তিনিদিন অতিক্ৰম কৰিলে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ আমৰণ অনশনে। ইয়াৰ পাছতো জনগোষ্ঠীটোৰ দাবীসমূহক ন্যায্যতা প্ৰদান আৰু সমস্যা সমূহৰ সমাধানৰ ক্ষেত্ৰত চৰকাৰে গা এৰা দিয়া মনোভাব প্ৰকাশ কৰাৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৰ নেতৃবৃন্দই।
উল্লেখযোগ্য যে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই যোৱা ২০ জুলাইৰ পৰাই মহানগৰীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত আমৰণ অনশন কৰি আছে। চুতীয়া জনগোষ্ঠীৰ জনজাতিকৰণ, বগীবিল দলঙৰ নাম ‘বীৰংগনা সাধনী সেঁতু’ হিচাপে নামাকৰণ আৰু আৰু বীৰংগনা সাধনী দিৱসৰ দিনটো ৰাজ্য চৰকাৰৰ চৰকাৰী বন্ধ ঘোষণা কৰাৰ দাবীত ছাত্ৰ সংগঠনটোৱে এই কাৰ্যসূচী অব্যহত ৰাখিছে।
আজি ২২ জুলাইৰ বিয়লি অনশনস্থলীতেই সংগঠনটোৱে এখন সংবাদমেল সম্বোধন কৰি চৰকাৰে জনগোষ্ঠীটোৰ দীৰ্ঘদিনীয়া দাবীসমূহ মানি নোলোৱা পৰ্যন্ত সংগঠনটোৱে অনশন কাৰ্যসূচী প্ৰত্যাহাৰ নকৰে বুলি জানিবলৈ দিয়ে।
সংবাদমেলত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা জ্যোতিপ্ৰসাদ চুতীয়াই জানিবলৈ দিয়ে যে কালি অসম চৰকাৰৰ প্ৰতিনিধি হিচাপে ছাত্ৰ আৰু যুৱ কল্যাণ বিভাগৰ সদস্য সচিব লক্ষ্য কোঁৱৰ অনশনস্থলীত উপস্থিত হৈ মুখ্য মন্ত্ৰীৰ প্ৰধান ব্যক্তিগত সচিব মৃগেশ নাৰায়ণ বৰুৱাৰ স্বাক্ষৰিত এখন প্ৰত্ৰ প্ৰেৰণ কৰে। তেওঁ জনোৱা মতে পত্ৰখনত সংগঠনটোৰ দাবী সম্পৰ্কত ‘মুখ্য মন্ত্ৰীৰ লগত আলোচনাৰ অৰ্থে অহা আগষ্ট মাহৰ প্ৰথম পষেকত এটি দিন ধাৰ্য কৰা হ’ব’ বুলি উল্লেখ আছে। কিন্তু আলোচনাৰ কোনো স্পষ্ট তাৰিখ নথকা এখন পত্ৰত তেওঁলোক আশ্বস্ত হ’ব পৰা নাই বুলি মন্তব্য কৰে।
তেওঁ লগতে কয়, “ইয়াৰ পূৰ্বে যোৱা এপ্ৰিল মাহতেই যোৰহাটত আমি অনশন কাৰ্যসূচী গ্ৰহণ কৰিছিলো। তেতিয়া অসম চৰকাৰৰ প্ৰতিনিধি হিচাপে মন্ত্ৰী ৰঞ্জিত দত্তৰ উপস্থিতিত যোৱা ১৯ এপ্ৰিলত যোৰহাটৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত বৈঠকত আমাৰ দাবীসমূহ সন্দৰ্ভত মুখ্য মন্ত্ৰীৰ সৈতে দুমাহৰ ভিতৰত আলোচনা অনুষ্ঠিত কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু সেই দুমাহ সময় উকলি যোৱাৰ পাছত এতিয়া আকৌ কোনো ধৰণৰ স্পষ্ট তাৰিখ উল্লেখ নকৰাকৈ চিঠি এখন প্ৰেৰণ কৰিছে। ইয়াতেই চৰকাৰৰ সদিচ্ছাৰ যে অভাৱ আৰু আমাৰ দাবীসমূহক লৈ চৰকাৰে যে ল’ৰা ধেমালি কৰি আছে সেয়া স্পষ্ট হৈ পৰিছে।”
