মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক কেৰিয়াৰক সোণালী জখলা দিব পাৰে ত্ৰিপুৰাৰ নিৰ্বাচনে

Himanta

ত্ৰিপুৰাৰ বিধানসভা নিৰ্বাচনে দল হিচাপে বিজেপিক এটা ডাঙৰ ৰাজনৈতিক জয় দিলে। মাত্ৰ ৬০খন আসনৰ এখন সৰু ৰাজ্য হ’লেও ত্ৰিপুৰাত বিজেপি প্ৰথমবাৰৰ বাবে শাসনলৈ অহাটোৱে বিশেষ তাৎপৰ্য্য বহন কৰিছে। কাৰণ অহা ২০১৯ চনত হ’ব লগীয়া লোকসভা নিৰ্বাচনৰ বাবে এই ফলাফলে দলটোৰ মনোবল ভালেখিনি বৃদ্ধি কৰাৰ বিপৰীতে একেটা কাৰণতে মনোবল হ্ৰাস পাব বাওঁ দলবোৰৰ। লগতে কংগ্ৰেছৰো।

এইখিনিতে মন কৰিব লগীয়া কথা যে ত্ৰিপুৰাৰ নিৰ্বাচনী ফলাফলে বিজেপিক দল হিচাপে ডাঙৰ প্ৰাপ্তি দিয়াৰ সমানে এজন ৰাজনৈতিক নেতাৰ ৰাজনৈতিক ভৱিষ্যতক সুকীয়া স্তৰলৈ লৈ যোৱাৰ সম্ভাৱনাই দেখা দিছে।

এইজন আন কোনো নহয়, অসমৰ সুচতুৰ ৰাজনৈতিক নেতা তথা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, যিজনৰ কান্ধত আছিল ত্ৰিপুৰাৰ পৰা বাওঁমৰ্চাক উৎখাত কৰাৰ গধুৰ দায়িত্ব।

বাওঁমৰ্চাৰ নিকপকপীয়া দুৰ্গ হিচাপে খ্যাত ৰাজ্যখনত, গেৰুৱা ৰাজনীতিৰ কোনো অস্তিত্বই নাছিল, তাত দলটোক অভাৱনীয় বিজয় দিয়াটো ইমান সহজ নাছিল। কিন্তু এই অসম্ভৱ প্ৰায় কামটো কৰি এতিয়া ড০ হিমন্ত বিশ্ব শৰ্মা দলৰ সকলোৰে প্ৰশংসাৰ পাত্ৰ হোৱাৰ লগতে এজন নেতা হিচাপে তেওঁৰ গুৰুত্ব ভালেখিনি বৃদ্ধি কৰিলে।

মন কৰিব লগীয়া যে বিগত ২০১৩ চনৰ ত্ৰিপুৰা বিধানসভা নিৰ্বাচনত বিজেপিয়ে মাত্ৰ ১.৫৪ শতাংশ ভোটহে লাভ কৰিছিল। দলটোৰ ৫০ জন প্ৰাৰ্থীৰ ৪৯জনেই হেৰুৱাইছিল আমানতৰ ধন।

উল্লেখযোগ্য যে অসমত কংগ্ৰেছক ওফৰাই বিজেপিক শাসনলৈ অনাতো ড০ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ভূমিকা আছিল। তাৰ পিছতে অৰুণাচলৰ কংগ্ৰেছ শাসিত চৰকাৰত ভাঙোন আনি বিজেপিৰ চৰকাৰ বনোৱাতো ড০ শৰ্মাই প্ৰধান ভূমিকা লৈছিল।

একেদৰে যোৱা বছৰ অনুষ্ঠিত মণিপুৰ নিৰ্বাচন বিজেপিয়ে সংখ্যাগৰিষ্ঠতা নোপোৱা সত্ত্বেও ড০ হিমন্ত বিশ্ব শৰ্মাৰ কৌশলত সৰ্বাধিক আসন পোৱা কংগ্ৰেছ শাসনৰ বাঘজৰী লাভ কৰাৰ পৰা বঞ্চিত হৈছিল। ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰণা ক্ৰমে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ ২৪ ঘণ্টাৰ ভিতৰতে কেইবাজনো কংগ্ৰেছী বিধায়কে বিজেপিত যোগদান কৰিছিল, যাৰ ফলত বিজেপিয়ে এন পি পিৰ লগ হৈ চৰকাৰ গঠনৰ সুযোগ ল’ব পাৰিছিল।

এনেকুৱা কৌশলী ৰাজনীতিৰে ড০ হিমন্ত বিশ্ব শৰ্মাই দেশৰ শাসনত থকা ৰাষ্ট্ৰীয় দলটোৰ শীৰ্ষ নেতাসকলৰ মনোযোগ তথা গুৰুত্ব লাভ কৰি আহিছে। ত্ৰিপুৰাৰ দৰে প্ৰতিকূল ৰাজনৈতিক পৰিস্থিতিত ড০ হিমন্ত বিশ্ব শৰ্মাক দায়িত্ব দিয়াৰ কাৰণো আছিল সেয়ে। ত্ৰিপুৰাত ইতিমধ্যে বিজেপিয়ে চৰকাৰ গঠন কৰাটো নিশ্চিত কৰিছে।

এই পৰিপ্ৰেক্ষিতত ড০ হিমন্ত বিশ্ব শৰ্মাই নিশ্চয় ৰাষ্ট্ৰীয় ৰাজনীতিত এক সুকীয়া স্থান লাভ কৰাৰ সম্ভাৱনা আছে।