ত্ৰিপুৰাৰ উনাকটি জিলাত BSFৰ বিনামূলীয়া স্বাস্থ্য শিবিৰ

UNAKOTI-HEALTH-CAMP-

সজাগতা বৃদ্ধিৰ লক্ষ্যৰে সীমান্ত সুৰক্ষা বাহিনী(BSF)ৰ ৫৫নং বেটালিয়নৰ এটা গোটে ত্ৰিপুৰাৰ উনাকটি জিলাত আয়োজন কৰে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ। জিলাখনৰ কৈলাচহৰ মহকুমাৰ অন্তৰ্গত ইৰানী গাঁৱত বুধবাৰে এই শিবিৰটোৰ আয়োজন কৰে বেটেলিয়নৰ গোটটোৱে।

গাঁৱবাসীৰ বাবে বিনামূলীয়াকৈ আয়োজন কৰা স্বাস্থ্য শিবিৰটো ৰাতিপুৱা ১০ বজাৰ পৰা আবেলি ৪ বজালৈ BSFৰ চিকিৎসকৰ উপৰি বহতো অভিজ্ঞ চিকিৎসকৰ দলে সেৱা আগবঢ়াই।

উল্লেখ্য যে এই স্বাস্থ্য শিবিৰটোৰ পৰা অঞ্চলটোৰ প্ৰায় ৩৮৫ জন লোকে বিনামূলীয়াকৈ চিকিৎসা গ্ৰহণ কৰাৰ লগতে ঔষধ-পাতিয়ো লাভ কৰিবলৈ সক্ষম হয়।

BSFয়ে গ্ৰাম্যাঞ্চলৰ যি সকল লোক চিকিৎসাৰ পৰা বঞ্চিত হৈ আছে সেইলোকসকলৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ উদ্দেশ্যে এই শিবিৰটোৰ আয়োজন কৰিছিল। BSFয়ে লোৱা এনে গঠনমূলক কাৰ্যত উক্ত গাঁৱৰ বাসিন্দাই যথেষ্ট উৎফুল্লিত হোৱাৰ লগতে তেওঁলোকক অশেষ ধন্যবাদো জনায়।

শিবিৰটোৰ সময়ত BSFৰ ৫৫নং বেটালিয়নৰ কামাণ্ডেণ্ট আৰ কে ধ্যানকৰে সংবাদ মাধ্যমৰ আগত কয় যে এনেধৰণৰ স্বাস্থ্য শিবিৰে চিকিৎসা নোপোৱা গাঁৱৰ লোকসকলৰ মুখলৈ একাজলি হাঁহি বিৰিঙাই।

সীমান্ত সুৰক্ষা বাহিনী আৰু সৰ্বসাধাৰণ ৰাইজৰ মাজত যে এক সু-সম্পৰ্ক আছে সেয়া পুনৰ প্ৰমাণ কৰি দেখুওৱালে এই বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰটোৰ জৰিয়তে।