তেজপুৰত কুকি লিবাৰেচন ফ্ৰণ্টৰ ৬ জন সদস্যৰ অস্ত্ৰ-শস্ত্ৰসহ আত্মসমৰ্পণ

শুকুৰবাৰে কুকি লিবাৰেচন ফ্ৰণ্ট (কে এল এফ)ৰ ৬ জন সদস্যই তেজপুৰৰ নিৰাপত্তা বাহীনিৰ ওচৰত বহু অস্ত্ৰ-শস্ত্ৰসহ আত্মসমৰ্পণ কৰে।

অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা এক বিবৃতিৰ জৰিয়তে জনোৱা অনুসৰি কে এল এফৰ সদস্য কেইজনে এক গোপন স্থানত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে।

লগতে বিবৃতিটোত আৰু জনোৱা অনুসৰি আত্মসমৰ্পণকাৰী কে এল এফৰ সদস্য কেইজনে আৰক্ষীৰ ওচৰত জমা দিয়া অস্ত্ৰ-শস্ত্ৰ সমূহৰ ভিতৰত আছিল চাৰিটা এ কে ছিৰিজৰ ৰাইফল, তিনিটা ১২ ব’ৰ ৰাইফলচ, দুটা ৭.৬৫ পিষ্টল, এটা এম ১৬, ৭.৬২ এছ এল আৰ, পইণ্ট ২২ ৰাইফল আৰু দুটা গ্ৰেণেড।

তাৰোপৰি ৫.৫৬ এম এমৰ ১০৪ ৰাউণ্ড, ৭.৬৫ ৰ ২৫৬ ৰাউণ্ড, ৭.৬২ এম এমৰ ১০৭ ৰাউণ্ড, পইণ্ট ২২ৰ ৪৪ ৰাউণ্ড, ১২ ব’ৰৰ ১১ ৰাউণ্ড, ৭.৬৫ পিষ্টলৰ ১২ ৰাউণ্ড সজীৱ গুলীৰ লগতে তিনি ৰাউণ্ড এইচ ই ডি পি কাৰ্টিজ আত্মসমৰ্পণকাৰী সদস্য কেইজনে জমা দিয়ে।

আৰক্ষী বিষয়াই জনোৱা অনুসৰি এই আত্মসমৰ্পণকাৰী বিদ্ৰোহী কেইজনক কেন্দ্ৰীয় গৃহ দপ্তৰৰ দ্বাৰা ঘোষিত উত্তৰ-পূবৰ বিদ্ৰোহীৰ আত্মসমৰ্পণ আৰু পুনঃসংস্থাপনৰ আঁচনিৰ অধীনত পুনঃসংস্থাপন কৰা হ’ব।