এক বিশেষ সূত্ৰৰ পম খেদি ত্ৰিপুৰা আৰক্ষীয়ে আজি ৰাজ্যখনৰ খোৱাই জিলাৰ পৰা নিষিদ্ধ নিচাযুক্ত ব্ৰাউন ছুগাৰ আৰু য়াবা টেবলেতসহ তিনিজন লোকক আটক কৰে।
এই সম্পৰ্কত খোৱাই জিলাৰ আৰক্ষী অধীক্ষক কৃষ্ণানডো চক্ৰবৰ্তীয়ে কয়, ‘আজি পুৱা জিলা উপ আৰক্ষী অধীক্ষক বিনয় দেববৰ্মাৰ পৰা পোৱা খবৰৰ ভিত্তিত আমি চাম্পাহাৰ অঞ্চলত এক ফান্দ পাতি সাধাৰণ লোকৰ বেশত গৈ এখন গাড়ীত তালাচি চলাই ব্ৰাউন ছুগাৰ আৰু য়ুবা টেবলেত জব্দ কৰো।‘
এই সংক্ৰান্তত তিনিজন লোকক আটক কৰা হয় বুলি সদৰী কৰি তেওঁ ধৃত লোককেইজনক দীপাংকৰ দাস, কৃষ্ণ মালাকাৰ আৰু প্ৰহ্লাদ বিশ্বাস বুলি জানিবলৈ দিয়ে।
উল্লেখযোগ্য যে জিলাখনত ১৫তকৈ দিনৰ ভিতৰতে ব্ৰাউন ছুগাৰ উদ্ধাৰ কৰা এইটো দ্বিতীয়টো ঘটনা।
ত্ৰিপুৰা আৰক্ষীয়ে ৰাজ্যখনক ড্ৰাগছ আৰু দুৰ্নীতিমুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে বিশেষ পদক্ষেপ হাতত লোৱা দেখা গৈছে। যোৱা তিনি মাহত আৰক্ষীয়ে ৰাজ্যখনৰ বিভিন্ন স্থানৰ পৰা বৃহৎ পৰিমাণৰ কফ চিৰাপৰ বটল, গাঞ্জা আৰু নিচাযুক্ত টেবলেট উদ্ধাৰ কৰিছে।