ইয়াৰ উপৰিও জ্যোতিপ্ৰসাদ চুতীয়াই বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কেৱল প্ৰতাৰণাৰ ৰাজনীতি কৰি অহা বুলি কঠোৰ ভাষাৰে সমালোচনা কৰে। তেওঁ কয়, “আমি আলোচনাৰ নামত আলোচনা নিবিচাৰো। আমাৰ দাবীসমূহৰ এটা স্থায়ী সমাধান বিচাৰো। কিন্তু চৰকাৰে ইয়াৰ বিপৰীতে বিষয়টোৰ পৰা গা এৰা দিয়া মনোভাবহে প্ৰকাশ কৰিছে। তেওঁলোকে আমাক বাৰম্বাৰ প্ৰতাৰণা কৰি আহিছে।”
সংবাদমেলত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি ক্ষীৰোদ শইকীয়াই জনজাতিকৰণ সন্দৰ্ভত চৰকাৰৰ স্থিতিক লৈ অসন্তুষ্টি ব্যক্ত কৰে। তেওঁ লগতে সদৌ অসম ট্ৰাইবেল সংঘ আৰু আন কেইবাটাও জনজাতীয় সংগঠনৰ নেতাই নতুনকৈ ছয় জনগোষ্ঠীৰ জনজাতিকৰণত বিৰোধিতা কৰা বিষয় সন্দৰ্ভত কয়, “চুতীয়া জনগোষ্ঠীক জনজাতিৰ মৰ্য্যাদা প্ৰদানৰ ক্ষেত্ৰত সমৰ্থন আগ বঢ়াই ১৯৮১ চনতেই সদৌ অসম ট্ৰাইবেল সংঘই প্ৰস্তাৱ গ্ৰহণ কৰিছিল কিন্তু এতিয়া তেওঁলোকে ওলোটা খৰ মাৰিছে।” লগতে চুতীয়াসকলক জনজাতিকৰণৰ ক্ষেত্ৰত পূৰ্বে সদৌ গুৱাহাটী মিচি কেবাং আৰু সদৌ অসম দেউৰী সন্মিলনেও সমৰ্থন আগ বঢ়াইছিল বুলি জানিবলৈ দিয়ে।
একেখন সংবাদমেলতেই চুতীয়া যুৱ সন্মিলন, অসমৰ উপদেষ্টা নৃপেন শইকীয়াই জনজাতিকৰণৰ বিষয়টোত কেন্দ্ৰীয় চৰকাৰে চুতীয়া সকলকে ধৰি ছয় জনগোষ্ঠীক চৰম প্ৰতাৰণা কৰা বুলি মন্তব্য কৰে। তেওঁ লগতে কয়, “জনজাতিকৰণৰ বিষয়টোক লৈ গঠন কৰা মডেলিটি কমিটীয়ে প্ৰতিবেদন দাখিল কৰাটো দূৰৈৰে কথা। এতিয়ালৈকে প্ৰতিবেদনৰ এটা আখৰো লিখা নাই। বিজেপিয়ে কেৱল নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ জনজাতিকৰণৰ ভুৱা প্ৰতিশ্ৰুতি দিছিল।”
ইয়াৰ উপৰি সংবাদমেলত জনগোষ্ঠীয় ছাত্ৰ সংগঠনটোৱে আনাগত দিনত বিজেপি দলক প্ৰতিটো নিৰ্বাচনত যোগ্য প্ৰত্যুত্তৰ দিয়াৰো হুংকাৰ দিয়ে।