নতুন দিল্লীত বুধবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত এবছু, পিপুলছ জইন্ট একশ্যন কমিটি ফৰ বড়োলেণ্ড (পি জে এ চি বি এম) আৰু ৰাজ্য চৰকাৰৰ প্ৰতিনিধিৰ মাজত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হৈ যায়।
ত্ৰিপাক্ষিক বৈঠকখনত কেন্দ্ৰীয় গৃহ সচিব ৰাজীব গৌবা, আভ্যন্তৰীণ সুৰক্ষাৰ বিশেষ সচিব ৰীণা মিট্টাল, উত্তৰ-পূবৰ দায়িত্বত থকা যুটীয়া সচিব সত্যেন্দ্ৰ গাৰ্গ উপস্থিত থকাৰ বিপৰীতে ৰাজ্য চৰকাৰক প্ৰতিনিধিত্ব কৰে জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতা, মুখ্য সচিব টি ৱাই দাস, আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া আৰু বিশেষ শাখাৰ আৰক্ষী সঞ্চালক প্ৰধান পল্লৱ ভট্টাচাৰ্যই।
আনহাতে, ১৫ জনীয়া বড়ো প্ৰতিনিধি দলটোত আছিল এবছুৰ সভাপতি প্ৰমোদ বড়ো, সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰী, পি জে এ চি বি এমৰ মুখ্য আহ্বায়ক ৰাকেশ বড়ো, প্ৰাক্তন সাংসদ ছানছুমা খুংগুৰ বিছমুতিয়াৰী আৰু ইউ জি ব্ৰহ্মকে ধৰি অন্যান্য নেতাসকল।
ত্ৰিপাক্ষিক বৈঠকৰ পিছত এবছুৰ সভাপতি প্ৰমোদ বড়োৱে সাংবাদিকৰ আগত কয় যে তেওঁলোকে বড়ো সমস্যাটোৰ এটা স্থায়ী সমাধান বিচাৰে। বিজেপি চৰকাৰে সমস্যাটো সমাধানৰ প্ৰতিশ্ৰুতি দিছিল যদিও বিগত চাৰি বছৰে কোনো সমাধান সূত্ৰ ওলোৱা নাই। শেহতীয়াকৈ গৃহমন্ত্ৰী পৰ্যায়ত চৰকাৰে লোৱা পদক্ষেপত সন্তুষ্টি প্ৰকাশ কৰি বড়োৱে চৰকাৰে এটা ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে বুলি কয়।
কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ দাবী বিবেচনা কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে ভৱিষ্যতেও সফল বৈঠকৰ আয়োজন কৰাৰ প্ৰতিশ্ৰুতি দিছে।
ইপিনে আগন্তুক সাধাৰণ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰই পুনৰ ত্ৰিপাক্ষিক বৈঠক আৰম্ভ কৰিছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত বড়োৱে ইয়াক এটা ৰাজনৈতিক বিষয় বুলি উল্লেখ কৰি তেওঁলোকে সমস্যাটোৰ এটা ৰাজনৈতিক সমাধান বিচাৰিছে বুলি মন্তৱ্য কৰে।
আনহাতে, ৰাজ্য চৰকাৰৰ প্ৰতিনিধি জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাই ত্ৰিপাক্ষিক বৈঠকত বড়োলেণ্ড অঞ্চলত গ্ৰহণ কৰা উন্নয়নমূলক কাম কাজৰ আলোচনা কৰা বুলি জানিবলৈ দিয়ে। তেওঁ কয় যে বড়ো জনগোষ্ঠীৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ দায়বদ্ধ আৰু অঞ্চলটোত শান্তি অব্যাহত থকাটো তেওঁলোকে বিচাৰে। ইপিনে বড়োসকলৰ পৃথক ৰাজ্যৰ মূল দাবীটো সম্পৰ্কত কোনো মন্তব্য কৰাৰ পৰা বিৰত থাকে কলিতাই।