NORTHEAST NOW (Assamese)

ত্ৰিপুৰাৰ ধৰ্মনগৰত বৃহৎ পৰিমাণৰ সুৰা জব্দ

March 16, 2018 2:00 pm · পান্না ঘোষ

অবৈধ সুৰাৰ বিৰুদ্ধে চলোৱা এক অভিযানত আজি ত্ৰিপুৰাৰ ধৰ্মনগৰ আৰক্ষীয়ে বৃহৎ পৰিমাণৰ সুৰা জব্দ কৰিবলৈ সক্ষম হয়। ধৰ্মনগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বেনুমাধৱ দে’ৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে ধৰ্মনগৰ পূব বজাৰ এলেকাৰ পৰা উক্ত সুৰাখিনি জব্দ কৰে।

প্ৰাপ্ত তথ্য মতে এক গোপন সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত আৰক্ষী দলটোৱে জব্দ কৰা সুৰাখিনিৰ বজাৰ মূল্য ৫ লাখ টকাতকৈ অধিক হ’ব।

আনহাতে আৰক্ষীয়ে ৰাজনগৰ অঞ্চলত থকা এটা সুৰা প্ৰস্তুত কৰা কাৰখানাও জব্দ কৰে বুলি আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিয়ে।

সাংবাদিকৰে হোৱা এক কথা-বাৰ্তাত ভাৰপ্ৰাপ্ত বিষয়া বেনুমাধব দেয়ে আগন্তুক দিনত অবৈধ সুৰাৰ লগতে জুৱাকে ধৰি সকলো ধৰণৰ অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে তীব্ৰ অভিযান চলোৱা হ’ব বুলি সদৰী কৰে।

আনহাতে স্থানীয় ৰাইজে আৰক্ষীৰ এই সুৰা বিৰোধী অভিযানক প্ৰশংসা কৰে।

Related News