাৰ ‘আজকাল’ কাকতত যি কুৎসা ৰটনা কৰিলে, স্বনামধন্য লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ বিৰুদ্ধেও যি কটূক্তি কৰিলে সেই কথাটোত মই উত্তেজিত হ’লো, ৰূষ্ট হ’লো, ক্ৰোধান্বিত হ’লো’।” এইদৰে কয় চক্ৰবৰ্তীয়ে।

তেওঁ প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদ আৰু ৰচুল হক বাহাদুৰৰ মন্তব্যতো ক্ষোভ ব্যক্ত কৰি কয় যে তেওঁলোকৰ নিচিনা এচাম বাঙালী হিন্দু বা মুছলমান মানুহে অসমীয়া মানুহৰ উদাৰতা আৰু সহনশীলতাৰ ওপৰত ভৰ দি অসমীয়া মানুহক অন্যায় কৰি অহা বুলি মন্তব্য কৰে। তেওঁলোকৰ এনে অসমীয়া বিৰোধী মন্তব্যৰ দ্বাৰা ৰাষ্ট্ৰীয় ঐক্য সাধনতো যথেষ্ট ক্ষতি সাধন কৰিব বুলি তেওঁ কয়।

“আমাৰ যদি সক্ষম চৰকাৰ থাকিলে হেঁতেন, তেতিয়া হ’লে তপোধীৰ ভট্টাচাৰ্য জাতীয় মানুহবিলাকক আইন অনুসৰি কাৰাগাৰলৈ পঠিয়ালে হেঁতেন।” এইদৰে বিজেপি নেতৃত্বাধীন চৰকাৰখনকো কটাক্ষ কৰে চক্ৰবৰ্তীয়ে।

তেওঁ লগতে অখিল গগৈক সাধাৰণ এটা অপৰাধতে ফাটেকত ৰখা বুলি মন্তব্য কৰি তাৰ বিপৰীতে তপোধীৰ ভট্টাচাৰ্য, ছিদ্দিক আহমেদ জাতীয় মানুহবোৰে অসম বিৰোধী আৰু অসমীয়া বিৰোধী মন্তব্য কৰাৰ পাছতো চৰকাৰ বা ৰাইজে প্ৰতিবিধান নলোৱাটো দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে।

‘চিলেট আৰু মৈমনসিঙৰ মানুহে অসমৰ যথেষ্ট অপকাৰ কৰিছে’ বুলি আন এটা বিতৰ্কিত মন্তব্য কৰে সাংবাদিকজনে। তেওঁ কয় যে ব্ৰিটিছৰ দিনত অসমীয়া ভাষাৰ ঠাইত বঙলা ভাষাৰ ব্যবহাৰ কৰাৰ পৰা আৰম্ভ কৰি ব্ৰিটিছৰ দিনতে গুৱাহাটীত বিশ্ববিদ্যায় আৰু উচ্চ ন্যায়ালয় স্থাপন হ’বলগীয়া কথাত তেওঁলোকে বিধি-পথালি দিছিল।

একেখন সংবাদমেলতেই তেওঁ অসমীয়া মানুহৰ ভিতৰত অসমৰ বাহিৰৰ কাকত বা আলোচনীত অসম সম্পৰ্কে লিখা মানুহ নাই বুলি আক্ষেপ প্ৰকাশ কৰি কয় যে ইংৰাজীত দখল থকা অসমীয়া অৰূপ দত্তৰ বাহিৰে কোনেও বাহিৰৰ কাকত-আলোচনীত নিলিখে।

এই প্ৰসংগতে তেওঁ পূৰ্বৰ দৰেই বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোহাঁইক আক্ৰমণৰ লক্ষ্য কৰি লয়। তেওঁ কয়, “হীৰেন গোহাঁই কেম্বব্ৰিজৰ পি এইচ্ছ ডি হৈ যিবিলাক সৰু-সুৰা কথা লিখি থাকে সেইবিলাক যিকোনো কলেজৰ অধ্যাপক বা যিকোনো সাধাৰণ পি এইচ্ছ ডিয়েই লিখিব পাৰে। তেওঁ কেম্বব্ৰিজৰ পি এইচ্ছ ডি হৈ শংকৰদেৱ, লাচিত বৰফুকন, আহোম প্ৰশাসনক পৃথিৱী বিখ্যাত কৰিব লাগিছিল কিন্তু তাৰ সলনি তেওঁ দীঘলীপুখুৰীৰ কাছকেইটাৰ সম্পৰ্কে লিখে।”

তেওঁ লগতে হৰেকৃষ্ণ ডেকা, দেৱেন দত্তয়ো অসমৰ বাহিৰত অসমৰ নাম উজলাব পৰাকে কোনো লেখা-মেৱা কৰা নাই বুলি মন্তব্য কৰে।

অৱশ্যে অসমীয়া ক’ব নোৱাৰিলেও অসমক মাতৃ বুলি ভবা আৰু অসমৰ খিলঞ্জীয়াৰ প্ৰতি সুহৃদ বাঙালীসকলক তেওঁ আমাৰ বন্ধু বুলি অভিহিত কৰে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd