ত্রিপুৰাক সংযোগ কৰিব কামাখ্যা বাংগালুৰ হমছফৰ এক্সপ্ৰেছে

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ এজন বিষয়ববীয়াই জনোৱা অনুসৰি বৰাক উপত্যকাৰ বদৰপুৰ হৈ আগৰতলালৈকে যাত্ৰা পথ বৃদ্ধি কৰা কামাখ্যা-বাংগালুৰ হমছফৰ এক্সপ্ৰেছৰ বৃহস্পতিবাৰে আগৰতলাত শুভাৰম্ভ হ’ব।

১৪ টা দবাযুক্ত ৰেইলখনে বৃহস্পতিবাৰে পুৱা ৫ বজাত আগৰতলাৰ পৰা বাংগালুৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিব। বিষয়াজনে জনোৱা অনুসৰি আগৰতলা আৰু গুৱাহাটীৰ মাজত ৰেইলখন ৭ টা ষ্টেচনত ৰ’ব।

উক্ত আগৰতলা-বাংগালুৰ ৰেইলখন ৰ’ব লগা ষ্টেচন সমূহ হ’ল আম্বাচা, ধৰ্মনগৰ, নিউ কৰিমগঞ্জ, বদৰপুৰ, নিউ হাফলং, লামডিং আৰু গুৱাহাটী। ৰেইলখনত থাকিব জাৰ্মান  Linke Hofmann Busch প্ৰতিষ্ঠানে ভাৰতত নিৰ্মাণ কৰা চিচি টিভি কেমেৰা, বায়’টইলেট, চাহ, কফি আৰু গাখীৰৰ মেচিন, ঘোষণা ব্যৱস্থা, ষ্টেচন আৰু ৰেলৰ গতি প্ৰদৰ্শনকাৰী এল ই ডি পৰ্দা আদি সুবিধাযুক্ত তিনিখলপীয়া বাতানুকুল দবা।

হমছফৰ এক্সপ্ৰেছ হ’ব ত্ৰিপুৰাৰ সৈতে দক্ষিণ ভাৰতক সংযোগ কৰা প্ৰথমখন ৰেইল।

উত্তৰ পূব সীমান্ত ৰেলৱেৰ সূত্ৰই জনোৱা অনুসৰি আগৰতলাৰ পৰা ৰেইখনে যাত্ৰা আৰম্ভ কৰাৰ পিছতহে ইয়াৰ চলাচলৰ সাপ্তাহিক সূচী চূড়ান্ত কৰা হ’ব।