NORTHEAST NOW (Assamese)

তামুলপুৰত পথ দুৰ্ঘটনা : প্ৰধান শিক্ষকৰ কৰুণ মৃত্যু

April 10, 2018 7:47 am · দীপক কুমাৰ পাঠক
প্ৰতিনিধিত্বমূলক ফটো

বাগছা জিলাৰ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত নোৱাখাত গাঁৱৰ কৰ্ণেল চৰেণ (৫৫) নামৰ প্ৰধান শিক্ষকজন যোৱা নিশা প্ৰায় ৯.৩০ বজাত তামুলপুৰ-নাগ্ৰীজুলি পথত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত মৃত্যু হয়।

জানিব পৰা মতে প্ৰধান শিক্ষক কৰ্ণেল চৰেণে যোৱা নিশা নাগ্ৰজুলিৰ সমীপৱৰ্তী টেবিতলাত এখন বিয়াত অংশ লৈ নিজ মটৰ চাইকেলেৰে নিজৰ ঘৰলৈ গৈ থাকোতে তামুলপুৰ-নাগ্ৰীজুলি পথৰ লাউপাৰা চ’কত এক পথ দুৰ্ঘটনাত পতিত হয়।

উল্লেখ্য যে নাগ্ৰীজুলি আৰক্ষী থানাৰ বিষয়া নিখিল সিঙৰ তৎপৰতা আৰু স্থানীয় লোকৰ সহযোগিতাত লগে লগে শিক্ষকজনক তামুলপুৰ প্ৰাথমিক চিকিৎসালয়লৈ অনা হয়। কিন্তু চিকিৎসকে পৰীক্ষা-নিৰীক্ষা কৰি শিক্ষকজনক মৃত বুলি ঘোষণা কৰে।

প্ৰধান শিক্ষকজনৰ মৃত্যুত পৰিয়ালৰ লোক, স্থানীয় বাসিন্দাৰ লগতে ছাত্ৰ-ছাত্ৰীসকল যথেষ্ট মৰ্মাহত হোৱা পৰিলক্ষিত হৈছে। শিক্ষকগৰাকীক শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰাৰ বাবে অসংখ্য গুণমুগ্ধই ভিৰ কৰেহি তেওঁৰ বাসগৃহ।

আনহাতে সম্পূৰ্ণ খ্ৰীষ্টান ধৰ্মৰ ৰীতি-নীতিৰে প্ৰধান শিক্ষক কৰ্ণেল চৰেণৰ শেষকৃত্য সম্পন্ন কৰা হয়।

ইফালে কি কাৰণত দুৰ্ঘটনাটো সংঘটিত হ’ল সেই কথা এতিয়াও পোহৰলৈ অহা নাই যদিও এই ক্ষেত্ৰত আৰক্ষীয়ে তদন্ত চলায় থকা বুলি জানিবলৈ দিয়ে।

Related News