• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ত্ৰিপুৰাৰ ছাত্ৰক হত্যা, ডেৰাডুন জিলা দণ্ডাধীশ আৰু আৰক্ষীলৈ জাননী ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 30, 2025 1:18 pm
24
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্ণ বিদ্বেষৰ বলি হৈ ডেৰাডুনত মৃত্যু হয় ত্ৰিপুৰাৰ ছাত্ৰ এঞ্জেল চাকমাৰ। গণ প্ৰহাৰৰ উপৰিও এদল দুষ্কৃতিকাৰীয়ে তেওঁক ছুৰীকাঘাত কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। এইবাৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে এই ঘটনাত ডেৰাডুন জিলা দণ্ডাধীশ আৰু এছ এছ পিলৈ জাননী প্ৰেৰণ কৰিছে।

জানিব পৰা মতে, ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সদস্য প্ৰিয়াংক কানুনগোৰ নেতৃত্বত গঠিত বিচাৰপীঠে ১৯৯৩ চনৰ মানৱ অধিকাৰ সুৰক্ষা আইনৰ ১২ নং ধাৰাত শুনানি গ্ৰহণ কৰি আছে।

Apply Now

এজাহাৰত উল্লেখ কৰা হৈছে যে ত্ৰিপুৰাৰ ছাত্ৰজনক ডেৰাডুনত “বৰ্ণবাদী আক্ৰমণ কৰি উদ্দেশ্য প্ৰণোদিতভাৱে” নৃশংসভাৱে হত্যা কৰা হৈছিল। অভিযোগত দাবী কৰা হৈছে যে এই ঘটনাই মৃত ছাত্ৰজনৰ জীৱন আৰু সমতাৰ অধিকাৰ খৰ্ব কৰিছে।

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে ডেৰাডুন প্ৰশাসনক সকলো অভিযোগৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিছে। লগতে সাত দিনৰ ভিতৰত ঘটনা সন্দৰ্ভত এক ব্যৱস্থা গ্ৰহণ কৰা প্ৰতিবেদন দাখিল কৰিবলৈও কৈছে। আয়োগে এই গোচৰৰ প্ৰতিবেদনৰ প্ৰতিলিপি উত্তৰাখণ্ডৰ মুখ্য সচিব আৰু আৰক্ষীৰ ডিজিপিলৈ প্ৰেৰণ কৰাৰো নিৰ্দেশ দিছে।

এই ঘটনাত কংগ্ৰেছৰ সাংসদ শশী থাৰুৰ সৰৱ হৈছে। থাৰুৰে নিজৰ এক্স হেণ্ডেলত লিখিছে, “এয়া কোনো বিচ্ছিন্ন কাণ্ড নহয়। দেশৰ বাবে এইটো এটা লজ্জাজনক অধ্যায়। আমি এনে এখন সমাজ গঢ়ি তুলিব লাগিব য’ত কোনো ভাৰতীয়ই যাতে বিদেশী অনুভৱ নকৰে।”

তেওঁ লগতে লিখিছে, “সকলো বিদ্যালয়তে ভাৰতীয় ইতিহাস আৰু সংস্কৃতিৰ শিক্ষা দিয়া উচিত। সংবাদ মাধ্যমেও উত্তৰ-পূব ভাৰতৰ জনসাধাৰণক মৰ্যাদা দিব লাগে। কোনো পক্ষপাতিত্ব হ’ব নালাগে। ৰাজনৈতিক নেতাসকলে মাত মাতিব লাগে। মনত ৰাখিব, মৌনতা মানে অপৰাধক সহ্য কৰা।”

কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে কয়, “ডেৰাডুনত এঞ্জেল চাকমা আৰু তেওঁৰ ভাতৃ মাইকেলৰ লগত যি হ’ল সেয়া এক ভয়ংকৰ অপৰাধ। ঘৃণা এৰাতিৰ ভিতৰতে প্ৰকাশ নাপায়। বছৰ বছৰ ধৰি বিশেষকৈ যুৱক-যুৱতীসকলৰ মাজত প্ৰতিদিনে বিষাক্ত বিষয়বস্তু প্ৰচাৰ হৈ আছে। ঘৃণাত লিপ্ত হোৱা শাসকীয় বিজেপি নেতৃত্বই ইয়াক স্বাভাৱিক কৰি তুলিছে।”

তেওঁ লগতে কয়, “ভাৰত ভয় আৰু অত্যাচাৰৰ ওপৰত নহয়, সন্মান আৰু ঐক্যৰ ওপৰত প্ৰতিষ্ঠিত। আমি প্ৰেম আৰু বৈচিত্ৰ্যৰ দেশ। আমি এনে এখন মৃত সমাজ হ’ব নালাগে য’ত সহ-ভাৰতীয়সকলে আক্ৰমণৰ সন্মুখীন হ’লে আনফালে চাই থাকিব।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

July 15, 2026 6:54 pm
কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

July 15, 2026 6:32 pm
প্ৰকাশ পালে আৰুণি কাশ্যপৰ নতুন উপন্যাস ‘হাউ টু ডেট এ ফেনেটিক’

প্ৰকাশ পালে আৰুণি কাশ্যপৰ নতুন উপন্যাস ‘হাউ টু ডেট এ ফেনেটিক’

July 15, 2026 6:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

July 15, 2026 6:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd